• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গেংষ্টাৰ আতিক আহমেদ আৰু আছৰফক আৰক্ষীৰ সন্মুখতেই দুষ্কৃতিকাৰীৰ গুলী! থিতাতে নিহত আতিক আছৰফ, দুই গেংষ্টাৰৰ মৃত্যুৰ পাছতেই কি ক’লে মুখ্যমন্ত্ৰী যোগীয়ে?

গেংষ্টাৰ আতিক আহমেদ আৰু আছৰফক আৰক্ষীৰ সন্মুখতেই দুষ্কৃতিকাৰীৰ গুলী! থিতাতে নিহত আতিক আছৰফ, দুই গেংষ্টাৰৰ মৃত্যুৰ পাছতেই কি ক’লে মুখ্যমন্ত্ৰী যোগীয়ে?

4 years ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

মাহেকীয়াৰ ভয়ংকৰ পেটৰ বিষ? সহজ উপায়েৰে কৰক দূৰ

33 minutes ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ, জানক কোন কোন ৰাশি আছে তালিকাত

2 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

আজি ভাগ্যই দেখুৱাব ৰং! কেনে যাব ১২ ৰাশিৰ দিনটো?

2 hours ago
সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

13 hours ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

ধন-সম্পত্তিৰ পৰা প্ৰেমলৈ, কাইলৈৰ দিনটোত ভাগ্যৱান এইকেইটা ৰাশি?

13 hours ago
দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

14 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

২২ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো? ১২টা ৰাশিৰ ভাগ্যফল পঢ়ক

14 hours ago
হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

ধনেৰাচৰ পূৰ্বে হ্ৰাস সোণৰ মূল্য, গুৱাহাটীত কিমান দৰত ক্ৰয় কৰিব আপুনি?

15 hours ago
বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

16 hours ago
Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

17 hours ago
SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

18 hours ago
জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

গেংষ্টাৰ আতিক আহমেদ আৰু আছৰফক আৰক্ষীৰ সন্মুখতেই দুষ্কৃতিকাৰীৰ গুলী! থিতাতে নিহত আতিক আছৰফ, দুই গেংষ্টাৰৰ মৃত্যুৰ পাছতেই কি ক’লে মুখ্যমন্ত্ৰী যোগীয়ে?

editor by editor
April 16, 2023
in অপৰাধ, ভাৰত, ৰাজনীতি
0
গেংষ্টাৰ আতিক আহমেদ আৰু আছৰফক আৰক্ষীৰ সন্মুখতেই দুষ্কৃতিকাৰীৰ গুলী! থিতাতে নিহত আতিক আছৰফ, দুই গেংষ্টাৰৰ মৃত্যুৰ পাছতেই কি ক’লে মুখ্যমন্ত্ৰী যোগীয়ে?
0
SHARES
4.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ উত্তৰপ্ৰদেশৰ প্ৰয়াগৰাজত আৰক্ষীৰ সন্মুখতেই আততায়ীয়ে গুলীয়াই হত্যা কৰে ‘গেংষ্টাৰ’ আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আছৰফক। যোগী চৰকাৰে এই ঘটনাৰ বাবে বিভাগীয় তদন্ত ঘোষণা কৰিছে। প্ৰয়াগৰাজসহ উত্তৰপ্ৰদেশৰ সকলো জিলাতেই জাৰি কৰা হৈছে ১৪৪ ধাৰা। শনিবাৰে নিশা আতিক আৰু আছৰফক মেডিকেল পৰীক্ষা কৰাবৰ বাবে হাস্পতাললৈ লৈ গৈছিল আৰক্ষীয়ে। হাস্পতাললৈ সোমোৱাৰ সময়তে খোজকাঢ়ি যাওতে আতিক আৰু আছৰফক সাংবাদিকে প্ৰশ্নও কৰি আছিল। তেনেতেই হঠাতেই আতিকৰ মূৰত গুলী লাগে। লগে লগেই বাগৰি পৰে আতিক।

তাৰপাছতেই আছৰফকো ঘেৰি ধৰি গুলী চলাই দুষ্কৃতিকাৰীয়ে। থিতাতেই মৃত্যু হৈছে আতিক আৰু আছৰফৰ। আৰক্ষীয়ে ইতিমধ্যে তিনিগৰাকী দুষ্কৃতিকাৰীক আটক কৰিছে। ঘটনাস্থলীৰ পৰা পিষ্টলো উদ্ধাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে সন্দেহ কৰা অনুসৰি সাংবাদিকৰ ছদ্মবেশত আহিছিল দুষ্কৃতিকাৰী। আতিক আৰু আছৰফক হত্যা কৰাৰ পাছতেই ঘটনাস্থলীতেই ৰৈ আছিল তিনি হত্যাকাৰী।

শনিবাৰে পুত্ৰৰ শেষকৃতত উপস্থিত থকাৰ কথা জনাই কাৰাগাৰ কৰ্তৃপক্ষক এক আৱেদনো কৰিছিল আতিকে। কিন্তু অধিবক্তা মনীষ খান্নাই পিটিআইক জনোৱা অনুসৰি ১৪ এপ্ৰিল অম্বেদকাৰ জয়ন্তী উপলক্ষে ছুটি থকাৰ বাবে আতিকৰ আৱেদন মেজিষ্ট্ৰেটৰ কাষলৈ পঠিওৱা হয়। শনিবাৰে সেই আৱেদন মুখ্য বিচাৰবিভাগীয় মেজিষ্ট্ৰেটৰ কাষলৈ পঠিওৱা হয়। কিন্তু ইয়াৰ পূৰ্বেই আছাদৰ শেষকৃত সম্পন্ন হৈ যায়। আছাদ আছিল আতিকৰ তৃতীয় পুত্ৰ। উমেশ পাল হত্যাৰ অন্যতম অভিযুক্ত আছাদ আৰু তেওঁৰ সংগী গোলামৰ উত্তৰপ্ৰদেশ আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু হৈছে।

আনহাতে প্ৰয়াগৰাজৰ এই ঘটনাৰ পাছতেই উত্তৰপ্ৰদেশৰ আইনশৃংখলা পৰিস্থিতিক লৈ প্ৰশ্ন উত্থাপিত হৈছে। আতিকৰ দৰে গেংষ্টাৰক হাস্পতাললৈ মেডিকেল কৰাবলৈ নিওতে কিয় কটকটীয়া নিৰাপত্তা দিয়া হোৱা নাছিল বুলি প্ৰশ্ন কৰিছে সমাজবাদী পাৰ্টীৰ প্ৰধান অখিলেখ যাদৱেও। টুইটত অখিলেশ যাদৱে লিখিছে, ‘উত্তৰপ্ৰদেশৰ সাধাৰণ মানুহৰ নিৰাপত্তা ক’ত? মানুহৰ মাজত ভয়ৰ বাতাবৰণে দেখা দিছে। মোৰ মনে কৈছে, জানি বুজিয়েই এচামে এইধৰণৰ বাতাবৰণ সৃষ্টি কৰিছে।’

উল্লেখ্য যে গেংষ্টাৰ হোৱাৰ পাছত সমাজবাদী পাৰ্টীৰ সাংসদ হিচাপে আছিল আতিক। উত্তৰপ্ৰদেশৰ বিভিন্ন থানাত আতিকৰ বিৰুদ্ধে আছিল বহু গোচৰো। ২০০৫ চনত বি এছ পি বিধায়ক ৰাজু পালৰ হত্যাতো নাম সাঙোৰ খাইছিল আতিকৰ। ফেব্ৰুৱাৰীত ৰাজু খানৰ হত্যাৰ প্ৰত্যক্ষদৰ্শী উমেশ পালৰো হত্যকাণ্ডৰ মূল নায়ক আছিল আতিক।

বিগত বৃহস্পতিবাৰে আতিকৰ পুত্ৰ আছাদ আৰু তেওঁৰ সংগী গোলাম আৰক্ষীৰ এনকাউণ্টাৰত নিহত হৈছে। আছাদৰ মৃত্যুৰ পাছতেই আতিকক গুজৰাটৰ সাবৰমতী কাৰাগাৰৰ পৰা প্ৰয়াগৰাজ, প্ৰয়াগৰাজৰ পৰা সাৱৰমতীলৈ বদলী কৰা হৈছিল। আৰক্ষী সূত্ৰই দাবী কৰা অনুযায়ী পিতৃ আতিকক সাবৰমতীলৈ লৈ যোৱাৰ সময়ত আতিকক লৈ যোৱা কনভয়ত হামলা কৰাৰ পৰিকল্পনা কৰিছিল আছাদৰ গেঙে। ফলত কঠোৰ হৈ পৰিবলৈ বাধ্য হৈছিল আৰক্ষী বিভাগ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক
ভাৰত

ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

October 18, 2026
‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’
অসম

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

October 18, 2026
বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই
বিনোদন

বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

October 18, 2026
লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স
বিশ্ব

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

October 18, 2026
Next Post
সুপ্ৰভাত! দিনটোৰ আৰম্ভনিতেই জানি থওক কেইটামান গুৰুত্বপূৰ্ণ খবৰ

সুপ্ৰভাত! দিনটোৰ আৰম্ভনিতেই জানি থওক কেইটামান গুৰুত্বপূৰ্ণ খবৰ

সংগমত অনীহা! যৌনতাত আগ্ৰহ হেৰোৱাৰ আঁৰত কি কি কাৰণ লুকাই আছে?

সংগমত অনীহা! যৌনতাত আগ্ৰহ হেৰোৱাৰ আঁৰত কি কি কাৰণ লুকাই আছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.