• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সন্তানৰ বাবে মাত্ৰ ১শতাংশ ৰাখি ২০ হাজাৰ কোটি ডলাৰ বিলাই দিয়াৰ সিদ্ধান্ত বিল গেটছৰ, কোনে কোনে পাব ধনকুবেৰৰ সম্পত্তি?

সন্তানৰ বাবে মাত্ৰ ১শতাংশ ৰাখি ২০ হাজাৰ কোটি ডলাৰ বিলাই দিয়াৰ সিদ্ধান্ত বিল গেটছৰ, কোনে কোনে পাব ধনকুবেৰৰ সম্পত্তি?

7 months ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

31 minutes ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

1 hour ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

2 hours ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

3 hours ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

3 hours ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

4 hours ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

21 hours ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

23 hours ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

1 day ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

1 day ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

1 day ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

সন্তানৰ বাবে মাত্ৰ ১শতাংশ ৰাখি ২০ হাজাৰ কোটি ডলাৰ বিলাই দিয়াৰ সিদ্ধান্ত বিল গেটছৰ, কোনে কোনে পাব ধনকুবেৰৰ সম্পত্তি?

সন্তানৰ বাবে মাত্ৰ ১শতাংশ ৰাখি ২০ হাজাৰ কোটি ডলাৰ বিলাই দিয়াৰ সিদ্ধান্ত বিল গেটছৰ, কোনে কোনে পাব ধনকুবেৰৰ সম্পত্তি?

editor by editor
August 23, 2025
in বিশ্ব, লেখা
0
সন্তানৰ বাবে মাত্ৰ ১শতাংশ ৰাখি ২০ হাজাৰ কোটি ডলাৰ বিলাই দিয়াৰ সিদ্ধান্ত বিল গেটছৰ, কোনে কোনে পাব ধনকুবেৰৰ সম্পত্তি?
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৯৯৫ত প্ৰথমবাৰ বিশ্বৰ সকলোতকৈ ধনী ব্যক্তিৰ খিতাপ তেওঁ অৰ্জন কৰিছিল৷ তাৰপিছতেই ১৮ বছৰ ধৰি লেথাৰিকৈ তেওঁ বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত প্ৰথম স্থানত আছে৷ মাত্ৰ ১৩ বছৰ বয়সৰ পৰা প্ৰগ্ৰামিঙৰ পথেৰে যাত্ৰা আৰম্ভ কৰিছিল এসময়ৰ সৰ্বোচ্চ ধনী ব্যক্তিয়ে৷ কিন্তু বৰ্তমান নিজৰ সম্পত্তিৰ সৰ্বস্ব বিলাই দিয়াৰ সিদ্ধান্ত হৈছে৷ মাইক্ৰছফ্ট সংস্থাৰ অন্যতম কৰ্ণধাৰ বিল গেটছে তেওঁৰ সমূহ সম্পত্তিৰ ৮০শতাংশই বিলাই দিয়াৰ সিদ্ধান্ত লৈছে৷

বিল গেটছ, সম্পূৰ্ণ নাম উইলিয়াম হেনৰি গেটছ তৃতীয়৷ ১৯৫৫ চনৰ ২৮ অক্টোবৰত যুক্তৰাষ্ট্ৰৰ ছিয়াটলত তেওঁৰ জন্ম৷ সৰুৰে পৰাই কম্পিউটাৰত বিশেষ আগ্ৰহ আছিল বিল গেটছৰ৷ ছফ্টৱেৰ কি কেনেকৈ কাম কৰে? নতুন নতুন উদ্ভাৱনৰ প্ৰতি আগ্ৰহ আছিল অতি প্ৰবল৷ মাত্ৰ ১৩ বছৰ বয়সৰ পৰাই কম্পিউটাৰ প্ৰগ্ৰামিঙৰ বিষয়ক লৈ তেওঁ বিভিন্ন কাম কৰিছে৷

ছিয়াটলৰ লেকছাইড স্কুলৰ ছাত্ৰ আছিল তেওঁ৷ ১৯৭৩চনত গণিত আৰু কম্পিউটাৰ চায়েন্সত পঢ়াশুনা আৰম্ভ কৰে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা৷ কিন্তু পঢ়াশুনা তেওঁ শেষ নকৰিলে৷ নতুন কিছু উদ্ভাৱনৰ তাগিদাতেই আধাতেই পঢ়া এৰি তেওঁ ছফ্টৱেৰ তৈয়াৰৰ কামত লাগে৷ প্ৰথমে বন্ধুৰ সৈতে মিলি ট্ৰাফ আৰু ডাটা নামৰ এটা ছফ্টৱেৰ তৈয়াৰ কৰিছিল৷ এই ছফ্টৱেৰে বাহনৰ ট্ৰেফিক ডাটা বিশ্লেষণ কৰিবলৈ সক্ষম বুলি তেতিয়া তেওঁ দাবী কৰিছিল৷ কিন্তু সেই আৱিষ্কাৰে তেওঁৰ মনক শান্ত ৰাখিব পৰা নাছিল৷ পাছলৈ তেওঁ বিশ্ববিদ্যালয় বাদ দি সমগ্ৰ সময় মাইক্ৰছফ্ট তৈয়াৰৰ কামত নিজকে নিযুক্ত কৰে৷

১৯৭৫ চনত মাইক্ৰছফ্ট সংস্থা প্ৰতিষ্ঠা কৰে গেটছ আৰু তেওঁৰ বন্ধুৱে৷ শুনা যায়, ভাৰতীয় মুদ্ৰাৰ নিৰিখত ডেৰ লাখ টকাৰে তেওঁ আৰম্ভ কৰিছিল মাইক্ৰছফ্টৰ যাত্ৰা৷ তাৰ পৰাই এতিয়া তেওঁ বাৰ্ষিক আয় কৰে কেইবাশ কোটি টকা৷ বৰ্তমান প্ৰায় ২০ হাজাৰ কোটি ডলাৰৰ মালিক গেটছ৷ কিন্তু এই টকা কেৱল নিজৰ কৰি ৰখাত আগ্ৰহী নহয় বিশ্বৰ অন্যতম ধনী ব্যক্তি৷ ১৯৯৪ত মাইক্ৰছফ্টৰ প্ৰডাক্ট মেনেজাৰ মেলিণ্ডা ফ্ৰেঞ্চক বিয়া কৰাই বিল গেটছে৷ ২৭ বছৰীয়া দাম্পত্যৰ পাছত ২০২১ চনত তেওঁৰ বিচ্ছেদ হয়৷ তেওঁলোকৰ তিনিটা সন্তানো আছে৷ জেনিফাৰ কেথেৰিন গেটছ, ৰৰি জন গেটছ আৰু ফোবি এডেল গেটছ৷ ডাঙৰ সন্তান জেনিফাৰ এগৰাকী প্ৰতিষ্ঠিত চিকিৎসক৷ ৰৰি গেটছ দম্পত্তিৰ একমাত্ৰ পুত্ৰ৷ তেওঁ পছন্দ কৰে কবিতা লিখিবলৈ৷ বৰ্তমান ইনষ্টিটিউট অফ ৱাৰ্ল্ড পলিটিক্সত পিএইচ ডি কৰিছে৷ সৰু সন্তান ষ্টেনফোৰ্ড বিশ্ববিদ্যালয়ৰ পৰা সদ্য স্নাতক৷
২০০০ চনত বিল গেটচ আৰু মেলিণ্ডাই এটা সংস্থা প্ৰতিষ্ঠা কৰিছিল যাৰ নাম দিয়া হৈছিল বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেছন৷ এয়া মূলত এক স্বাস্থ্য উন্নয়ন কেন্দ্ৰভূমি, য’ত মেলেৰিয়া, পোলিয়ো, এইচআইভিসহ আৰু বহু দুৰাৰোগ্য ব্যাধি ৰোধৰ বাবে কাম  কৰে৷ ইয়াৰোপৰি আফ্ৰিকা আৰু এছিয়াৰ দেশসমূহত শিক্ষাক উন্নত কৰাৰ বাবেও কাম কৰে তেওঁৰ এই সংস্থাই৷ চলিত বছৰত এই সংস্থাৰ প্ৰতিষ্ঠা দিৱসৰ ২৫ বছৰীয়া পূৰ্তি উদযাপন কৰে৷ উক্ত অনুষ্ঠানতেই বিশেষ অতিথি আছিল গেটছ৷ তাতেই বক্তৃতাত তেওঁ নিজৰ সম্পত্তি বিলাই দিয়াৰ কথা ঘোষণা কৰে৷ তাৰপিছতেই চৰ্চা আৰম্ভ হৈছে আন্তৰ্জাতিক মহলত৷
এটা প্ৰেছ বিবৃত্তি দি গেটছে জনাইছে যে নিজৰ ২০ হাজাৰ কোটি ডলাৰৰ সম্পত্তিৰ মাত্ৰ ১ শতাংশ তেওঁ সন্তানৰ বাবে ৰাখিব৷ বাকী ধন তেওঁ দান আৰু সংস্থাৰ নামত খৰচ কৰিব৷ তেওঁ কয়, ‘মই প্ৰতিশ্ৰুতি দিছো যে আগন্তুক ২০ বছৰৰ ভিতৰত মই মোৰ সম্পদ দান কৰি দিম৷ ইয়াৰে বেছিভাগ ধন আফ্ৰিকাৰ মানুহৰ বাবে ব্যয় কৰা হব৷’ গেটছৰ এই সিদ্ধান্তক বহু মানুহে সমৰ্থন জনাইছে যদিও সমালোচনাও হৈছে৷ বহুতৰে মতে গেটছে আফ্ৰিকাত আধিপত্য বিস্তাৰৰ কাৰণে এই সিদ্ধান্ত লৈছে৷ সমালোচকে কৈছে যে ডাঙৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা নিৰ্বাচিত চৰকাৰ বা আন্তৰ্জাতিক সংস্থাৰ হোৱা উচিত, কোনো এজন ধনকুবেৰে এনে সিদ্ধান্ত লোৱাটো গ্ৰহণযোগ্য নহয়৷
ইফালে গেটছেও কৰিছে আন এক দাবী৷ কিয় তেওঁ এই সম্পত্তি বিলাই দিব খুজিছে সেয়া স্পষ্ট কৰিবলৈ সম্প্ৰতি এখন চিঠিও লিখিছে তেওঁ৷ চিঠিত তেওঁ উল্লেখ কৰিছে, ‘মোৰ মৃত্যু হলে মানুহে মোক লৈ বহু কথাই কব৷ কিন্তু এনে কথা যেন কোনোৱে নকয় যে এই মানুহজন বহু ডাঙৰ মানুহ আছিল৷ সম্পদ নিজৰ কৰি ৰখাৰ সলনি জৰুৰী সমস্যাসমূহ সমাধান কৰাই মোৰ লক্ষ্য৷’

চিকিৎসা সংক্ৰান্তিয় নানান কামত ইতিমধ্যেই প্ৰায় ১০ হাজাৰ কোটি ডলাৰ ব্যয় কৰিছে গেটছে৷ ইয়াৰ ফলত বিশ্বত শিশুমৃত্যুৰ হাৰ কমিছে বুলিও দাবী কৰিছে বহুতে৷ কিন্তু তেওঁ ইয়াতেই সন্তুষ্ট নহয়৷ তেওঁৰ আশাংকা যে যি হাৰত বিদেশী সাহায্য কমাই অনা হৈছে তেনে পৰিস্থিতিত আফ্ৰিকাৰ দেশসমূহৰ আৰু উন্নতি নহব৷ শেষ জীৱনত যেন তেওঁ সম্পদৰ সকলোখিনিয়েই উন্নয়ণমূলক কোনো কামত লগাব পাৰে সেই চেষ্টাই কৰিছে গেটছে৷

প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত তেওঁ কয়, ‘যদি মোৰ আৰু সময় থাকিলহেতেন এনে ভাৱ আহে৷ মই মানিবই লাগিব যে মোৰ এয়া জীৱনৰ শেষ অধ্যায়৷ আৰু মই এই সম্পদৰ এজন অভিভাৱক৷ মই নিশ্চিত কৰি যাব লাগিব যাতে মোৰ এই অৰ্থ সঠিকভাৱে ব্যয় হয়৷ এয়াই মোৰ জীৱনৰ শেষৰটো সপোন৷’

উল্লেখ কৰা প্ৰয়োজন যে বিল গেটছে শীঘ্ৰেই ৭০বছৰত ভৰি দিব৷ বাৰ্ধক্য আহিলেও আগন্তুক ২০ বছৰৰ সপোন তেওঁৰ দুচকুত৷ শেষ বয়সত তেওঁ বিপুল সম্পদ এৰি সাধাৰণ জীৱন যাপনৰ প্ৰতি খুবেই আগ্ৰহী৷ সেয়ে তেওঁ ভাষণত কৈছে, ‘মই আশা কৰো ২০বছৰৰ সপোন থাকিলেও ২০ বছৰতকৈ বেছি সময় মই জীয়াই থাকিম৷ যিমান খিনি প্ৰয়োজন যেন লাগে বাৰ্ধক্যৰ বাবে সেইখিনি সামান্য ধন নিজৰ বাবে ৰাখি বাকীখিনি মই আফ্ৰিকাৰ বাবেই দিব খোজো৷’

আফ্ৰিকাত মুঠ ৫৪ খন দেখ আছে৷ তাৰমাজতেই সকলো দেশৰ জনস্বাস্থ্যৰ উন্নয়ন সমান নহয়৷ কিছু কিছু দেশত সামূহিকভাৱে চিকিৎসা সেৱাৰ সমস্যা প্ৰৱল৷ চিকিৎসকৰ ঘাটি, দুৰ্বল স্বাস্থ্য ব্যৱস্থা, অপুষ্টি, শিশুমৃত্যুসহ আৰু কিছু সমস্যা আফ্ৰিকাৰ যেন জন্মগত সমস্যা৷ এই সমস্যাসমূহ কমোৱাৰ বাবেই এই উদ্যোগ বিশ্বৰ অন্যতম ধনী ব্যক্তি বিল গেটছৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

March 14, 2026
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ
বিবিধ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

March 14, 2026
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!
জীৱনশৈলী

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

March 13, 2026
Next Post
৫ বছৰৰ পাছত আকৌ ভাৰতত মুকলি টিকটক? জানক কি কৈছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা?

৫ বছৰৰ পাছত আকৌ ভাৰতত মুকলি টিকটক? জানক কি কৈছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা?

আগন্তুক সপ্তাহত ধন যোগৰ প্ৰভাৱ, ধনভাগ্য উপচি পৰিব এই ৫ৰাশিৰ

আগন্তুক সপ্তাহত ধন যোগৰ প্ৰভাৱ, ধনভাগ্য উপচি পৰিব এই ৫ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.