অসম লাইভ২৪ঃ বিশ্ববিখ্যাত লেখক মিলান কুন্দেৰা৷ বিংশ শতিকাৰ খ্যাতনামা লেখক মিলান কুন্দেৰা আৰু নাই৷ ‘দ্যা আনবিয়াৰেবল লাইটনেছ অৱ বিইয়িং’ৰ লেখক মিলানে মঙলবাৰে পেৰিছত শেষ নিশ্বাস ত্যাগ কৰিছে৷ চেক আৰু ফৰাচী ভাষাতেই মূলত সাহিত্য চৰ্চা কৰিছিল মিলান কুন্দেৰাই৷ তেওঁৰ লিখিত গ্ৰন্থ পৃথিৱীৰ ৪০টাতকৈয়ো বেছি ভাষাত অনুবাদিত হৈছে৷
মৃত্যুৰ সময়ত মিলান কুন্দেৰাৰ বয়স হৈছিল ৯৪ বছৰ৷ বিংশ শতাব্দীৰ অন্যতম কালজয়ী লেখক ১৯২৯ চনৰ ১এপ্ৰিলত জন্মগ্ৰহণ কৰিছিল চেকগণৰাজ্যত৷ কিন্তু ১৯৭৫ চনত তেওঁ ফ্ৰান্সলৈ যায়৷ দেশৰ চৰকাৰৰ সৈতে মতানৈক্যৰ বাবেই তেওঁ দেশ ত্যাগ কৰিছিল৷ বিগত ৪০ বছৰ ধৰি মৃত্যুলৈকে তেওঁ ফ্ৰান্সতেই থাকিল৷ একাধিকবাৰ নোৱেল পুৰস্কাৰৰ বাবে তালিকাত নাম আহিলেও তেওঁ সেই সন্মান মৃত্যু পৰ্যন্ত লাভ নকৰিলে৷
প্ৰচাৰবিমুখ এই সাহিত্যিকগৰাকীয়ে কাহানিও প্ৰচাৰলৈ আহিব খোজা নাছিল৷ তেওঁ সকলোবোৰ কথা কলমৰ জৰিয়তেই ফুটাই তুলিছিল৷ কুন্দেৰাৰ কবিতাৰ দৰে গদ্যবোৰে লেখনিৰ মাধ্যমেৰে জীৱনৰ বিভিন্ন চিত্তাকৰ্ষক দিশ উন্মোচন কৰিছে৷ তেওঁ চেক গণৰাজ্যৰ চৰকাৰৰ বিভিন্ন দিশ কলমৰ মাধ্যমেৰে উদঙাই দিছিল৷ বিভিন্ন দিশ উদঙাই দিয়াৰ বাবেই চেক গণৰাজ্যৰ নাগৰিকত্ব হেৰুৱাইছিল বিখ্যাত লেখকজনে৷ এই অভিজ্ঞতাৰ কথাও তেওঁ লেখনিৰ মাজেৰেই প্ৰকাশ কৰিছে৷ কুন্দেৰাৰ সমালোচনামূলক গ্ৰন্থ ‘আৰ্ট অৱ নোৱেল(১৯৮৬)ত তেওঁ জীৱন সম্পৰ্কে কৈছে, ‘এইটো হৈছে এনে এটা ফান্দ যাক আমি সদায়ে জানি আহিছো৷ আমি আমাৰ সন্মতি অবিহনেই জন্মগ্ৰহণ কৰিছো, আমি এনে এটা শৰীৰত আৱদ্ধ হৈ আছোঁ যাক আমি নিজে বাছনিও কৰিব নোৱাৰো৷ একমাত্ৰ নিয়তি হৈছে অনিবাৰ্য মৃত্যু।’
১৯২৯ চনত তৎকালীন চেকোস্লোভাকিয়াৰ বেকানো চহৰত জন্মগ্ৰহণ কৰিছিল কুন্দেৰাই৷ তেওঁৰ পিতৃ আছিল এগৰাকী পিয়ানোবাদক৷ তেওঁ কলেজত পঢ়াশুনা কৰি থকা অৱস্থাতে সমাজতান্ত্ৰিক দলত যোগ দিয়ে৷ ফৰাচী কবি এপোলিয়ানৰ কবিতা অনুবাদ কৰাৰ ওপৰিও নিজেও কিছু কবিতা লিখিবলৈ আৰম্ভ কৰে৷ তেওঁ চেক গণৰাজ্যত বাস কৰাৰ সময়তে এখন বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক চলচ্চিত্ৰ নিৰ্মাণ বিষয়ত পাঠদান কৰিছিল৷ তেওঁৰ ছাত্ৰৰ ভিতৰত আছিল অস্কাৰ বিজেতা পৰিচালক মিলোছ ফোৰমেনো৷
১৯৭৫ চনত তেওঁ আৰু তেওঁৰ পত্নীয়ে ফ্ৰান্সলৈ যায়৷ ফ্ৰান্সতেই তেওঁ ৰেনে বিশ্ববিদ্যালয়ত ৪বছৰ সহ-অধ্যাপক হিচাপে কাম কৰে৷ ১৯৭৯চনত কুন্দেৰাৰ পৰা চেক গণৰাজ্যৰ নাগৰিকত্ব কাঢ়ি লয়৷ ১৯৮৯ত তেওঁৰ গ্ৰন্থ ‘দ্যা আনবিয়াৰেবল লাইটনেছ অৱ বিইয়িং’ ৰ পাছত ২০১৩ চনত ১৩বছৰ বিৰতিৰ অন্তত তেওঁৰ উপন্যাস প্ৰকাশ পায়৷
জীৱনকালত নোৱেল বঁটা নাপালেও কেইবাটাও পুৰস্কাৰ লাভ কৰিছে কুন্দেৰাই৷ ১৯৮৫ চনত তেওঁ জেৰুজালেম পুৰস্কাৰ পায়৷ ১৯৮৭চনত তেওঁৰ প্ৰবন্ধ ‘দ্যা আৰ্ট অৱ নৱেল’ৰ বাবে অষ্ট্ৰিয়াৰ ষ্টেজ প্ৰাইজ ফৰ ইউৰোপীয়ান লিটাৰেছাৰ পুৰস্কাৰ লাভ কৰে৷ ২০২০ চনত তেওঁ ফ্ৰানজ কাফকা পুৰস্কাৰো লাভ কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















