মা কামাখ্যা মন্দিৰৰ চৌহদৰ সৌভাগ্য কুণ্ডত উদ্ধাৰ হৈছে মৃতদেহ।
উদ্ধাৰ হোৱা মৃতদেহটো এজন পাণ্ডাৰ বুলি জানিব পৰা গৈছে।
মৃত পাণ্ডা জনৰ নাম হিমু শৰ্মা বুলি চিনাক্ত কৰা হৈছে৷
কামাখ্যা মন্দিৰত দীৰ্ঘদিন ধৰি পূজাৰ কামত নিয়োজিত আছিল পাণ্ডা জন।
বিগত দিনাৰ দৰেই আজিও পূজাৰ অন্তত পুখুৰীত হাত-ভৰি ধুবলৈ যাওঁতে মৃত্যু হোৱাৰ সন্দেহ কামাখ্যা কৰ্তৃপক্ষৰ৷
ঘটনাস্থলীত উপস্থিত আৰক্ষীৰ এটা দল উপস্থিত হৈ উদ্ধাৰ কৰিছে মৃতদেহটো৷
মৃতদেহটো কান আৰু চকুত আঘাতৰ চিন পোৱা গৈছে বুলি জানিব পৰা গৈছে।
মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা বাবে GMCH প্ৰেৰণ কৰা হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ