প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই মৌচুমীক শেষ কৰিলে কেব চালক ভূপেন দাসে৷
প্ৰায় দুবছৰীয়া প্ৰেমৰ সম্পৰ্কত আছিল মৌচুমী আৰু ভূপেন৷
ভূপেন পূৰ্বে বিবাহিত হোৱা বুলি গম পোৱাৰ পাছত মৌচুমীয়ে এই সম্পৰ্কত দূৰত্ব আনে৷
বহুদিন ধৰি প্ৰেমৰ প্ৰস্তাৱ পুনৰ দি আহিছিল ভূপেনে৷
কিন্তু মৌচুমীয়ে সেই প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখান কৰি আছিল৷
তাৰপিছতেই আৰম্ভ হৈছিল ভূপেনৰ মৌচুমীলৈ মৃত্যুৰ ভাবুকি৷
এমাহ পূৰ্বে জালুকবাৰীতো দা লৈ মৌচুমীক খেদি ফুৰিছিল ভূপেনে৷
মৌচুমীক চুৰিকাঘাত কৰাৰ পাছতেই আত্মহননৰ চেষ্টা ভূপেনৰ৷
নিজা বাহনৰ পৰা আঘাতপ্ৰাপ্ত অৱস্থাত ভূপেনক উদ্ধাৰ কৰিছে আৰক্ষীয়ে৷
ভূপেনৰ ৱালেটৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে মৌচুমীৰ কেইবাখনো পাছপৰ্ট চাইজৰ ফটোও৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















