অসম লাইভ২৪ঃ বিলকিছ বানো গোচৰত উচ্চতম ন্যায়ালয়ৰ আন এক বৃহৎ ধাক্কা। ম্যাদ শেষ হোৱাৰ পূৰ্বেই আটাইকেইটা ধৰ্ষকৰ মুক্তিৰ সিদ্ধান্ত লৈছিল গুজৰাট চৰকাৰে। গুজৰাট চৰকাৰৰ সেই সিদ্ধান্তক লৈ শীৰ্ষ আদালতে অৱশেষত দিছে বিশেষ ৰায়। অৰ্থাৎ গুজৰাট চৰকাৰে মুক্তি দিয়া ১১ জন ধৰ্ষকক আকৌ কাৰাগাৰলৈ উভতি যোৱাৰ নিৰ্দেশ আদালতৰ। ইয়াৰ সৈতে উচ্চতম ন্যায়ালতে স্পষ্টৰূপত জনাই দিছে যে এই গোচৰৰ শুনানি চলিব। সোমবাৰে পুৱাই উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ত উল্লেখ কৰিছে যে গুজৰাট চৰকাৰৰ সিদ্ধান্ত এক্তিয়াৰ বহিৰ্ভূত। এই গোচৰৰ শুনানি চলিব। ১১ জন ধৰ্ষক কোনো কাৰণত মুকলি আকাশৰ তললৈ আহিব নোৱাৰে।
ন্যায়াধীশ বি ভি নাগৰত্ন আৰু ন্যায়াধীশ উজ্জ্বল ভুয়ানোৰ পৰ্যবেক্ষণ মতে জালিয়াতি কৰি ধৰ্ষকসকলৰ মুক্তি দিয়া হৈছিল। ডিভিশ্ব্যন বেঞ্চে জনোৱা অনুসৰি ধৰ্ষকসকলক মুক্তি দিয়াৰ সিদ্ধান্ত লোৱাৰ অধিকাৰ কোনে দিছে গুজৰাট চৰকাৰক? যিহেতু এই গোচৰৰ শুনানি মহাৰাষ্ট্ৰত হৈছে সেয়ে এই সিদ্ধান্ত হোৱাৰ অধিকাৰো আছে যদি কেৱল মহাৰাষ্ট্ৰ চৰকাৰৰেই আছে।
২০২২ চনৰ ১৫ আগষ্টত ৭৬তম স্বাধীনতা দিৱসত বিলকিছকাণ্ডত কাৰাগাৰৰ শাস্তি লাভ কৰা ১১ টা ধৰ্ষকক মুক্তি দিয়াৰ সিদ্ধান্ত লৈছিল গুজৰাট চৰকাৰে। ইয়াৰ পূৰ্বে মুক্তিৰ বাবে আদালতত আৱেদনো জনাইছিল সেই ধৰ্ষণৰ গোচৰত শাস্তি লাভ কৰা অপৰাধীকেইটাই। সেই আৱেদনৰ ভিত্তিতেই গুজৰাট চৰকাৰক সিদ্ধান্ত দিবৰ বাবে আহ্বান জনাইছিল আদালতে। এই ক্ষমতা পাই লগে লগেই গুজৰাটৰ বিজেপি শাসিত চৰকাৰে আটাইকেইটা অপৰাধীক এৰি দিয়াৰ পক্ষে ৰায় দিয়ে। আদালতক তেওঁলোকে ১১ জন অপৰাধীত এৰি দিব লাগে বুলি জনায়। শীৰ্ষ আদালতৰ নিৰ্দেশ অবিহনেই কাৰাগাৰৰ পৰা মুক্তি লাভ কৰি মুকলি আকাশৰ তললৈ আহে ১১ অপৰাধী। বিজেপি দলে সম্বৰ্ধনাৰে আদৰিও আনে আটাইকেইটা অপৰাধীক। এই আদৰণি পৰ্ব সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাছতেই দেশজুৰি বিষয়টোৱে চৰ্চা লাভ কৰে।
চৰ্চাই নহয়, আৰম্ভ হয় বিতৰ্কৰো। কিয় ম্যাদ শেষ হোৱাৰ পূৰ্বেই ১১ টা ধৰ্ষকক মুক্তি দিয়া হ’ল? বিতৰ্কৰ মাজতেই গুজৰাট চৰকাৰে জনাই যে ১১ টা ধৰ্ষকৰ ভাল আচৰণৰ বাবে তেঁওলোকৰ ম্যাদ কমাই দিয়া হৈছে। যদিও প্ৰতিপক্ষৰ দাবী যে সেই ১১ টা ধৰ্ষণকাৰী যেতিয়া কাৰাগাৰৰ বাহিৰলৈ আহে তেতিয়াও কিন্তু আটাইকেইটাই বিভিন্ন অপৰাধজনক কামেই কৰি আছে। ১১ অপৰাধীৰ ভিতৰৰ দুটাৰ বিৰুদ্ধে মুক্তিৰ পাছতেই অপৰাধমূলক কাৰ্যকলাপৰ অভিযোগত এফ আই আৰো দাখিল কৰা হৈছে। মুঠ ১০ জনে বিভিন্ন সময়ত পেৰোলৰ নিয়মো ভংগ কৰিছে বুলি অভিযোগ উত্থাপিত হৈছিল।
উল্লেখ্য যে ২০০২ চনত গোধৰাকাণ্ডৰ পাছতেই গুজৰাটত সাম্প্ৰদায়িক হিংসা চলাৰ সময়ত ৩ মে তাৰিখে দাহোড় জিলাৰ দেবগড় বাৰিয়া গাওঁত আক্ৰমণ চলিছিল। সেই গাঁৱৰেই পাঁচ মহীয়া গৰ্ভৱতী বিলকিছক গণধৰ্ষণ কৰা হৈছিল। বিলকিছৰ চকুৰ সন্মুখতেই তেওঁৰ ৩ বছৰীয়া কন্যাকো শিলেৰে মৰিয়াই মৰিয়াই হত্যা কৰা হৈছিল। ঘটনাস্থলীতেই শিশুটিৰো মৃত্যু হয়। তেওঁৰ পৰিয়ালৰ অন্য কেইগৰাকী সদস্যকো হত্যা কৰা হয়। এই অপৰাধক আটাইতকৈ হিংস্ৰ ঘটনাৰ ভিতৰত এটা বুলি মুম্বাইৰ চিবিআই আদালতে কঠোৰ শাস্তিৰ নিৰ্দেশ দিছিল। ২০০৮ চনৰ ২১ জানুৱাৰীত মুঠ ১২ জনৰ বিৰুদ্ধে যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিছিল বিশেষ আদালতে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ