অসম লাইভ ২৪ঃ অৱশেষত ৰাজ্যিক বিজেপিৰ সভাপতিৰ নাম ঘোষণা কৰিলে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই। ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে নিযুক্তি দিয়া হ’ল ৰঙিয়া সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ভৱেশ কলিতাক। শনিবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই ঘোষণা কৰিলে ভৱেশ কলিতাৰ নাম। শীঘ্ৰেই ৰঞ্জিত দাসৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰিব নতুন সভাপতি ভৱেশ কলিতাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















