আজিৰ দিনটোত নকৰিব এই কাম, হনুমানৰ একেবাৰে অপ্ৰিয়
হিন্দু ধৰ্মত সপ্তাহৰ প্ৰতিটো দিন কোনোবা নহয় কোনোবা দেৱতা বা দেৱীৰ নামত উৎসৰ্গা কৰা হয়। তেনেদৰে মঙলবাৰৰ দিনটো ভগৱান শ্ৰীৰামৰ ভক্ত তথা পৱনপুত্ৰ হনুমানৰ সৈতে জড়িত। এই দিনটোত বজৰংগবলীৰ পূজা কৰা হয়। মান্যতা অনুসৰি হনুমানৰ পূজা কৰিলে সকলো কামত সফলতা লাভ কৰে বুলি বিশ্বাস কৰা হয়। লগতে বজৰংগবলীৰ কৃপাত সকলো বিপদো দূৰ হয়
যদি আপুনি আপোনাৰ জীৱনত কোনো সমস্যাৰ সন্মুখীন হৈছে তেন্তে মঙলবাৰে ভগৱান হনুমানক পূজা কৰক। এনে কৰিলে সকলো বাধা আঁতৰি যায় আৰু সকলো শুভ হৈ পৰে। কিন্তু শাস্ত্ৰত এনে কিছুমান কামৰ কথা উল্লেখ আছে যিবোৰ মঙলবাৰে কৰিলে হনুমানৰ বৰ খং উঠে।
ক’লা কাপোৰ পিন্ধিব নালাগে: হনুমানজীয়ে ক’লা ৰং ভাল নাপায়। লগতে হিন্দু ধৰ্মত ক’লা কাপোৰক শুভ বুলি গণ্য কৰা নহয়। এনে পৰিস্থিতিত মঙলবাৰৰ শুভ দিনটোত ক’লা ৰঙৰ কাপোৰ পিন্ধিব নালাগে। এই দিনটোত আপুনি ভগৱান হনুমানৰ প্ৰিয় ৰঙৰ যেনে ৰঙা বা কমলা ৰঙৰ কাপোৰ পিন্ধিব পাৰে। একে সময়তে ছোৱালী আৰু বিবাহিত লোকে মঙলবাৰে সৌন্দৰ্য্য সামগ্ৰী ক্ৰয় কৰিব নালাগে।
ব্ৰহ্মচাৰ্য পালন কৰক: ভগৱান হনুমানক ব্ৰহ্মচাৰী বুলি গণ্য কৰা হয়। সেইবাবেই হনুমানক ‘বাল ব্ৰহ্মচাৰী’ বুলিও কোৱা হয়। কাৰণ তেওঁ নিজৰ জীৱনত অনুশাসন, পবিত্ৰতা আৰু আত্মনিয়ন্ত্ৰণ অনুসৰণ কৰে। যদি আপুনি মঙলবাৰে ব্ৰত ৰাখে বা বজৰংগবলীক পূজা কৰে, তেন্তে এই দিনটোত ব্ৰহ্মচাৰ্য পালন কৰক।
ভোগ হিচাপে এই সামগ্ৰী নিদিব: মঙলবাৰে পূজাৰ সময়ত হনুমানজীক খাদ্য আগবঢ়োৱাৰ সময়ত এইটোও মনত ৰাখিব যে তেওঁক গাখীৰৰ পৰা তৈয়াৰী মিঠাই আগবঢ়াব নালাগে। এনে কৰিলে ভগৱানৰ খং উঠিব পাৰে। ইয়াৰ পৰিৱৰ্তে হনুমানজীক বুণ্ডিয়া লাড়ু বা আটাৰ লাড়ু আগবঢ়াব পাৰে, এই প্ৰসাদ হনুমানৰ অতিকে প্ৰিয়।
মাংস আৰু মদৰ পৰা আঁতৰি থাকক: যদি আপুনি হনুমান জীৰ ভক্ত তেন্তে নিৰামিষ খাদ্য ত্যাগ কৰক। বিশেষকৈ মঙলবাৰে ভুলতো মাংস আৰু মদ সেৱন নকৰিব, বৰঞ্চ এই দিনটোত সাত্ত্বিক হৈ থাকিব লাগে।
ইয়াৰ লগতে মঙলবাৰে চুলি-দাড়ি কটা, নখ কটা, নিমখীয়া খাদ্য খোৱা, ঋণত ধন ধাৰে দিয়া, পশ্চিম, উত্তৰ আৰু উত্তৰ-পশ্চিম দিশলৈ যোৱা আদিও পৰিহাৰ কৰিব লাগে। যদি আপুনি প্ৰতি মঙলবাৰে এইবোৰ কথা মনত ৰাখে তেন্তে হনুমানৰ কৃপা লাভ কৰিব ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ