অসম লাইভ২৪ঃ বিচিচিআইয়ে বুধবাৰে এখন শীৰ্ষ পৰিষদৰ বৈঠক অনুষ্ঠিত কৰিছে। বৈঠকতেই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত বুলি জনাইছে এক বিশেষ সূত্ৰই। বিশেষকৈ ৰোহিত শৰ্মাৰ অধিনায়কত্বকলৈয়ে বিশেষ সিদ্ধান্ত ল’ব পাৰে এই বৈঠকত। বিচিচিআইয়ে অনুষ্ঠিত কৰা এই বৈঠকত টি-২০ৰ অধিনায়ক কোন হ’ব সেই সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে বুলি জনাইছে বিশেষ সূত্ৰটোৱে। বিচিচিআইয়ে এইবাৰ ৰোহিতৰ ঠাইত হাৰ্দিক পাণ্ডিয়াকেই টি-২০ ৰ অধিনায়কৰ দায়িত্বভাৰ দিব পাৰে বুলি ইতিমধ্যেই বহুতে চৰ্চা কৰা পৰিলক্ষিত হৈছে।
ৰাহুল দ্ৰাবিড়ৰ প্ৰসংগতো আলোচনা
বিচিচিআইয়ে প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ কাৰ্যকাল সন্দৰ্ভতো বিশেষ সিদ্ধান্ত ল’ব পাৰে। টি-২০ত, বিচিচিআইয়ে অধিনায়কৰ লগতে প্ৰশিক্ষকো সলনি কৰিব পাৰে। অৱশ্যে টি-২০ ত ৰাহুল প্ৰশিক্ষক হিচাপে নাথাকিলেও টেষ্ট আৰু এদিনীয়াত প্ৰশিক্ষক হিচাপে সেৱা আগবঢ়াই যাব ৰাহুলে। বুধবাৰে অনুষ্ঠিত বৈঠকত অইন কেইবাটাও সিদ্ধান্ত ল’ব বিচিচিআইয়ে বুলি উল্লেখ কৰিছে। ভাৰতীয় দলটোৱে এইবাৰো টি-২০ বিশ্বকাপ জিকিব নোৱাৰিলে। এছিয়া কাপৰ খিতাপো আনিব নোৱাৰিলে ভাৰতীয় দলটোৱে। আইচিচি ইভেণ্টতো ভাৰতীয় দলটোৰ অৱস্থা তথৈবছ। এই সমূহ প্ৰসংগক লৈ বিচিচিআইয়ে ভৱিষ্যতৰ ৰণনীতিৰ বিষয়ে আলোচনা কৰাৰ লগতে নতুন ৰণনীতিও তৈয়াৰ কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে।
সূৰ্যকুমাৰ যাদৱ আৰু হাৰ্দিক পাণ্ডিয়াৰ হ’ব পাৰে পদোন্নতি
আজি অনুষ্ঠিত বৈঠকত ১২ টা বিষয়ৰ ওপৰত পৰ্যালোচনা কৰিব বিচিচিআইয়ে। বিচিচিআইয়ে এই বৈঠকৰ পাছতেই সূৰ্যকুমাৰ যাদৱ আৰু শুভমন গীলৰ পদোন্নতি হোৱাৰ সম্ভাৱনা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ