ডিজিটেল লেনদেন বা মানিবেগত কেছ ৰখাটো প্ৰায়সংখ্যকেই কমাই দিছে৷ প্ৰায়সংখ্যকেই এতিয়া ঘৰত ধন ৰখাৰ সলনি বেংক একাউণ্টতহে ধন ৰাখে৷ সেয়ে হঠাৎ ধনৰ প্ৰয়োজন হলে বেছিভাগেই বেংকতকৈ ATMৰ পৰা ধন উঠাই লয়৷ কিন্তু ATM ব্যৱহাৰত এতিয়া প্ৰতাৰকৰ সংখ্যা বাঢ়িছে৷ দিনে দিনে ATMৰ পৰা টকা চুৰিৰ সংখ্যাও বাঢ়িছে৷ ATMৰ পিন চুৰি কৰি অন্যৰ টকা তুলি লোৱাৰ দৰে জালিয়াতিৰ অভিযোগো প্ৰায়েই শুনা যায়৷ বহুজনেই এই ধৰণৰ জালিয়াতিৰ ভুক্তভোগী৷
৪ অংকৰ ATMৰ পিন সেয়ে সুৰক্ষিত ৰখাটো প্ৰয়োজন৷ জালিয়াতি কৰিব খোজাসকলে বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰে৷ সেয়ে আপোনাৰ এটা সৰু ভুলতেই আপুনি ধন হেৰুৱাব পাৰে৷ ATM পিন জানিলে গ্ৰাহকৰ একাউণ্ট সম্পূৰ্ণ খালি যোৱাৰ উদাহৰণ বহু আছে৷ ATM পিন তৈয়াৰ কৰাৰ সময়ত সতৰ্ক হোৱাৰ পৰামৰ্শ দিছে বিশেষজ্ঞই৷ বহু ব্যৱহাৰকাৰীয়ে PIN নম্বৰটো সতৰ্কভাৱে নিৰ্বাচন নকৰে৷ বেছিভাগ ক্ষেত্ৰতেই বহুতে সহজ পিন বাচি লয় যি হেকাৰৰ বাবেও সহজ হৈ পৰে৷
ATMত কোনবোৰ PIN নম্বৰ ব্যৱহাৰ কৰা উচিত নহয়? কোনবোৰ সুৰক্ষিত নহয়, জানি থওক এই প্ৰতিবেদন৷ একেটা সংখ্যাকে বাৰে বাৰে ব্যৱহাৰ কেতিয়াও নকৰিব৷ ধাৰাবাহিক সংখ্যাও ব্যৱহাৰ নকৰিব৷ ই হেকাৰৰ বাবে সহজ৷ উদাহৰণস্বৰূপে ১২৩৪, ১১১১, ২২২২, ৩৩৩৩, ০০০০, ৫৫৫৫ আদি পিন কেতিয়াও নাৰাখিব৷ একেদৰে ওলোটাকৈ ক্ৰমে ৪৩২১, ৫৪৩২ আদি পিন নম্বৰো ব্যৱহাৰ নকৰাটোৱেই শ্ৰেয়৷
ইয়াৰোপৰি জন্ম তাৰিখক PIN নম্বৰ হিচাপে বহুতেই ব্যৱহাৰ কৰে৷ উদাহৰণস্বৰূপে ১৩০৮, ১৫১১ আৰু জন্ম চন ১৯৯৯, ১৯৯৮, ২০০০ ইত্যাদি PIN নম্বৰ হিচাপে ব্যৱহাৰ কৰে৷ বেছিভাগ সময়ত জন্মদিন ছচিয়েল মিডিয়া আৰু অন্যান্য নথিত থাকে সেয়ে এইসমূহ অনুমান কৰা খুবেই সহজ৷ একেধৰণে মোবাইল নম্বৰ, গাড়ীৰ নম্বৰ, আধাৰ নম্বৰ ইত্যাদিও সহজে অনুমান কৰা সম্ভৱ সেয়ে এইসমূহ সুৰক্ষিত নহয়৷ সেয়ে এইসমূহ এৰাই চলা ভাল৷ ছাইবাৰ সুৰক্ষাৰ ৰিপৰ্ট অনুসৰি এইসমূহ হেক কৰিবলৈ কেই ছেকেণ্ডো নালাগে৷
সুৰক্ষিত PIN কেনেকৈ নিৰ্বাচন কৰিব? সুৰক্ষিত PIN নম্বৰ সহজে অনুমান কৰিব নোৱাৰি৷ একে সময়তে আপুনি সহজে মনত ৰাখিব পৰাও হব লাগে এই পিন৷ ইয়াৰবাবে আপুনি পাজোলকৈ সংখ্যাসমূহ পিন হিচাপে দিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ