শুই শুই ডাঙৰ মানুহ হোৱাৰ সপোন কোনে নেদেখে৷ কিন্তু জানেনে আপোনাৰ টোপনিত দেখা কিছু বিশেষ দৃশ্যই প্ৰকৃততে আপোনাৰ ভাগ্য সলনিৰ আগন্তুক সংকেত! জ্যোতিষশাস্ত্ৰই কয় যে সকলো সপোন অলিক কল্পনা নহয়৷ অৱচেতন মনে মাজেমাজে এনে কিছু সংকেত দিয়ে যিয়ে দাৰিদ্ৰৰ অৱসান ঘটোৱাৰেই নিৰ্দেশ৷ বিশেষকৈ পাঁচবিধ সামগ্ৰী সপোনত দেখা মানেই আপোনাৰ ওপৰত মা লক্ষ্মীৰ বিশেষ কৃপা আহিছে৷ জানি থওক আপুনি সপোনত কি দেখাটো শুভ দিনৰ ইংগিত?
পানীৰে ভৰা কলহ
সপোনত হঠাৎ পানীৰে ভৰা কলহ দেখিছে? চমকি নুঠিব৷ শাস্ত্ৰমতে পানীৰে ভৰা কলহ হৈছে পূৰ্ণতা আৰু মঙ্গলৰ প্ৰতীক৷ এয়া দেখা মানেই আপোনাৰ ঘৰত অৰ্থাগম হ’বলৈ গৈছে৷ কেৱল টকা পইছাই নহয়, এই সপোনে আপোনাৰ জীৱনত মানসিক শান্তি আৰু অনাবিল সুখৰ বাৰ্তাও কঢ়িয়াই আনে৷
পদুমফুল
পদুমফুল মানেই শ্ৰীবৃদ্ধি৷ সপোনত যদি বাৰে বাৰে এই পবিত্ৰ ফুল দেখা পায় তেতিয়া জানিব আপোনাৰ কপাল এইবাৰ ফুলিবলৈ গৈছে৷ যিহেতু পদুম ফুল লক্ষ্মীদেৱীৰ আসন, সেয়ে এই আসন দেখা মানেই আপোনাৰ দীৰ্ঘদিনৰ ধাৰ বা বা পাবলগীয়া অৰ্থলাভৰ সময়৷ জীৱন ভৰি উঠিব প্ৰাচুৰ্যৰে৷ ভাগ্য সলনি কৰিবলৈ এই সপোন দেখিলে লক্ষ্মীদেৱীক এপাহ পদুম ফুল নিবেদন কৰিবলৈ নাপাহৰিব৷
ঝাড়ু মৰা
শুনিবলৈ অদ্ভুত লাগিলেও সপোনত যদি ঘৰ, চোতাল সৰা দেখা পাই তেন্তে সেয়া শুভ৷ ঝাড়ুৰে প্ৰকৃততে অলক্ষ্মীক বিদায় দিয়া হয়৷ সপোনত এয়া দেখাৰ অৰ্থ হৈছে আপোনাৰ জীৱনৰ সকলো নেতিবাচক বাধা এইবাৰ দূৰৈত যাব৷ উপাৰ্জনৰ পথত থকা সমস্যাসমূহ দূৰ হ’ব আৰু হাতলৈ আহিব অৰ্থ৷
বগা হাতী
সাধাৰণতে হাতী দেখাটো ভাগ্যৰেই কথা আৰু যদি সেই হাতীৰ গাৰ বৰণ বগা হয় আৰু সপোনত আপুনি দেখে তেন্তে সেয়া অতিকৈ শুভ৷ বগা হাতী হৈছে ক্ষমতা আৰু ৰাজকীয় ঐশ্বৰ্যৰ প্ৰতীক৷ জ্যোতিষীৰ মতে এই সপোন দেখাৰ কিছুদিনৰ ভিতৰত বৃহৎ অংকৰ ধন আপোনাৰ হাতলৈ আহিব পাৰে৷ বিলাসী জীৱনযাপনৰ সময় সমাগত৷
সোণৰ গহনা
সপোনত সোণৰ গহনা দেখাৰ অৰ্থ আপোনাৰ পকেটলৈ ধন অহাৰ ইংগিত৷ সোণ মা লক্ষ্মীৰ সৈতে যুক্ত৷ সেয়ে সপোনত সোণৰ অলংকাৰ বা মুদ্ৰা দেখাৰ অৰ্থ হৈছে আপুনি খুব শীঘ্ৰেই স্থাবৰ কোনো সম্পত্তিৰ মালিত হ’ব অথবা বেংকত ধন জমা কৰাৰ পৰিমাণ বাঢ়িব৷
সপোন প্ৰায়েই দেখো কিন্তু এই বিশেষ ৫টা সংকেত যদি আপোনাৰ সপোনত দেখা পায় তেন্তে জানিব সুদিন আহিবলৈ দেৰি নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















