কিমান চিন্তাজনক ঋষভ পণ্টৰ আঘাত? পুনৰ খেলিব পাৰিবনে! BCCIয়ে কৰিলে সদৰি
মানচেষ্টাৰত চলি থকা চতুৰ্থ টেষ্ট মেচৰ প্ৰথম দিনাই আঘাতপ্ৰাপ্ত হয় ভাৰতীয় উইকেটকীপাৰ বেটছমেন ঋষভ পণ্ট ৷ ঋষভৰ আঘাত ইমানেই গুৰুতৰ আছিল যে পণ্টে লগে লগেই ত্যাগ কৰে খেলপথাৰ ৷
আঘাতৰ বাবে ভাৰতীয় দলৰ সংগ এৰিবলৈ বাধ্য হয় পণ্ট। ততাতৈয়াকৈ এম্বুলেন্সৰ জৰিয়তে চিকিৎসালয়লৈ লৈ যোৱা হয় ৷ এতিয়া ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে পণ্টৰ আঘাত সন্দৰ্ভত এটা ডাঙৰ আপডেট দিছে । বি চি চি আইৰ চিকিৎসা দলে পণ্টৰ অহৰহ নিৰীক্ষণ কৰি আছে।
মানচেষ্টাৰ টেষ্ট মেচত টছত হাৰি প্ৰথমে বেটিং কৰি আছে ভাৰতীয় দলটোৱে । ৪ উইকেট পতনৰ অন্তত ভাৰতীয় ইনিংছৰ ৬৮ নং অভাৰৰ সময়ত ঋষভ পণ্টে ক্ৰীছ ৱ’কেছৰ বলত ৰিভাৰ্ছ ছুইপ শ্বট খেলিবলৈ চেষ্টা কৰে । কিন্তু বল বেটত নালাগি পোনেই পণ্টৰ ভৰিত আঘাত কৰে।
প্ৰচণ্ড জোৰে পণ্টৰ ভৰিত আঘাত কৰাত কিছু সময় কেকাই থাকি পাছত জোতা খুলি দেখে আঘাত গুৰুতৰ। ঠিয় হৈ থাকিব নোৱাৰা অৱস্থা হৈ পৰে পণ্টৰ। লগে লগে উপস্থিত হয় চিকিৎসকৰ দল ৷
আঘাত লগে লগে ফুলি তেজ ওলোৱাৰ ফলত আঘাত লৈয়ে ‘ৰিটায়াৰ্ড হাৰ্ট’ হৈ ষ্টেডিয়ামৰ পৰা ওলাই হে।
https://x.com/mufaddal_vohra/status/1948065245592993979
বৰ্তমানে বিচিচিআইয়ে পণ্টৰ আঘাতৰ ওপৰত এটা আপডেট দিছে ৷ ব’ৰ্ডে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত লিখিছে যে মানচেষ্টাৰ টেষ্টৰ প্ৰথম দিনাই বেটিং কৰি থকাৰ সময়তে ঋষভ পণ্টৰ সোঁ ভৰিত আঘাত লাগে ৷ ষ্টেডিয়ামৰ পৰা তেওঁক স্কেনৰ বাবে লৈ যোৱা হৈছে। বিচিচিআইৰ চিকিৎসা দলে পণ্টৰ নিৰিক্ষণ কৰি আছে।
উল্লেখ্য যে, ‘ৰিটায়াৰ্ড হাৰ্ট’ হোৱাৰ পূৰ্বলৈকে পণ্টে ৪৮ টা বলত ৩৭ ৰান সংগ্ৰহ কৰি দলত অৰিহণা যোগাইছিল। এই ইনিংছত পণ্টে দুটা ৪ৰ লগতে এটা ৬ কোবাইছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















