ৰামলালাক গৰমৰ পৰা ৰক্ষা কৰিবলৈ গৰ্ভগৃহত কৰিলে এই কাম…
গৰমৰ দিন সমাগত। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ ইতিমধ্যে সাজু হ’বলৈ নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ পৰা। সকলো প্ৰস্তুতি সাজু কৰি তুলিূলৈ আহ্বান প্ৰত্যেক ৰাজ্যৰ চৰকাৰক।
তাৰ সমান্তৰালকৈ ৰামলালাৰ মন্দিৰতো কৰা হৈছে বিশেষ ব্যৱস্থা। ৰামলালাক গৰমৰ পৰা ৰক্ষা কৰিবলৈ গৰ্ভগৃহত কুলাৰ স্থাপন কৰা হৈছে। ধাৰাবাহিকভাৱে বৃদ্ধি পোৱা উষ্ণতাৰ বাবে ৰামলালা গৰমৰ সন্মুখীন হ’বলগীয়া হৈছিল।
জুলাই -আগষ্ট মাহ নাহোতেই এপ্ৰিল মাহতেই ৩৭ ডিগ্ৰী ছেলচিয়াছত দহিব ধৰিছে ৰামলালা, সেইয়ে মন্দিৰৰ গৰ্ভগৃহত শনিবাৰে এটা কুলাৰ স্থাপন কৰা হয়।
মান্যতা অনুসৰি যিবোৰ মূৰ্তিৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হয়, সেইবোৰত ঈশ্বৰ বাস কৰে বুলি বিশ্বাস কৰা হয়। আন জীৱৰ দৰে এই মূৰ্তিবোৰেও ঠাণ্ডা, গৰম, ভোক আৰু পিয়াহ অনুভৱ কৰে।
পাঁচ বছৰীয়া শিশুৰ ৰূপত ৰাম মন্দিৰত থকা ৰামলালাৰ মূৰ্তিকো সেয়ে শিশুৰ দৰে সেৱা কৰা হয়। কুলাৰ লগোৱা হৈছে আজি দেওবাৰে এচিয়ো লগোৱা হৈ যাব।
ৰামলালাক গৰমৰ পৰা ৰক্ষা কৰিবলৈ তেওঁৰ প্ৰসাদ তথা ভোগো সলনি কৰা হৈছে। ৰামলালাক কটনৰ কাপোৰ পিন্ধোৱা হৈছে। প্ৰসাদত দৈ আৰু ৰাব্ৰি দিয়া হৈছে। ঋতু অনুসৰি ফল-মূলো আগবঢ়োৱা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ