এগৰাকী নাবালিকা ছাত্ৰীক যৌন উৎপীড়ন চলোৱাৰ অভিযোগ দুই শিক্ষকৰ বিৰুদ্ধে৷
বিলাসীপাৰা শঙ্কৰদেৱ শিশু আৰু বিদ্যা নিকেতনৰ দুই শিক্ষকৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে ৷
বিদ্যালয় খনৰ দুই শিক্ষক ক্ৰমে ভৃগুজিৎ শৰ্মা আৰু মনজিৎ দাসৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ৷
বিদ্যালয়খনৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক দাবী ধমকি দি মটৰ চাইকেলত তুলি লৈ গৈ যৌন উৎপীড়ন চলাইছিল দুই শিক্ষকে৷
ভুক্তভোগী নাবালিকা ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে বিলাসীপাৰা আৰক্ষী থানাত ঘটনা সন্দৰ্ভত দাখিল কৰে এজাহাৰ৷
এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ৮৯/২৫ নম্বৰ আৰু ৭৫ (BNS), ১২ POCSO ধাৰাত গোচৰ ৰুজু কৰি লম্পট শিক্ষকদ্বয়ক গ্ৰেপ্তাৰ কৰি জেল হাজোত লৈ প্ৰেৰণ কৰিছে৷
ইফালে এই ঘটনাৰ পিছতে বিদ্যালয় কৰ্তৃপক্ষই শিক্ষক দ্বয়ক চাকৰিৰ পৰা নিলম্বন কৰে বুলি বিদ্যালয় সুত্ৰে প্ৰকাশ কৰে৷
এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ