ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড-এ অসম কন্যা টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁইলৈ বিশেষ সন্মান আগবঢ়াইছে৷
যোৱা শনিবাৰে অসমৰ বক্সাৰ তাৰকা গৰাকীক BCCIৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে ২৫ লাখ টকাৰ চেক প্ৰদান কৰে৷
BCCIএ লাভনীনাক বৰগোহাঁইক IPLৰ অনুষ্ঠানত এই সন্মান প্ৰদান কৰে। উক্ত চেক প্ৰদান অনুষ্ঠানত BCCIৰ সম্পাদক জয় শ্বাহো উপস্থিত থাকে।
লগতে পঢ়ক এইবাৰ দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালক ওভতি ধৰিলে অসমৰ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই
মুম্বাইত আইপিএলৰ কলকাতা নাইট ৰাইডাৰ্ছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজৰ প্ৰথম খেলখনৰ প্ৰাক মুহূৰ্তত লাভলীনাক এই সন্মান প্ৰদান কৰা হয়।
উল্লেখ্য যে ইতিপূৰ্বে BCCIএ টিকঅ’ অলিম্পিকৰ পদক বিজয়ী সকলো ক্ৰীড়াবিদকে আৰ্থিক পুৰস্কাৰ প্ৰদান কৰিব বুলি ঘোষণা কৰিছিল৷
লগতে পঢ়ক নিবনুৱালৈ সুখবৰ! ৰাজ্য চৰকাৰে প্ৰকাশ কৰিলে ২৬,৪৪১টা পদৰ বাবে বিজ্ঞাপন
উক্ত ঘোষণা অনুসৰিয়ে BCCI–এ টকিঅ’ অলিম্পিকত পদক আঁজুৰি অনা সকলকো খেলুৱৈকে সন্মান জনায়৷
BCCI–এ জেভলিন থ্ৰ’ত সোণৰ পদক লাভ কৰা নীৰজ চোপ্ৰাক এক কোটি টকা, ভাৰোত্তোলনত ৰূপৰ পদক পোৱা মণিপুৰৰ মীৰা বাই চানুক ৫০ লাখ টকা আৰু ব্ৰঞ্জ পদক লাভ কৰা খেলুৱৈসকলক ২৫ লাখ টকাৰ চেক প্ৰদান কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ