বিচিচিআইৰ কেন্দ্ৰীয় চুক্তিত বৃহৎ পৰিৱৰ্তনৰ সম্ভাৱনা! বিৰাট-ৰোহিতে হ’ব পাৰে বিফল
ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে শেহতীয়াকৈ মহিলা ক্ৰিকেটাৰৰ কেন্দ্ৰীয় চুক্তিৰ তালিকা প্ৰকাশ কৰিছিল। এই তালিকাত ভাৰতীয় মহিলা দলৰ ১৬ গৰাকী খেলুৱৈক তিনিটা বিভাগত তালিকাভুক্ত কৰা হয়। তাৰ পিছত আশা কৰা হৈছে যে ব’ৰ্ডে অতি সোনকালে পুৰুষ ক্ৰিকেটৰ বাবেও কেন্দ্ৰীয় চুক্তি ঘোষণা কৰিব, য’ত ডাঙৰ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে।
কেন্দ্ৰীয় চুক্তি ঘোষণাৰ পূৰ্বে বিভিন্ন জল্পনা-কল্পনা আৰম্ভ হৈছে য’ত কোৱা হৈছে যে ভাৰতৰ হৈ তিনিওটা ফৰ্মেটত আকৰ্ষণীয় প্ৰদৰ্শনৰ পিছত শ্ৰেয়াছ আয়াৰে বিচিচিআইৰ কেন্দ্ৰীয় চুক্তি তালিকাত পুনৰ স্থান লাভ কৰিবলৈ সাজু হব পাৰে।
পবাছে ৰোহিত শৰ্মা, বিৰাটে কোহলী আৰু ৰবিন্দ্ৰ জাদেজা সন্দৰ্ভত আহিব পাৰে কিছু সালসলনি। সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই তালিকাত ভাৰতৰ কিংবদন্তি ক্ৰিকেটাৰ ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে ডাঙৰ শ্বক পাব পাৰে।
এতিয়ালৈকে অধিনায়ক ৰোহিত, বিৰাট, ৰবীন্দ্ৰ জাডেজা আৰু জছপ্ৰিত বুমৰহৰ দৰে খেলুৱৈক কেন্দ্ৰীয় চুক্তিৰ এ+ শাখাত অন্তৰ্ভুক্ত কৰা হৈছিল। কিন্তু এতিয়া ৰোহিত, বিৰাট আৰু জাদেজাই টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে।
এনে পৰিস্থিতিত বিচিচিআইয়ে নতুন কেন্দ্ৰীয় চুক্তিত ডাঙৰ পৰিৱৰ্তন কৰিব পাৰে। প্ৰতিবেদনত এই কথাও প্ৰকাশ পাইছে যে একাংশ বিষয়াই এই তিনিজন খেলুৱৈক একেটা শ্ৰেণীতে থকাটো বিচাৰে, আনহাতে আন কিছুমানে এই কথাত মতানৈক্য প্ৰকাশ কৰিছে।
উল্লেখ্য যে A+ শিতানত ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে অবিৰতভাৱে খেলা খেলুৱৈসকলক বিচিচিআইত অন্তৰ্ভুক্ত কৰা হয়। যিহেতু ৰোহিত, বিৰাট আৰু জাদেজাই এটা ফৰ্মেটৰ পৰা অৱসৰ লৈছে, সেয়েহে এ+ শাখাত তেওঁলোকৰ স্থানক লৈ প্ৰশ্ন উত্থাপন হৈছে। এই এ+ কেটেগৰীৰ খেলুৱৈয়ে বছৰি বিচিচিআইৰ পৰা ৭ কোটি টকা লাভ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ