ডিজিটেল ডেস্কঃ মা-হালধিৰ গোন্ধ গাৰ পৰা আঁতৰাই নাছিল। এখন সুখৰ সংসাৰ গঢ়াৰ সপোনটো ভালকৈ দেখা হোৱাই নাছিল, কিন্তু নিয়তিৰ কি পৰিহাস! নতুনকৈ সজাই-পৰাই তোলা এটা সপোন নিমিষতে চাৰ-খাৰ হল। ভাগি পৰিল আলফুলে সজোৱা সেই সপোনৰ ঘৰখন। বিয়াৰ দুদিনৰ পাছতে স্বামীক হেৰুৱাই এতিয়া চকুপানীৰে ভৱিষ্যতৰ বাট নেদেখা হৈছে এগৰাকী নৱবিবাহিতাই।
ঘটনাতো পাঞ্জাৱৰ। বিয়াৰ মাত্ৰ দুদিনৰ পাছতে এটা দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে পাঞ্জাৱৰ সন্দীপ সিঙৰ। পাঞ্জাৱৰ ৰাজহ বিভাগত কৰ্মৰত সন্দীপে বিয়াত ভাড়ালৈ অনা দৰাৰ সাজযোৰ ঘূৰাই দি ঘৰলৈ অহাৰ পথতে এখন ট্ৰাকৰ খুন্দাত থিতাতে মৃত্যু হয়। পাঞ্জাৱৰ কাটভাইৰ নিৱাসী সন্দীপ সিঙৰ ঘৰত এতিয়া শোকাকুল পৰিৱেশ। ঘৰৰ চোতালত এতিয়াও আছে ৰভা-পেণ্ডেল।
এই ঘটনাক লৈ শেহতীয়াকৈ পাঞ্জাৱ চৰকাৰেও শোক ব্যক্ত কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















