আন এক নতুন ইতিহাস গঢ়িলে ভাৰতে৷ ৰাকেশ শৰ্মাৰ পাছত দ্বিতীয় ভাৰতীয় হিচাপে শুভাংশু শুক্লা মহাকাশলৈ ৰাওনা হৈছে৷ ভাৰতীয় সময় অনুসৰি ১২ বাজি ১ মিনিটত ফ্লৰিডা স্পেছ চেণ্টাৰৰ পৰা সফল উৎক্ষেপণ কৰা হৈছে ড্ৰেগন মহাকাশযানৰ৷ ১৯৮৪ চনত লাইভ টেলিকাষ্ট চোৱাৰ সুযোগ নাছিল সেয়ে ২০২৫ত সেই বিশেষ মাহেন্দ্ৰক্ষণৰ সাক্ষী হৈ থাকিল সমগ্ৰ দেশ৷
শুভাংশুৰ এই মিছনৰ নাম দিয়া হৈছে এক্সিয়াম-৪৷ মিছনৰ পাইলটৰ দায়িত্ব চম্ভালি লৈছে ভাৰতৰ উইং কমাণ্ডাৰ শুভাংশুৱে৷ এই মিছনত যুঁটিয়াভাৱে আছে কমাণ্ডাৰ পেগি হুইটচন৷ ইয়াৰোপৰি পোলেণ্ডৰ উজানানস্কি উইশনিউস্কি আৰু হাংগেৰীৰ টিবৰ কাপু মিছনৰ স্পেছিয়েলিষ্ট হিচাপে আছে৷ ১০ৰ পৰা ১৪ দিন তেওঁলোক মহাকাশত থাকিব৷ মুঠ ৬০ টা বিষয়ৰ ওপৰত তেওঁলোকে পৰীক্ষা নিৰীক্ষা চলাব৷
দেশবাসীক কি কৈছে শুভাংশুৱে?
সফল উৎক্ষেপণৰ পাছতেই ড্ৰেগন মহাকাশযানৰ ভিতৰত বহি দেশবাসীৰ উদ্দেশ্যি শুভাংশুৱে দিছে বিশেষ বাৰ্তা৷ তেওঁ কয়, ‘নমস্কাৰ, মোৰ প্ৰিয় দেশবাসী৷ অসাধাৰণ এক যাত্ৰাৰ মই অংশীদাৰ হৈছো৷ ৪১ বছৰৰ পিছত আমি আকৌ মহাকাশলৈ গৈছো৷ আমি প্ৰতি চেকেণ্ডত ৭.৫ কিঃমিঃ বেগত পৃথিৱীৰ কক্ষপথ এৰি বাহিৰলৈ আহিছো৷ মোৰ কান্ধত ত্ৰিৰংগা পতাকা আছে৷ সেই পতাকাই মোক কৈছে মোৰ সৈতে আপোনালোক আছে৷ মোৰ এই যাত্ৰা কেৱল আন্তৰ্জাতিক মহাকাশ ষ্টেচনৰ যাত্ৰা নহয় বৰং ভাৰতৰ মহাকাশত গৱেষণাৰ নতুন অধ্যায়৷ মই বিচাৰো আপোনালোক সকলোৱেই এই যাত্ৰাৰ অংশীদাৰ হওক৷ আপোনালোকৰো বুকু গৰ্বত ফুলি উঠক৷ আহক ভাৰতৰ মানৱ মহাকাশ কাৰ্যসূচী আৰম্ভ কৰো৷ জয় হিন্দ, জয় ভাৰত৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















