ভয়ংকৰ দুৰ্ঘটনা, উফৰি গৈ নদীত সোমাল বাহন, একেলগে প্ৰাণ হেৰুৱালে ৫ জনকৈ লোকে
আজি বিহাৰৰ ঔৰংগাবাদত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন চাৰিচকীয়া বাহন পথৰ পৰা উফৰি হৈ নদীৰ পানীৰ পৰি ডুব যায়। এই দুৰ্ঘটনাত ৫ জন লোকৰ মৃত্যু হৈছে।
কেউটা মৃতদেহ আৰক্ষীয়ে নদীৰ পৰা উদ্ধাৰ কৰিছে। মৃত লোক কেইজন পাটনা আৰু আৰাৰ বাসিন্দা বুলি জানিব পৰা গৈছে। মৃত্যু হোৱা সকলৰ ভিতৰত ১৬ বছৰীয়া কিশোৰ এটিও আছে।
আৰক্ষীয়ে মৃতদেহ কেইটা নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। দৌদনগৰ অঞ্চলত সংঘটিত হৈছে এই ঘটনা। বহু লোকে বাহনখন নদীত পৰি যোৱা দেখিছিল যদিও নদীৰ পানীৰ ঢৌৰ বাবে কোনেও বচাব পৰা নাছিল। গাড়ীখন নদীত পৰি থকা দেখি আৰক্ষীক খবৰ দিয়ে।
ঘটনাস্থলীত আৰক্ষী আহি নদীৰ পৰা গাড়ীখন উলিয়াই আনি পাঁচোটা মৃতদেহ উদ্ধাৰ কৰে। আত্মহত্যাৰ কোণৰ পৰা এই গোচৰৰ তদন্ত কৰা হ’ব। চেণ্ট্ৰেল লকৰ বাবে পানীত উটি যায় পাঁচোটা।
চেণ্ট্ৰেল লকৰ বাবে বাহনৰখনৰ পৰা কোনো লোক বাহিৰ ওলাই আহিব নোৱাৰিলে আৰু পানীত ডুব যোৱাৰ ফলত মৃত্যু হয়। মৃতদেহ কেইটাৰ পিন্ধনলৈ চাই এনে লাগে যেন দুৰ্ঘটনাত নিহত লোকসকল কোনো ধৰ্মীয় তীৰ্থযাত্ৰা কৰি উভতি আহিছিল। মৃত কেইজনৰ ভিতৰত তিনিজনে শাওন মাহত পৰিধান কৰা কেশৰী ৰঙৰ কাপোৰ পিন্ধিছিল। আধাৰ কাৰ্ডৰ মতে মৃত ৪ জন পাটনাৰ ৰাজীৱ নগৰৰ বাসিন্দা আৰু এজন আৰাহৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















