সামাজিক মাধ্যমত তেওঁ খুবেই জনপ্ৰিয় হৈ পৰিছিল৷ তেওঁৰ ভিডিঅ’ দেখিলে আপুনিও হয়তো লাইক বা কেয়াৰ ইমজি এটা তেওঁৰ বাবে দিছিল৷ ছচিয়েল মিডিয়াত লাখ লাখ লোকৰ হৃদয়ত স্থান দখল কৰা বিবেক পাংগেনীৰ ২০২৪ চনৰ ১৯ ডিচেম্বৰত মৃত্যু হয়।
দীৰ্ঘদিন ধৰি মগজুৰ কৰ্কটত আক্ৰান্ত হৈ আছিল তেওঁ। কৰ্কটৰ সৈতে যুঁজি থাকিলেও বিবেক আৰু তেওঁৰ পত্নী ছ’চিয়েল মিডিয়া প্লেটফৰ্মত যথেষ্ট সক্ৰিয় আছিল। তেওঁৰ পত্নী সৃজনীয়ে দুয়োৰে ভিডিঅ’বোৰ অবিৰতভাৱে শ্বেয়াৰ কৰি আছিল৷ তেওঁৰ কাহিনীয়ে লাখ লাখ মানুহক অনুপ্ৰাণিত কৰাৰ লগতে দুয়োকে ৰোগৰ সৈতে যুঁজিবলৈকো সাহস দিছিল৷ অৱশেষত কৰ্কটৰ ওচৰত হাৰ মানিলে বিবেকে৷ সৃজনাক এৰি ঘূৰি নহাৰ বাটেৰে গ’লগৈ বিবেক৷ সৃজনালৈ থৈ গ’ল ভালপোৱাৰ সুগন্ধি থকা এখিনিমান স্মৃতি৷ বিবেকৰ মৃত্যুৰ খবৰ ভাইৰেল হোৱাৰ পাছতেই লাখ লাখ লোকে শ্বেয়াৰ কৰিছে তেওঁৰ পোষ্ট৷ তেওঁক শেষ শ্ৰদ্ধা কাষত ৰৈ জনাবলৈ নাপালেও সামাজিক মাধ্যমতেই দিছে এমুঠি অশ্ৰুঅঞ্জলী৷
সৃজনা সুবেদী কোন?
সৃজনাই নিজেই কাটি পেলাইছিল সুন্দৰ চুলিকোছা
সৃজনা চুবেৰীৰ প্ৰতিও মানুহ আকৰ্ষিত হৈছিল। স্বামী বিবেকক তেওঁ যথেষ্ট ভালপাইছিল যাৰ বাবে বিবেকৰ চুলি সম্পূর্ণ নোহোৱা হৈ যোৱা দেখি নিজৰ চুলিও কাটি পেলালে৷ সৃজনাই স্বামীৰ কঠিন সময়ত সকলো ধৰণেৰে সহায় কৰিছিল। স্বামীৰ মৃত্যুৰ পিছতে সৃজনা ভাঙি পৰিছে৷ অনুৰাগীৰ প্ৰাৰ্থনা বিবেকৰ আত্মাই শান্তি পাওক লগতে এই দুখৰ পৰা সোনকালেই যাতে সৃজনা ওলাই আহিব পাৰে তাৰবাবে নেদেখাজনে শক্তি দিয়ক সৃজনাক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















