যদি আপুনি বেংক সম্পৰ্কিত কামৰ বাবে ঘনে ঘনে বেংকৰ শাখালৈ যায় তেতিয়া এই খবৰ আপোনাৰ বাবে গুৰুত্বপূৰ্ণ৷ যদি নৱেম্বৰত আপোনাৰ কোনো গুৰুত্বপূৰ্ণ বেংক সম্পৰ্কিত কাম থাকিলে ছুটিৰ তালিকা আগতীয়াকৈয়ে জানি থওক৷ অক্টোবৰত উৎসৱৰ কাৰণে ছুটিৰ সংখ্যা বেছি আছিল৷ নৱেম্বৰতো অৱশ্যে বহুকেইটা ছুটি আছে৷ আগন্তুক মাহত বেংক ১০ দিন বন্ধ থাকিব৷ এই ছুটিৰ মাজত সমস্ত দেওবাৰ, দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ আৰু কিছু ৰাজ্যৰ স্থানীয় ছুটি অন্তৰ্ভুক্ত হৈ আছে৷
বেছিভাগ লেনদেন কোনো বাধা অবিহনেই কৰা সম্ভৱ হ’ব৷ এই ছুটিৰ দিনত ডিজিটেল আৰু অনলাইন বেংকিং পৰিসেৱা সম্পূৰ্ণৰূপে চলি থাকিব৷ আপুনি বেছিভাগ লেনদেন কোনো বাধা অবিহনেই কৰিব পাৰে৷
একনজৰত নৱেম্বৰ মাহৰ বেংক ছুটিৰ তালিকা
১ নৱেম্বৰ শনিবাৰঃ বাংগালুৰুত কন্নড় ৰাজ্যোৎসৱ আৰু ডেৰাডুনত ইগাছ-বাগৱালৰ বাবে বেংক বন্ধ৷
২ নৱেম্বৰ দেওবাৰে দেশব্যাপী বেংক ছুটি৷
৫ নৱেম্বৰ বুধবাৰে গুৰুনানক জয়ন্তী আৰু কাতি পূৰ্ণিমাৰ বাবে বেংক বন্ধ৷
৭ নৱেম্বৰ শুকুৰবাৰে শ্বিলঙৰ ৱাংঙ্গালা উৎসৱৰ বাবে বেংক বন্ধ৷
৮ নৱেম্বৰ শনিবাৰে দ্বিতীয় শনিবাৰ হোৱাৰ বাবে দেশজুৰি বেংক ছুটি৷ বাংগালুৰুত কনকদাস জয়ন্তীৰ বাবে বেংক বন্ধ৷
৯, ১৬, ২৩ আৰু ৩০ নৱেম্বৰ দেওবাৰে দেশব্যাপী দেওবাৰৰ ছুটি৷
২২ নৱেম্বৰ শনিবাৰে চতুৰ্থ শনিবাৰে বেংক বন্ধ৷
১০ দিন বেংক বন্ধ থাকিব
পূৰ্বৰে পৰা পৰিকল্পনা কৰক
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















