বিশ্বৰ ধনাঢ্য ব্যক্তি তথা বিলিয়নেয়াৰ এলান মাস্কে ক্ৰয় কৰিব টুইটাৰ! ৪১ বিলিয়ন মাৰ্কিন ডলাৰ মূল্যত টুইটাৰক ক্ৰয় কৰাৰ প্ৰস্তাৱ দিছে বিশ্বৰ ধনাঢ্য ব্যক্তিগৰাকীয়ে৷
বিলিয়নেয়াৰ এলন মাস্কে ছ’চিয়েল মিডিয়া কোম্পানীটোৰ ব’ৰ্ডৰ আসন প্ৰত্যাখ্যান কৰাৰ কেইদিনমান পিছতে টুইটাৰক প্ৰায় ৪১ বিলিয়ন মাৰ্কিন ডলাৰত ক্ৰয় কৰাৰ প্ৰস্তাৱ দিছে।
লগতে পঢ়ক কি জঘন্য! ৰক্ষা নপৰিল বন্যপ্ৰাণী গুঁই, চাৰি লোকে কৰিলে উপৰ্যুপৰি গণধৰ্ষণ
বৃহস্পতিবাৰে প্ৰকাশ মোৱা মতে মাস্কৰ প্ৰতিটো শ্বেয়াৰৰ অফাৰ মূল্য প্ৰায় ৫৪.২০ ডলাৰ৷ ইফালে ৩৮% শতাংশ প্ৰিমিয়াম শ্বেয়াৰ থকা টুইটাৰৰ সৈতে ১ এপ্ৰিলত মাস্কৰ অংশীদাৰিত্বৰ ম্যাদ শেষ হ’ব৷
আনহাতে, মাস্কে এই প্ৰস্তাৱ দিয়াৰ দিনাই টুইটাৰৰ প্ৰি-মাৰ্কেট শ্বেয়াৰ ১২% শতাংশলৈ বৃদ্ধি হৈছে৷
‘‘মই বিনিয়োগ কৰাৰ পিছৰে পৰা উপলব্ধি কৰিছো যে কোম্পানীটোৱে বৰ্তমানৰ ৰূপত উন্নত সেৱা আগবঢ়াব নোৱাৰে। টুইটাৰক এটা ব্যক্তিগত কোম্পানী হিচাপে ৰূপান্তৰিত কৰা প্ৰয়োজন৷,’’ টুইটাৰৰ অধ্যক্ষ ব্ৰেট টেইলৰলৈ লিখা এখন পত্ৰত মাস্কে কয়।
লগতে পঢ়ক অন্ধ্ৰ প্ৰদেশৰ ৰাসায়নিক কাৰখানাত ভয়ংকৰ বিস্ফোৰণ; নিহত ৬, আহত ১৩
‘‘এয়া মোৰ শ্ৰেষ্ঠ আৰু চূড়়ান্ত প্ৰস্তাৱ৷ যদি ইয়াক গ্ৰহণ কৰা নহয়, মই শ্বেয়াৰহোল্ডাৰ হিচাপে মোৰ স্থিতি পুনৰ বিবেচনা কৰিব লাগিব,’’ মাস্কে পত্ৰখনত লগতে কয়।
উল্লেখ্য যে এই সপ্তাহৰ আৰম্ভণিতে মাস্কে কৈছিল যে তেওঁ টুইটাৰৰ ব’ৰ্ডৰ আসন ত্যাগ কৰাৰ পৰিকল্পনা কৰিছে৷
এই ঘোষণা কৰাৰ পিছতে মাস্কে টুইটাৰৰ ব’ৰ্ডৰ আসন ত্যাগ কৰে আৰু টুইটাৰক ক্ৰয় কৰাৰ শেষৰটো প্ৰস্তাৱ প্ৰদান কৰিছে৷ মাস্কৰ এই প্ৰস্তাৱ সন্দৰ্ভত টুইটাৰৰ অধ্যক্ষ ব্ৰেট টেইলৰে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সেয়া জানিব পৰা হোৱা নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ