পুনৰ শোকৰ খবৰ, একেলগে প্ৰাণ গ’ল ৬৬ গৰাকী লোকৰ, ইথিওপিয়াত হাহাকাৰ
পূৱ আফ্ৰিকাৰ দেশ ইথিওপিয়াত মৃত্যুৰ কিৰিলি। একেলগে প্ৰাণ হেৰুৱালে ৬৬ গৰাকী লোকে। ইথিওপিয়াৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক অতিকে ভয়ংকৰ পথ দুৰ্ঘটনাত। যি পথ দুৰ্ঘটনাতে মৃত্যু হয় ৬৬ জন লোকৰ। স্থানীয় স্বাস্থ্য বিভাগে সদৰি কৰে এই বিষয়ে।
স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি দক্ষিণ ইথিওপিয়াত সংঘটিত হৈছে এই দুৰ্ঘটনা। ৬৬ গৰাকীৰ মৃত্যু হোৱাৰ লগতে ৪ গৰাকী বৰ্তমানে সংকটজনক অৱস্থাত হাস্পতাত চিকিৎসধীন হৈ আছে।
এখন চাৰিচকীয়া বাহন আৰু যাত্ৰীৰে ভৰ্তি বাহন এখনৰ মাজত এই দুৰ্ঘটনা সংঘটিত হয়। সংঘৰ্ষৰ পিছতে দুয়োখন বাহন পথৰ কাষৰ এটা খালত বাগৰি পৰে। লগে লগে ঘটনাস্থলীত উপস্থিত অন্য লোকে উদ্ধাৰ অভিযান চলাই খালটোৰ পৰা লোকসকলৰ উলিয়াই আনে যদিও তেতিয়ালৈকে ৬৬ জন লোকৰ মৃত্যু হৈছিল।
ৰাজধানী আদিছ আবাবাৰ পৰা প্ৰায় ৩০০ কিলোমিটাৰ দূৰত্বত অৱস্থিত ছিদামা ৰাজ্যৰ বোনা জুৰিয়া ৱোৰেডাৰ গেলানা দলঙৰ পূব দিশত সংঘটিত হয় এই দুৰ্ঘটনা। চিদামা আঞ্চলিক স্বাস্থ্য ব্যুৰোৱে ফেচবুকত পোষ্ট কৰি এই দুৰ্ঘটনা নিশ্চিত কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ