• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গেংষ্টাৰ আতিক আহমেদ আৰু আছৰফক আৰক্ষীৰ সন্মুখতেই দুষ্কৃতিকাৰীৰ গুলী! থিতাতে নিহত আতিক আছৰফ, দুই গেংষ্টাৰৰ মৃত্যুৰ পাছতেই কি ক’লে মুখ্যমন্ত্ৰী যোগীয়ে?

গেংষ্টাৰ আতিক আহমেদ আৰু আছৰফক আৰক্ষীৰ সন্মুখতেই দুষ্কৃতিকাৰীৰ গুলী! থিতাতে নিহত আতিক আছৰফ, দুই গেংষ্টাৰৰ মৃত্যুৰ পাছতেই কি ক’লে মুখ্যমন্ত্ৰী যোগীয়ে?

3 years ago
গ্ৰীষ্মকালত কিদৰে আনক বলিয়া কৰিব? শিকক অভিনেত্ৰী পলকৰ তিৱাৰীৰ পৰা

গ্ৰীষ্মকালত কিদৰে আনক বলিয়া কৰিব? শিকক অভিনেত্ৰী পলকৰ তিৱাৰীৰ পৰা

6 hours ago
BCCI ৰ জৰিমনাৰ পিছত ৰিয়ান পৰাগৰ চমক, বন্ধ কৰিলে সমালোচকৰ মুখ!

BCCI ৰ জৰিমনাৰ পিছত ৰিয়ান পৰাগৰ চমক, বন্ধ কৰিলে সমালোচকৰ মুখ!

6 hours ago
মাহেকীয়াত কম ৰক্তক্ষৰণ, ই কোনো ৰোগৰ ইংগিত নেকি?

মাহেকীয়াত কম ৰক্তক্ষৰণ, ই কোনো ৰোগৰ ইংগিত নেকি?

7 hours ago
ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, শীঘ্ৰে হ’ব মালামাল!

ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, শীঘ্ৰে হ’ব মালামাল!

8 hours ago
সাধাৰণভাৱে নল’ব পিঠিৰ বিষক? ৰূপ ল’ব পাৰে গুৰুতৰ ৰোগৰ!

সাধাৰণভাৱে নল’ব পিঠিৰ বিষক? ৰূপ ল’ব পাৰে গুৰুতৰ ৰোগৰ!

8 hours ago
বাৰে বাৰে নাক খজুৱাই থাকে নেকি? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ!

বাৰে বাৰে নাক খজুৱাই থাকে নেকি? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ!

9 hours ago
সাৱধান নহ’লে বিপদত পৰিব পাৰে পুৰুষৰো গু*প্তাংগ! মানি চলক এই নিয়ম

সাৱধান নহ’লে বিপদত পৰিব পাৰে পুৰুষৰো গু*প্তাংগ! মানি চলক এই নিয়ম

10 hours ago
চাহে দূৰ কৰিব গেছৰ সমস্যা, মাত্ৰ সেৱন কৰক এইদৰে!

চাহে দূৰ কৰিব গেছৰ সমস্যা, মাত্ৰ সেৱন কৰক এইদৰে!

11 hours ago
‘বেহাৰবাৰী আউটপোষ্ট’ৰ অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ!

‘বেহাৰবাৰী আউটপোষ্ট’ৰ অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ!

12 hours ago
বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

13 hours ago
১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

13 hours ago
ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

গেংষ্টাৰ আতিক আহমেদ আৰু আছৰফক আৰক্ষীৰ সন্মুখতেই দুষ্কৃতিকাৰীৰ গুলী! থিতাতে নিহত আতিক আছৰফ, দুই গেংষ্টাৰৰ মৃত্যুৰ পাছতেই কি ক’লে মুখ্যমন্ত্ৰী যোগীয়ে?

editor by editor
April 16, 2023
in অপৰাধ, ভাৰত, ৰাজনীতি
0
গেংষ্টাৰ আতিক আহমেদ আৰু আছৰফক আৰক্ষীৰ সন্মুখতেই দুষ্কৃতিকাৰীৰ গুলী! থিতাতে নিহত আতিক আছৰফ, দুই গেংষ্টাৰৰ মৃত্যুৰ পাছতেই কি ক’লে মুখ্যমন্ত্ৰী যোগীয়ে?
0
SHARES
4.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ উত্তৰপ্ৰদেশৰ প্ৰয়াগৰাজত আৰক্ষীৰ সন্মুখতেই আততায়ীয়ে গুলীয়াই হত্যা কৰে ‘গেংষ্টাৰ’ আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আছৰফক। যোগী চৰকাৰে এই ঘটনাৰ বাবে বিভাগীয় তদন্ত ঘোষণা কৰিছে। প্ৰয়াগৰাজসহ উত্তৰপ্ৰদেশৰ সকলো জিলাতেই জাৰি কৰা হৈছে ১৪৪ ধাৰা। শনিবাৰে নিশা আতিক আৰু আছৰফক মেডিকেল পৰীক্ষা কৰাবৰ বাবে হাস্পতাললৈ লৈ গৈছিল আৰক্ষীয়ে। হাস্পতাললৈ সোমোৱাৰ সময়তে খোজকাঢ়ি যাওতে আতিক আৰু আছৰফক সাংবাদিকে প্ৰশ্নও কৰি আছিল। তেনেতেই হঠাতেই আতিকৰ মূৰত গুলী লাগে। লগে লগেই বাগৰি পৰে আতিক।

তাৰপাছতেই আছৰফকো ঘেৰি ধৰি গুলী চলাই দুষ্কৃতিকাৰীয়ে। থিতাতেই মৃত্যু হৈছে আতিক আৰু আছৰফৰ। আৰক্ষীয়ে ইতিমধ্যে তিনিগৰাকী দুষ্কৃতিকাৰীক আটক কৰিছে। ঘটনাস্থলীৰ পৰা পিষ্টলো উদ্ধাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে সন্দেহ কৰা অনুসৰি সাংবাদিকৰ ছদ্মবেশত আহিছিল দুষ্কৃতিকাৰী। আতিক আৰু আছৰফক হত্যা কৰাৰ পাছতেই ঘটনাস্থলীতেই ৰৈ আছিল তিনি হত্যাকাৰী।

শনিবাৰে পুত্ৰৰ শেষকৃতত উপস্থিত থকাৰ কথা জনাই কাৰাগাৰ কৰ্তৃপক্ষক এক আৱেদনো কৰিছিল আতিকে। কিন্তু অধিবক্তা মনীষ খান্নাই পিটিআইক জনোৱা অনুসৰি ১৪ এপ্ৰিল অম্বেদকাৰ জয়ন্তী উপলক্ষে ছুটি থকাৰ বাবে আতিকৰ আৱেদন মেজিষ্ট্ৰেটৰ কাষলৈ পঠিওৱা হয়। শনিবাৰে সেই আৱেদন মুখ্য বিচাৰবিভাগীয় মেজিষ্ট্ৰেটৰ কাষলৈ পঠিওৱা হয়। কিন্তু ইয়াৰ পূৰ্বেই আছাদৰ শেষকৃত সম্পন্ন হৈ যায়। আছাদ আছিল আতিকৰ তৃতীয় পুত্ৰ। উমেশ পাল হত্যাৰ অন্যতম অভিযুক্ত আছাদ আৰু তেওঁৰ সংগী গোলামৰ উত্তৰপ্ৰদেশ আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু হৈছে।

আনহাতে প্ৰয়াগৰাজৰ এই ঘটনাৰ পাছতেই উত্তৰপ্ৰদেশৰ আইনশৃংখলা পৰিস্থিতিক লৈ প্ৰশ্ন উত্থাপিত হৈছে। আতিকৰ দৰে গেংষ্টাৰক হাস্পতাললৈ মেডিকেল কৰাবলৈ নিওতে কিয় কটকটীয়া নিৰাপত্তা দিয়া হোৱা নাছিল বুলি প্ৰশ্ন কৰিছে সমাজবাদী পাৰ্টীৰ প্ৰধান অখিলেখ যাদৱেও। টুইটত অখিলেশ যাদৱে লিখিছে, ‘উত্তৰপ্ৰদেশৰ সাধাৰণ মানুহৰ নিৰাপত্তা ক’ত? মানুহৰ মাজত ভয়ৰ বাতাবৰণে দেখা দিছে। মোৰ মনে কৈছে, জানি বুজিয়েই এচামে এইধৰণৰ বাতাবৰণ সৃষ্টি কৰিছে।’

উল্লেখ্য যে গেংষ্টাৰ হোৱাৰ পাছত সমাজবাদী পাৰ্টীৰ সাংসদ হিচাপে আছিল আতিক। উত্তৰপ্ৰদেশৰ বিভিন্ন থানাত আতিকৰ বিৰুদ্ধে আছিল বহু গোচৰো। ২০০৫ চনত বি এছ পি বিধায়ক ৰাজু পালৰ হত্যাতো নাম সাঙোৰ খাইছিল আতিকৰ। ফেব্ৰুৱাৰীত ৰাজু খানৰ হত্যাৰ প্ৰত্যক্ষদৰ্শী উমেশ পালৰো হত্যকাণ্ডৰ মূল নায়ক আছিল আতিক।

বিগত বৃহস্পতিবাৰে আতিকৰ পুত্ৰ আছাদ আৰু তেওঁৰ সংগী গোলাম আৰক্ষীৰ এনকাউণ্টাৰত নিহত হৈছে। আছাদৰ মৃত্যুৰ পাছতেই আতিকক গুজৰাটৰ সাবৰমতী কাৰাগাৰৰ পৰা প্ৰয়াগৰাজ, প্ৰয়াগৰাজৰ পৰা সাৱৰমতীলৈ বদলী কৰা হৈছিল। আৰক্ষী সূত্ৰই দাবী কৰা অনুযায়ী পিতৃ আতিকক সাবৰমতীলৈ লৈ যোৱাৰ সময়ত আতিকক লৈ যোৱা কনভয়ত হামলা কৰাৰ পৰিকল্পনা কৰিছিল আছাদৰ গেঙে। ফলত কঠোৰ হৈ পৰিবলৈ বাধ্য হৈছিল আৰক্ষী বিভাগ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত
ভাৰত

বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

May 1, 2026
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা
ভাৰত

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

April 30, 2026
Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!
অসম

Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

April 29, 2026
Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?
অসম

Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

April 29, 2026
Next Post
সুপ্ৰভাত! দিনটোৰ আৰম্ভনিতেই জানি থওক কেইটামান গুৰুত্বপূৰ্ণ খবৰ

সুপ্ৰভাত! দিনটোৰ আৰম্ভনিতেই জানি থওক কেইটামান গুৰুত্বপূৰ্ণ খবৰ

সংগমত অনীহা! যৌনতাত আগ্ৰহ হেৰোৱাৰ আঁৰত কি কি কাৰণ লুকাই আছে?

সংগমত অনীহা! যৌনতাত আগ্ৰহ হেৰোৱাৰ আঁৰত কি কি কাৰণ লুকাই আছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.