• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোকা কোলাৰ স্থান আজিও কিয় ল’ব নোৱাৰে অন্য পানীয়ই? কেনেকৈ কোকা কোলাৰ সৈতে জড়িত হৈ আছে গৃহযুদ্ধৰ আঘাত! কোলা ৱাইনৰ পৰা কেনেকৈ নাম ল’লে কোকা কোলা?

কোকা কোলাৰ স্থান আজিও কিয় ল’ব নোৱাৰে অন্য পানীয়ই? কেনেকৈ কোকা কোলাৰ সৈতে জড়িত হৈ আছে গৃহযুদ্ধৰ আঘাত! কোলা ৱাইনৰ পৰা কেনেকৈ নাম ল’লে কোকা কোলা?

12 months ago
৪ৰাশিৰ ভাগ্যৰ চকা ঘুৰিব! এপ্ৰিলৰ শেষত এই ৰাশি হ’ব মালামাল

৪ৰাশিৰ ভাগ্যৰ চকা ঘুৰিব! এপ্ৰিলৰ শেষত এই ৰাশি হ’ব মালামাল

1 hour ago
সংসাৰত বিপদ অহাৰ পূৰ্বে এই ৬সংকেত পঠিয়াই তুলসী গছে! জানক এই ৬সংকেত কি কি?

সংসাৰত বিপদ অহাৰ পূৰ্বে এই ৬সংকেত পঠিয়াই তুলসী গছে! জানক এই ৬সংকেত কি কি?

2 hours ago
হাতৰ আঙুলিত নোম আছে? শুভ নে অশুভ? মানুহ হিচাপে কেনে হয় এনে ব্যক্তি? হাতৰ এই লক্ষণ চায়েই জানি থওক চৰিত্ৰ

হাতৰ আঙুলিত নোম আছে? শুভ নে অশুভ? মানুহ হিচাপে কেনে হয় এনে ব্যক্তি? হাতৰ এই লক্ষণ চায়েই জানি থওক চৰিত্ৰ

2 hours ago
এই ৩খাদ্যই বঢ়াই বেয়া কলষ্টেৰল, বঢ়াই হৃদৰোগৰ আশংকা, কি কি খাদ্য এৰাই চলিব?

এই ৩খাদ্যই বঢ়াই বেয়া কলষ্টেৰল, বঢ়াই হৃদৰোগৰ আশংকা, কি কি খাদ্য এৰাই চলিব?

3 hours ago
কাইলৈৰ ৰাশিফলঃ চ’ত পূৰ্ণিমাত মেজিক দেখুৱাব ধ্ৰুৱ যোগে, বজৰংবলীৰ কৃপা থাকিব ৫ৰাশিত

কাইলৈৰ ৰাশিফলঃ চ’ত পূৰ্ণিমাত মেজিক দেখুৱাব ধ্ৰুৱ যোগে, বজৰংবলীৰ কৃপা থাকিব ৫ৰাশিত

3 hours ago
অনামিকা আঙুলিত নহয়, মধ্যমা আঙুলিত আঙুঠি পিন্ধি চৰ্চাত ছলমান খান, নেটদুনীয়াত বহুতেই শ্বেয়াৰ কৰিছে ছলমানৰ ছবি, আঁৰৰ কাৰণ কি?

অনামিকা আঙুলিত নহয়, মধ্যমা আঙুলিত আঙুঠি পিন্ধি চৰ্চাত ছলমান খান, নেটদুনীয়াত বহুতেই শ্বেয়াৰ কৰিছে ছলমানৰ ছবি, আঁৰৰ কাৰণ কি?

4 hours ago
ইৰাণ যুদ্ধৰ প্ৰভাৱ ৰান্ধনীশালৰ পৰা বেডৰুম পালেগৈ! এইবাৰ বজাৰত নাটনি হৈছে কণ্ড**মৰ?

ইৰাণ যুদ্ধৰ প্ৰভাৱ ৰান্ধনীশালৰ পৰা বেডৰুম পালেগৈ! এইবাৰ বজাৰত নাটনি হৈছে কণ্ড**মৰ?

5 hours ago
বেবীবাম্পৰ ছবি দি পুনৰ চৰ্চাত পুনম পাণ্ডে, সঁচাকৈয়ে প্ৰেগনেণ্ট নে আন কিবা ছাৰপ্ৰাইজ?

বেবীবাম্পৰ ছবি দি পুনৰ চৰ্চাত পুনম পাণ্ডে, সঁচাকৈয়ে প্ৰেগনেণ্ট নে আন কিবা ছাৰপ্ৰাইজ?

5 hours ago
মন্দিৰৰ পৰা ওভতি অহাৰ সময়ত ক্ৰয় কৰিছিল টিকট! পিছদিনা পুৱাই দেখিলে, তেওঁ ১০ কোটিৰ মালিক

মন্দিৰৰ পৰা ওভতি অহাৰ সময়ত ক্ৰয় কৰিছিল টিকট! পিছদিনা পুৱাই দেখিলে, তেওঁ ১০ কোটিৰ মালিক

6 hours ago
এপ্ৰিলত গ্ৰহ সংযোগৰ প্ৰভাৱ ৪ৰাশিত, সতৰ্ক থাকক এইকেইটা ৰাশিৰ জাতক, জানি থওক প্ৰতিকাৰো

এপ্ৰিলত গ্ৰহ সংযোগৰ প্ৰভাৱ ৪ৰাশিত, সতৰ্ক থাকক এইকেইটা ৰাশিৰ জাতক, জানি থওক প্ৰতিকাৰো

6 hours ago
LPG চিলিণ্ডাৰৰ পাছত দাম বাঢ়িলে পেট্ৰল-ডিজেলৰো, লিটাৰে প্ৰতি নতুন দাম কিমান হ’ব?

LPG চিলিণ্ডাৰৰ পাছত দাম বাঢ়িলে পেট্ৰল-ডিজেলৰো, লিটাৰে প্ৰতি নতুন দাম কিমান হ’ব?

7 hours ago
কেইদিনমান পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

কেইদিনমান পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কোকা কোলাৰ স্থান আজিও কিয় ল’ব নোৱাৰে অন্য পানীয়ই? কেনেকৈ কোকা কোলাৰ সৈতে জড়িত হৈ আছে গৃহযুদ্ধৰ আঘাত! কোলা ৱাইনৰ পৰা কেনেকৈ নাম ল’লে কোকা কোলা?

কোকা কোলাৰ স্থান আজিও কিয় ল’ব নোৱাৰে অন্য পানীয়ই? কেনেকৈ কোকা কোলাৰ সৈতে জড়িত হৈ আছে গৃহযুদ্ধৰ আঘাত! কোলা ৱাইনৰ পৰা কেনেকৈ নাম ল’লে কোকা কোলা?

editor by editor
April 13, 2025
in জীৱনশৈলী, বিশ্ব, লেখা
0
কোকা কোলাৰ স্থান আজিও কিয় ল’ব নোৱাৰে অন্য পানীয়ই? কেনেকৈ কোকা কোলাৰ সৈতে জড়িত হৈ আছে গৃহযুদ্ধৰ আঘাত! কোলা ৱাইনৰ পৰা কেনেকৈ নাম ল’লে কোকা কোলা?
0
SHARES
118
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ব’হাগ পদুলিত৷ গ্ৰীষ্ম অৱশ্যে এতিয়াও আৰম্ভ হোৱা নাই৷ তাপমাত্ৰা বাঢ়িবলৈ ধৰাৰ বাবে গ্ৰীষ্মৰ পূৰ্বেই বজাৰত উপলব্ধ হৈছে ঠাণ্ডা পানীয়৷ প্ৰতিযোগিতাৰ বজাৰত ঠাণ্ডা পানীয়সমূহ নিজৰ মাজতেই চলাইছে যুদ্ধ৷ খুবেই জনপ্ৰিয় এবিধ ঠাণ্ডা পানীয় হৈছে কোকা কোলা৷ ঠাণ্ডা পানীয় প্ৰেমীৰ কাষত খুবেই পৰিচিত কোক নামেৰে৷ ইয়াৰ আৱিষ্কাৰক আছিল ষ্টিথ পেম্বাৰটন৷ পেম্বাৰটন আছিল এগৰাকী মাৰ্কিন সেনা অফিচাৰ৷ যুদ্ধৰ ময়দানতেই জন্ম পানীয় কোকৰ৷ সেয়া আছিল ১৮৬৫ চনৰ এপ্ৰিল মাহত৷ আমেৰিকাৰ গৃহযুদ্ধৰ সময়ত মাৰাত্মকভাৱে আঘাতপ্ৰাপ্ত হৈছিল পেম্বাৰটন৷ ফলত বেচ কিছুদিন তেওঁ হাস্পতালত আছিল৷

এসময়ত হাস্পতালৰ পৰা তেওঁ মুক্ত হয়৷ কিন্তু তেওঁৰ বুকুৰ ঘা তেতিয়াও শুকোৱা নাছিল৷ সেই জখম লৈয়েই তেওঁ ঘৰলৈ উভতে৷ ফলত ঘৰত থাকিও পংগু জীৱন পেম্বাৰটনৰ৷ অসহ্য যন্ত্ৰণাত বিছনাত শুই ছটফটাই আছিল পেম্বাৰটন৷ নিজেই বিচাৰিবলৈ আৰম্ভ কৰিছিল নানান উপায়৷

জন আছিল পেছাত এজন ড্ৰাগিষ্ট আৰু চিকিৎসক৷ ফলত ৰসায়নৰ বিভিন্ন বিষয় আছিল তেওঁৰ নখদৰ্পণত৷ কেৱল সেয়াই নহয় ঘৰত আছিল সৰুসুৰা গৱেষণাগাৰো৷ তাতেই বিভিন্ন ৰাসায়নিক সামগ্ৰী লৈ দিনে নিশাই তেওঁ পৰীক্ষা চলাইছিল৷ বিভিন্ন ঔষধৰ ওপৰত তেওঁ পৰীক্ষা চলাইছিল৷ কিন্তু যুদ্ধৰ ফলত সকলোবোৰ তচনচ হৈ পৰে৷

 যুদ্ধই ৰোগীয়া কৰে জনকো৷ বিচনাত পৰি পৰি শেষ দিনত আৰু বিষ সহ্য কৰিব নোৱাৰি  নিজক লৈয়েই পৰীক্ষা আৰম্ভ কৰে জনে৷ নিজে কৰা কিছু পৰীক্ষণৰ পাছত লাহে লাহে বিষৰ উপশম ঘটিবলৈ ধৰে জনৰ৷ নিজে বিচনাৰ পৰা উঠিব পৰা হয় জন৷ নিজৰ গৱেষণা তেতিয়াও এৰি দিয়া নাছিল জনে৷ ৰোগীয়া দেহাৰেই তেওঁ চলাই গৈছিল সেই কাম৷ সেই নিচাই তেওঁক এক পানীয় তৈয়াৰ কৰাতো সহায় কৰে৷

তেওঁ কাম আৰম্ভ কৰাৰ প্ৰায় দুই দশকৰ চেষ্টাৰ পাছত এই কামত সাফল্য পায়৷ ঠিক যেনেদৰে বিচাৰিছিল তেনেদৰেই পানীয় তৈয়াৰ কৰিবলৈ সক্ষম হয়৷ মাৰ্কিন কৰ্নেলে এই পানীয়ৰ নাম দিয়ে কোলা ৱাইন৷ পানীয়বিধৰ জন্ম চন হৈছে ১৮৮৬৷ প্ৰথম দিশত জনে নিজেই ইয়াৰ গুণাগুণ প্ৰচাৰ কৰিছিল৷ কেৱল সেয়াই নহয়, বন্ধু বান্ধৱকো ঘৰলৈ মাতি এই পানীয় খুৱাইছিল৷

মূলত দুটি উপাদানৰ সহায়ত কোলা ৱাইন তৈয়াৰ কৰে জনে৷ সেইসমূহ হৈছে কোকা পাত আৰু কোলা বাদাম৷ দ্বিতীয়টো সৈতে কেফিনৰ নিৰ্যাস৷ নতুন পানীয় তৈয়াৰৰ পাছত আমেৰিকাৰ জৰ্জিয়াত নিজৰ ঔষধৰ দোকান পেম্বাৰটন ইগল ড্ৰাগ এণ্ড কেমিকেল হাউছত সেয়া নথিভুক্ত কৰে পেম্বাৰটনে৷ ইয়াৰোপৰি পানীয়বিধৰ সেৱনে স্নায়ুৰ উত্তেজনা কমাব বুলিও প্ৰচাৰ চলাবলৈ ধৰে৷

জৰ্জিয়াৰ ঔষধৰ দোকানত সদ্য আৱিষ্কৃত পানীয়বিধৰ নাম আছিল পেম্বাৰটন ফ্ৰেঞ্চ ৱাইন কোকা৷ উল্লেখ্য যে ১৮৬০ চনত কৰ্ছিকাবাসী ফৰাচী ৰসায়নবিদ এঞ্জেলা মাৰিয়ানি কোকা ৱাইন নামৰ এবিধ ঔষধ তৈয়াৰ কৰে৷ পেম্বাৰটনে তেওঁ দ্বাৰা প্ৰবলভাৱে অনুপ্ৰাণিত আছিল বুলি ইতিহাসবিদৰ বহুতেই যুক্তি দি গৈছে৷

১৯শতকৰ সেই সময়ত আমেৰিকাৰ জৰ্জিয়াৰ আটলাণ্টা চহৰে আইন কৰি নিষিদ্ধ কৰে সুৰা৷ ফলত ব্যৱসায়ত ন সুযোগ লাভ কৰে পেম্বাৰটনে৷ কাৰণ কোলা ৱাইনৰ প্ৰচাৰ তেতিয়াও বিশেষ নাছিল৷ কিছু কিছু ঔষধৰ দোকানত হে সেয়া উপলব্ধ আছিল৷ ফলত ঔষধ হিচাপে ঠাণ্ডা পানীয়বিধ বিক্ৰি কৰি থাকে তেওঁ৷ সেই সময়ত ইয়াৰ দাম আছিল গ্লাছে প্ৰতি পাঁচ চেণ্ট৷

১৮৮৬ চনৰ ৮ মেত প্ৰথম বাৰ বিক্ৰি হৈছিল কোলা ৱাইন৷ অলপ দিনৰ ভিতৰতেই জনপ্ৰিয়তা বাঢ়িছিল এইবিধ ঠাণ্ডা পানীয়ৰ৷ আমেৰিকাবাসীয়ে কোলা ৱাইনক স্বাস্থ্যৰ বাবে ভাল বুলি বিশ্বাসো কৰিছিল৷ ফলত ইয়াৰ বিক্ৰি দিনকদিনে বৃদ্ধি পাব ধৰে৷ আৰু নিশাৰ ভিতৰতে ধনী হৈ উঠে সৈনিক পেম্বাৰটন৷

কোলা ৱাইনৰ জন্মদাতাৰ দাবী আছিল ই অনেক ৰোগৰ প্ৰতিকাৰ কৰে৷ তেওঁ দাবী কৰে পানীয়বিধৰ নিয়মিত সেৱনে দূৰ হ’ব মৰফিনৰ আসক্তি, বদহজম, স্নায়বিক দুৰ্বলতা, মূৰৰ বিষৰ দৰে শাৰীৰিক সমস্যা৷ ১৮৮৬ চনৰ ২৯ মে আটলাণ্টা জাৰ্নেলে কোলা ৱাইনৰ প্ৰথম বিজ্ঞাপন দিয়ে৷ এই ঠাণ্ডা পানীয় বেষ্ট চেলাৰ হৈ উঠাৰ আঁৰত হাত আছিল আৰু এগৰাকী ৰসায়নবিদ আছা গ্ৰিগছ কেণ্ডলাৰৰ৷ ১৮৮৮ চনত জন পেম্বাৰটনৰ পৰা মাত্ৰ ২৩৮.৯৮ ডলাৰ কোলা ৱাইনৰ ফৰ্মূলা কিনি লয় তেওঁ৷ দেশজুৰি পানীয়বিধ বিক্ৰি কৰিবলৈ ১৮৯২ চনত প্ৰতিষ্ঠা কৰে এক সংস্থাৰ৷ নাম দিয়ে দ্যা কোকা কোলা কোম্পানী৷ সেয়ে এই কোম্পানীৰ সদৰ দপ্তৰ তেতিয়াৰে পৰাই আমেৰিকাৰ জৰ্জিয়াত আছে৷

পেম্বাৰটনে যাৰ নাম দিছিল কোলা ৱাইন এইবাৰ সেয়াই হৈ উঠিছে কোকা কোলা৷ নিজে ৰসায়নবিদ হোৱাত কোমল পানীয়বিধৰ স্বাদ সামান্য সালসলনি কৰে আছা গ্ৰিগছে৷ পৰবৰ্তী কালত ৰাজনীতিৰ ময়দানত ভৰি দিয়ে তেওঁ৷ নিৰ্বাচিত হয় আটলাণ্টাৰ মেয়ৰ হিচাপে৷ কোকা কোলাৰ জনপ্ৰিয়তাই তেওঁ ভোট যুদ্ধতো জিকাত সহায় কৰে বুলি যুক্তৰাষ্ট্ৰত এক প্ৰচলিত তত্ত্ব আছে৷

১৯২৯ চনত গ্ৰিগছ কেণ্ডলাৰে শেষ নিঃশ্বাৰ ত্যাগ কৰে৷ তেওঁৰ মৃত্যুৰ সময়ত যুক্তৰাষ্ট্ৰৰ নথিভুক্ত সংস্থাসমূহৰ মাজত নাছিল কোকা কোলা৷ ১৯৪৪ চনৰ ২৭ মাৰ্চৰ পৰা সেয়ে কিছু সমস্যাত পৰে নৰম পানীয়বিধ৷ কাৰণ জাপানী আক্ৰমণত মাৰ্কিন নৌঘাঁটি সেইসময়ত গুড়ি হৈ পৰিছিল৷ ফলত দ্বিতীয় বিশ্বযুদ্ধত সম্পূৰ্ণৰূপে ব্যস্ত হৈ পৰিছিল ৱাছিংটন৷

১৮৯৩ চনত কোকা কোলাৰ বিকল্প হিচাপে আৰু এবিধ ঠাণ্ডা পানীয় তৈয়াৰ কৰে কেলব ব্ৰেডহাম নামৰ মেডিচিনৰ এগৰাকী ছাত্ৰই৷ যুক্তৰাষ্ট্ৰৰ উত্তৰ কেৰোলিনাৰ নিউ বাৰ্নত এবিধ ঔষধৰ দোকানো তেতিয়া তেওঁ চলাইছিল৷ তাতেই বিক্ৰি হৈছিল ব্ৰেডছ ড্ৰিংক৷ যি খালে হজমৰ সমস্যা নহয় বুলি বিশেষ প্ৰচাৰো আছিল৷

১৮৯৮ চনত সেই নৰম পানীয়বিধৰ নাম সলনি কৰি পেপছি কোলা ৰখা হয়৷ ব্ৰেডছ ড্ৰিংকে প্ৰথমৰ পৰাই চেনী আৰু ভেনিলা মিক্স কৰিছিল৷ প্ৰথম বিশ্বযুদ্ধৰ পৰবৰ্তী সময়ত চেনীৰ দাম দৈনিক ওঠানমা হব ধৰে৷ ফলত মাৰাত্মক আৰ্থিক লোকচানৰ মুখত পৰে নৰম পানীয় নিৰ্মাণকাৰী সংস্থা৷

১৯২৩ চনত একেবাৰে দেউলীয়া হৈ পৰে পেপছি কোলা৷ ঠাণ্ডা পানীয়বিধৰ দপ্তৰত তেতিয়া প্ৰায় লালবাতি জ্বলিয়ে গৈছিল৷ ঠিক তেতিয়াই দেৱদূতৰ দৰে আবিৰ্ভাৱ ঘটে চাৰ্লছ গুথৰ৷ পানীৰ দৰত সেই সংস্থা ক্ৰয় কৰি লয়৷ ১৯৬১ চনত নৰম পানীয় বিধৰ নাম বদলি কৰি ৰখা হয় পেপছি৷

বৰ্তমান কোকা কোলা আৰু পেপছিৰ ভিতৰত আছে তীব্ৰ বাণিজ্যিক প্ৰতিযোগিতা৷ নৰম পানীয় দুটিৰ ভক্তসকলৰ মাজত পাৰ্থক্যও আছে৷ পেপছিৰ দাবী তেওঁলোক তাৰুণ্যৰ প্ৰতীক৷ আৰু সেয়ে বিজ্ঞাপনৰ অধিকাংশ ক্ষেত্ৰত জনপ্ৰিয় খেলুৱৈসকলক দেখা পোৱা গৈছে৷ কোলা বহু পৰিমাণে শান্ত৷ এই প্ৰতিযোগিতাৰ নামতেই সোমাই আছে যুদ্ধ৷ আৰু সেয়া হৈছে কোলা ৱাৰ৷

ৰাজহ সংগ্ৰহৰ নিৰিখত কোকা কোলাৰ পৰা কেইবা যোজন আগুৱাই আছে পেপছি৷ কিন্তু নিট মুনাফাত আকৌ কোলা অৰ্থাৎ জৰ্জিয়াৰ নৰম পানীয়ৰ সংস্থাৰ আছে বিশেষ নাম৷ বিগত শতাব্দীত দুই বহুজাতিকৰ যুদ্ধ বন্ধ হোৱাৰ সুযোগো আহিছিল৷ ১৯২২ৰ পৰা ১৯৩৩ ৰ ভিতৰত অন্তত তিনিবাৰ পেপছি সংস্থাক কিনাৰ প্ৰস্তাৱ পাইছিল কোকা কোলাই৷ কিন্তু কোনোবাৰেই তেওঁলোকে চিলমোহৰ নিদিলে এই নৰম পানীয়ৰ সংস্থাত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৪ৰাশিৰ ভাগ্যৰ চকা ঘুৰিব! এপ্ৰিলৰ শেষত এই ৰাশি হ’ব মালামাল
জীৱনশৈলী

৪ৰাশিৰ ভাগ্যৰ চকা ঘুৰিব! এপ্ৰিলৰ শেষত এই ৰাশি হ’ব মালামাল

April 1, 2026
সংসাৰত বিপদ অহাৰ পূৰ্বে এই ৬সংকেত পঠিয়াই তুলসী গছে! জানক এই ৬সংকেত কি কি?
জীৱনশৈলী

সংসাৰত বিপদ অহাৰ পূৰ্বে এই ৬সংকেত পঠিয়াই তুলসী গছে! জানক এই ৬সংকেত কি কি?

April 1, 2026
হাতৰ আঙুলিত নোম আছে? শুভ নে অশুভ? মানুহ হিচাপে কেনে হয় এনে ব্যক্তি? হাতৰ এই লক্ষণ চায়েই জানি থওক চৰিত্ৰ
জীৱনশৈলী

হাতৰ আঙুলিত নোম আছে? শুভ নে অশুভ? মানুহ হিচাপে কেনে হয় এনে ব্যক্তি? হাতৰ এই লক্ষণ চায়েই জানি থওক চৰিত্ৰ

April 1, 2026
এই ৩খাদ্যই বঢ়াই বেয়া কলষ্টেৰল, বঢ়াই হৃদৰোগৰ আশংকা, কি কি খাদ্য এৰাই চলিব?
জীৱনশৈলী

এই ৩খাদ্যই বঢ়াই বেয়া কলষ্টেৰল, বঢ়াই হৃদৰোগৰ আশংকা, কি কি খাদ্য এৰাই চলিব?

April 1, 2026
Next Post
সৌভাগ্য কুণ্ডত অঘটন! কামাখ্যাৰ সৌভাগ্য কুণ্ডত উদ্ধাৰ মৃতদেহ, সমগ্ৰ ঘটনা কি?

সৌভাগ্য কুণ্ডত অঘটন! কামাখ্যাৰ সৌভাগ্য কুণ্ডত উদ্ধাৰ মৃতদেহ, সমগ্ৰ ঘটনা কি?

টাইটানিক ডুব যোৱাৰ ১১৩ বছৰ! অভিশপ্ত টাইটানিকৰ যাত্ৰীৰ সৈতে শেষ সময়ত কি কি ঘটিছিল? নতুন তথ্যত কি কৈছে বিজ্ঞানীয়ে?

টাইটানিক ডুব যোৱাৰ ১১৩ বছৰ! অভিশপ্ত টাইটানিকৰ যাত্ৰীৰ সৈতে শেষ সময়ত কি কি ঘটিছিল? নতুন তথ্যত কি কৈছে বিজ্ঞানীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.