আপুনি পানীপাৰী খাই ভাল পাই নেকি? যদি খাই ভাল পাই তেনে অলপ সাৱধান হওক৷ পানীপুৰী খাই আপুনিও হ’ব পাৰে ৰোগাক্ৰান্ত৷
পানীপুৰী খাই কে’বাজনো লোক কলেৰাত আক্ৰান্ত হোৱা বুলি প্ৰকাশ কৰি ইতিমধ্যে ভাৰতৰ এখন চুবুৰীয়া ৰাষ্ট্ৰই ৰাজধানী চহৰখনত পানীপুৰীৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে৷ এই ৰাষ্ট্ৰখন হৈছে নেপাল৷
নেপালৰ স্বাস্থ্য মন্ত্ৰণালয়ে দেশখনৰ ৰাজধানী চহৰ কাঠমাণ্ডুত পানীপুৰী নিষিদ্ধ কৰিছে৷ উপত্যকাটোৰ মেট্ৰ’পলিটান ললিতপুৰত পানীপুৰী খাই কেবাজনো লোক কলেৰাত আক্ৰান্ত হোৱাৰ পিছতে এই নিৰ্দেশনা জাৰি কৰা হৈছে৷
লগতে পঢ়ক মহিলা প্ৰাৰ্থীৰ অদ্ভুত নিৰ্বাচনী প্ৰতিশ্ৰুতি! জয়ী হ’লে পুৰুষৰ লিংগ বৰ্ধক অস্ত্ৰোপচাৰ বিনামূলীয়া হ’ব
স্বাস্থ্য মন্ত্ৰণালয়ে দাবী কৰা মতে পানীপুৰীত ব্যৱহাৰ কৰা পানীত কলেৰা বেক্টিৰিয়া পোৱা গৈছে৷ ইফালে পৌৰ আৰক্ষী অধীক্ষক সীতাৰাম হাচেতুৰে জনোৱা মতে জনবহুল অঞ্চল আৰু কৰিড’ৰ এলেকাত পানীপুৰী বিক্ৰী নিষিদ্ধ কৰা হৈছে৷
তেওঁ কয় যে পানীপুৰীৰ বাবে কলেৰাৰ সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাইছে লগতে আৰু বৃদ্ধি পোৱাৰ আশংকা আছে৷ যোৱা দেওবাৰে কাঠমাণ্ডুত ৭ গৰাকী লোক কলেৰাত আক্ৰান্ত হোৱা তথ্য পোৱাৰ বিপৰীতে বৰ্তমান কলেৰাত আক্ৰান্ত ৰোগীৰ সংখ্যা ১২ জনলৈ বৃদ্ধি পাইছে৷
লগতে পঢ়ক বিশ্বৰ সৰ্বাধিক প্ৰজননক্ষম মহিলা! ৪৩ বছৰত ৪৪ টা সন্তানৰ মাতৃ! কোন তেওঁ? কেনেকৈ সম্ভৱ?
নেপালৰ স্বাস্থ্য মন্ত্ৰণালয়ৰ অধীনৰ মহামাৰী বিজ্ঞান আৰু ৰোগ নিয়ন্ত্ৰণ বিভাগৰ সঞ্চালক চামনলাল দাসে জনোৱা মতে, কাঠমাণ্ডু মহানগৰীত কলেৰাত আক্ৰান্ত ৫ জন ৰোগীক চিনাক্ত কৰা হৈছে। ইয়াৰ বাহিৰেও চন্দ্ৰগিৰি পৌৰসভাত এজন আৰু বুঢ়নীকান্ত পৌৰসভাত এজন লোক কলেৰাত আক্ৰান্ত হৈছে।
ইফালে, কলেৰাৰ কোনো লক্ষণ দেখা পোৱাৰ লগে লগে নিকটতম চিকিৎসালয়ত যোগাযোগ কৰিবলৈ পৰামৰ্শ দিছে স্বাস্থ্য মন্ত্ৰণালয়ে। জনসাধাৰণক বাৰিষা আৰু গ্ৰীষ্মকালত বিয়পি পৰা ডায়েৰিয়া, কলেৰা আদি পানীজনিত ৰোগৰ পৰা সাৱধান হ’বলৈ চৰকাৰে আহ্বান জনাইছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















