অসম লাইভ ২৪ঃ কোভিডক পৰাস্ত কৰিবলৈ অষ্ট্ৰেলিয়াই সাজু কৰি তুলিছে আন এবিধ অস্ত্ৰ। ৯৯.৯ শতাংশ কাৰ্যকাৰিতাৰে তৈয়াৰ কৰিছে এবিধ কোভিডৰ ঔষধ। এই কথা দাবী কৰিছে অষ্ট্ৰেলিয়াৰ গ্ৰেফিথ ইউনিভাৰ্চিটিৰ menzies health instituteৰ গৱেষকে। বৰ্তমানলৈকে মানৱ শৰীৰত পৰীক্ষণ কৰা নাই এইবিধ মেডিচিন। প্ৰথম পৰ্যায়ত এন্দুৰৰ শৰীৰত পৰীক্ষামূলকভাৱে ব্যৱহাৰ কৰা হৈছে ঔষধবিধ। ‘short interfering rna’ৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে এইবিধ মেডিচিন, যিয়ে মানৱ শৰীৰত ভাইৰাছবিধৰ উৎপাদনত প্ৰতিৰোধ প্ৰদান কৰিব। পৰীক্ষামূলকভাৱে এন্দুৰৰ শৰীৰত কৰা গৱেষণাত ৯৯.৯ শতাংশ কোভিড ভাইৰাছ হ্ৰাস পাইছে এই ঔষধ ব্যৱহাৰৰ ফলত। গৱেষকসকলৰ অনুমান মতে, এই ঔষধবিধ ৫ দিন পৰ্যন্ত বেজীৰ মাধ্যমেৰে ৰোগীৰ শৰীৰত ব্যৱহাৰ কৰিব লাগিব। মানৱ শৰীৰত পৰীক্ষ কৰি ঔষধ বিধ মুকলি কৰালৈ কিছু সময়ৰ প্ৰয়োজন হ’ব। ফলাফল আশাব্যঞ্জক হ’লেও বৰ্তমানলৈকে মানৱ শৰীৰত পৰীক্ষণ কৰা হোৱা নাই ঔষধবিধ। সকলো ক্লিনিকেল প্ৰক্ৰিয়া সম্পূৰ্ণ হ’লেই চৰকাৰে অনুমোদন জনাব মেডিচিনবিধ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ