২৯ জুনত ভাৰতীয় ক্ৰিকেটত এক নতুন অধ্যায়ৰ সূচনা হৈছে৷ দ্বিতীয়বাৰ টি-২০ বিশ্বকাপ জয় কৰি মুঠ চাৰিবাৰৰ বাবে বিশ্বচেম্পিয়ন হোৱাৰ খিতাপ অৰ্জন কৰিছে ভাৰতীয় ক্ৰিকেট দলে৷ এই বিশ্বকাপ জয় কৰিয়েই আন্তৰ্জাতিক টি-২০ বিশ্বকাপক বিদায় জনাইছে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই৷ ভৱিষ্যৎ প্ৰজন্মক সুযোগ দিয়াৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে দুই মহাতাৰকাই৷
এই দুই তাৰকাৰ সৈতে আৰু এজন বিশেষ ব্যক্তিৰ বাবে এয়াই শেষ মেচ৷ তেওঁ হৈছে ৰাহুল দ্ৰাবিড়৷ টি-২০ বিশ্বকাপৰ ফাইনেল পৰ্যন্ত তেওঁৰ চুক্তি আছিল৷ ৰাহুল দ্ৰাবিড়ৰ কোচ হিচাপে ম্যাদ শেষ হৈছিল অডিআই বিশ্বকাপতেই৷ কিন্তু অডিআইৰ কেইমাহমান পাছতেই টি-২০ ফাইনেল হোৱা হেতুকে টি-২০ বিশ্বকাপো তেওঁৰ নেতৃত্বতেই হওক বুলি বিশেষ চুক্তি কৰে BCCIয়ে৷
ইয়াৰপাছতেই IPLৰ সময়ত বৰ্ডে জনাই যে তেওঁলোকে দলৰ বাবে কোচ বিচাৰি আছে৷ সেই সময়ৰ পৰাই কোচ হিচাপে বহুতেই গৌতম গম্ভীৰৰ নামেই লৈ আহিছে৷ মেণ্টৰ হিচাপে অন্যতম সফল খেলুৱৈ হৈছে গম্ভীৰ৷ তেওঁৰ নেতৃত্বতেই এইবাৰ আইপিএলৰ ট্ৰফী তুলি লৈছে কলকাতা নাইট ৰাইডাৰ্ছে৷ সেয়ে তেওঁক জাতীয় দলৰ কোচ কৰাটো প্ৰায়সংখ্যক ক্ৰিকেটপ্ৰেমীয়েই বিচাৰিছে৷
কিন্তু তাৰপিছতেই খবৰ আহিছে যে গম্ভীৰৰ কেইটামান চৰ্ত আছে৷ বিচিচিআইয়ে তেওঁৰ সৈতে বাৰ্তালাপ কৰোতে কেইটামান বিশেষ চৰ্ত বান্ধি দিছে গৌতম গম্ভীৰে৷ এই চৰ্ত মানিলেহে কোচ হিচাপে দায়িত্ব ল’ব গম্ভীৰে৷ এইবাৰ বিশ্বকাপৰ পাছতেই সংবাদমাধ্যমৰ আগত বৰ্ডৰ প্ৰেছিডেণ্ট ৰজাব বিনিয়ে কয়, ‘গৌতম গম্ভীৰৰ বহু অভিজ্ঞতা আছে আৰু যদি গম্ভীৰক কোচ হিচাপে নিযুক্তি দিয়া হয় তেন্তে দলৰ বাবেই ভাল হ’ব৷ তেওঁৰ অভিজ্ঞতা ভাৰতীয় দলৰ বাবে দৰকাৰ৷ ভাৰতক এনে এজন কোচৰ খুবেই দৰকাৰ৷ ভাৰতক এনে এজন কোচ দৰকাৰ যিয়ে সকলো ফৰ্মেটতেই খেলিছে৷’
দ্ৰাবিড় কোচৰ দায়িত্বত থাকোতেই ভাৰতে বিশ্ব টেষ্ট চেম্পিয়নচিপ আৰু অডিআই বিশ্বকাপত ৰানাৰ্ছ আপ হৈছে৷ দ্ৰাবিড়ৰ হাতত ধৰিয়েই ১১ বছৰৰ পাছত বিশ্বকাপ হাতত তুলি লৈছে ভাৰতে৷ টি-২০ জিকিছে টিম ইণ্ডিয়াই৷ অধিনায়ক হিচাপে ২০০৭ চনত দলক জিকোৱাব নোৱাৰিলেও কোচ হিচাপে ২০২৪ চনত দলক বিশ্বকাপ জিকাইছে দ্ৰাবিড়ে৷ ৰাহুলৰ প্ৰশংসাত ৰজাব বিনিয়ে কয়, ‘ৰাহুল ক্ৰিকেটাৰ হিচাপেও শ্ৰেষ্ট আছিল৷ দলৰ প্ৰতি তেওঁৰ অৱদান আৰু অভিজ্ঞতাও বহু আছে৷ তথাপিও কিছু মেচত ভাৰতীয় দল পৰাস্ত হৈছে সেয়া সময়ৰ ওপৰত৷’ ইফালে গম্ভীৰক কোচ হিচাপে লোৱাৰ বাবে আলোচনাও চলি আছে৷ গম্ভীৰে এই সন্দৰ্ভত এতিয়ালৈকে কোনো মন্তব্য কৰা নাই যদিও অন্ধ্ৰপ্ৰদেশৰ তিৰুপতি মন্দিৰত সপত্নীক দেখা গৈছে গৌতম গম্ভীৰক৷ ভাৰতীয় দলে বিশ্বকাপ জয় কৰা সন্দৰ্ভত তেওঁ সেই স্থানৰ পৰাই দলটোক শুভেচ্ছা জনাই দুখ প্ৰকাশো কৰিছে৷ দুখ প্ৰকাশৰ কাৰণ হৈছে বিৰাট আৰু ৰোহিত শৰ্মাৰ অৱসৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ