ব’হাগ পদুলিত৷ গ্ৰীষ্ম অৱশ্যে এতিয়াও আৰম্ভ হোৱা নাই৷ তাপমাত্ৰা বাঢ়িবলৈ ধৰাৰ বাবে গ্ৰীষ্মৰ পূৰ্বেই বজাৰত উপলব্ধ হৈছে ঠাণ্ডা পানীয়৷ প্ৰতিযোগিতাৰ বজাৰত ঠাণ্ডা পানীয়সমূহ নিজৰ মাজতেই চলাইছে যুদ্ধ৷ খুবেই জনপ্ৰিয় এবিধ ঠাণ্ডা পানীয় হৈছে কোকা কোলা৷ ঠাণ্ডা পানীয় প্ৰেমীৰ কাষত খুবেই পৰিচিত কোক নামেৰে৷ ইয়াৰ আৱিষ্কাৰক আছিল ষ্টিথ পেম্বাৰটন৷ পেম্বাৰটন আছিল এগৰাকী মাৰ্কিন সেনা অফিচাৰ৷ যুদ্ধৰ ময়দানতেই জন্ম পানীয় কোকৰ৷ সেয়া আছিল ১৮৬৫ চনৰ এপ্ৰিল মাহত৷ আমেৰিকাৰ গৃহযুদ্ধৰ সময়ত মাৰাত্মকভাৱে আঘাতপ্ৰাপ্ত হৈছিল পেম্বাৰটন৷ ফলত বেচ কিছুদিন তেওঁ হাস্পতালত আছিল৷
এসময়ত হাস্পতালৰ পৰা তেওঁ মুক্ত হয়৷ কিন্তু তেওঁৰ বুকুৰ ঘা তেতিয়াও শুকোৱা নাছিল৷ সেই জখম লৈয়েই তেওঁ ঘৰলৈ উভতে৷ ফলত ঘৰত থাকিও পংগু জীৱন পেম্বাৰটনৰ৷ অসহ্য যন্ত্ৰণাত বিছনাত শুই ছটফটাই আছিল পেম্বাৰটন৷ নিজেই বিচাৰিবলৈ আৰম্ভ কৰিছিল নানান উপায়৷
জন আছিল পেছাত এজন ড্ৰাগিষ্ট আৰু চিকিৎসক৷ ফলত ৰসায়নৰ বিভিন্ন বিষয় আছিল তেওঁৰ নখদৰ্পণত৷ কেৱল সেয়াই নহয় ঘৰত আছিল সৰুসুৰা গৱেষণাগাৰো৷ তাতেই বিভিন্ন ৰাসায়নিক সামগ্ৰী লৈ দিনে নিশাই তেওঁ পৰীক্ষা চলাইছিল৷ বিভিন্ন ঔষধৰ ওপৰত তেওঁ পৰীক্ষা চলাইছিল৷ কিন্তু যুদ্ধৰ ফলত সকলোবোৰ তচনচ হৈ পৰে৷
যুদ্ধই ৰোগীয়া কৰে জনকো৷ বিচনাত পৰি পৰি শেষ দিনত আৰু বিষ সহ্য কৰিব নোৱাৰি নিজক লৈয়েই পৰীক্ষা আৰম্ভ কৰে জনে৷ নিজে কৰা কিছু পৰীক্ষণৰ পাছত লাহে লাহে বিষৰ উপশম ঘটিবলৈ ধৰে জনৰ৷ নিজে বিচনাৰ পৰা উঠিব পৰা হয় জন৷ নিজৰ গৱেষণা তেতিয়াও এৰি দিয়া নাছিল জনে৷ ৰোগীয়া দেহাৰেই তেওঁ চলাই গৈছিল সেই কাম৷ সেই নিচাই তেওঁক এক পানীয় তৈয়াৰ কৰাতো সহায় কৰে৷
তেওঁ কাম আৰম্ভ কৰাৰ প্ৰায় দুই দশকৰ চেষ্টাৰ পাছত এই কামত সাফল্য পায়৷ ঠিক যেনেদৰে বিচাৰিছিল তেনেদৰেই পানীয় তৈয়াৰ কৰিবলৈ সক্ষম হয়৷ মাৰ্কিন কৰ্নেলে এই পানীয়ৰ নাম দিয়ে কোলা ৱাইন৷ পানীয়বিধৰ জন্ম চন হৈছে ১৮৮৬৷ প্ৰথম দিশত জনে নিজেই ইয়াৰ গুণাগুণ প্ৰচাৰ কৰিছিল৷ কেৱল সেয়াই নহয়, বন্ধু বান্ধৱকো ঘৰলৈ মাতি এই পানীয় খুৱাইছিল৷
মূলত দুটি উপাদানৰ সহায়ত কোলা ৱাইন তৈয়াৰ কৰে জনে৷ সেইসমূহ হৈছে কোকা পাত আৰু কোলা বাদাম৷ দ্বিতীয়টো সৈতে কেফিনৰ নিৰ্যাস৷ নতুন পানীয় তৈয়াৰৰ পাছত আমেৰিকাৰ জৰ্জিয়াত নিজৰ ঔষধৰ দোকান পেম্বাৰটন ইগল ড্ৰাগ এণ্ড কেমিকেল হাউছত সেয়া নথিভুক্ত কৰে পেম্বাৰটনে৷ ইয়াৰোপৰি পানীয়বিধৰ সেৱনে স্নায়ুৰ উত্তেজনা কমাব বুলিও প্ৰচাৰ চলাবলৈ ধৰে৷
জৰ্জিয়াৰ ঔষধৰ দোকানত সদ্য আৱিষ্কৃত পানীয়বিধৰ নাম আছিল পেম্বাৰটন ফ্ৰেঞ্চ ৱাইন কোকা৷ উল্লেখ্য যে ১৮৬০ চনত কৰ্ছিকাবাসী ফৰাচী ৰসায়নবিদ এঞ্জেলা মাৰিয়ানি কোকা ৱাইন নামৰ এবিধ ঔষধ তৈয়াৰ কৰে৷ পেম্বাৰটনে তেওঁ দ্বাৰা প্ৰবলভাৱে অনুপ্ৰাণিত আছিল বুলি ইতিহাসবিদৰ বহুতেই যুক্তি দি গৈছে৷
১৯শতকৰ সেই সময়ত আমেৰিকাৰ জৰ্জিয়াৰ আটলাণ্টা চহৰে আইন কৰি নিষিদ্ধ কৰে সুৰা৷ ফলত ব্যৱসায়ত ন সুযোগ লাভ কৰে পেম্বাৰটনে৷ কাৰণ কোলা ৱাইনৰ প্ৰচাৰ তেতিয়াও বিশেষ নাছিল৷ কিছু কিছু ঔষধৰ দোকানত হে সেয়া উপলব্ধ আছিল৷ ফলত ঔষধ হিচাপে ঠাণ্ডা পানীয়বিধ বিক্ৰি কৰি থাকে তেওঁ৷ সেই সময়ত ইয়াৰ দাম আছিল গ্লাছে প্ৰতি পাঁচ চেণ্ট৷
১৮৮৬ চনৰ ৮ মেত প্ৰথম বাৰ বিক্ৰি হৈছিল কোলা ৱাইন৷ অলপ দিনৰ ভিতৰতেই জনপ্ৰিয়তা বাঢ়িছিল এইবিধ ঠাণ্ডা পানীয়ৰ৷ আমেৰিকাবাসীয়ে কোলা ৱাইনক স্বাস্থ্যৰ বাবে ভাল বুলি বিশ্বাসো কৰিছিল৷ ফলত ইয়াৰ বিক্ৰি দিনকদিনে বৃদ্ধি পাব ধৰে৷ আৰু নিশাৰ ভিতৰতে ধনী হৈ উঠে সৈনিক পেম্বাৰটন৷
কোলা ৱাইনৰ জন্মদাতাৰ দাবী আছিল ই অনেক ৰোগৰ প্ৰতিকাৰ কৰে৷ তেওঁ দাবী কৰে পানীয়বিধৰ নিয়মিত সেৱনে দূৰ হ’ব মৰফিনৰ আসক্তি, বদহজম, স্নায়বিক দুৰ্বলতা, মূৰৰ বিষৰ দৰে শাৰীৰিক সমস্যা৷ ১৮৮৬ চনৰ ২৯ মে আটলাণ্টা জাৰ্নেলে কোলা ৱাইনৰ প্ৰথম বিজ্ঞাপন দিয়ে৷ এই ঠাণ্ডা পানীয় বেষ্ট চেলাৰ হৈ উঠাৰ আঁৰত হাত আছিল আৰু এগৰাকী ৰসায়নবিদ আছা গ্ৰিগছ কেণ্ডলাৰৰ৷ ১৮৮৮ চনত জন পেম্বাৰটনৰ পৰা মাত্ৰ ২৩৮.৯৮ ডলাৰ কোলা ৱাইনৰ ফৰ্মূলা কিনি লয় তেওঁ৷ দেশজুৰি পানীয়বিধ বিক্ৰি কৰিবলৈ ১৮৯২ চনত প্ৰতিষ্ঠা কৰে এক সংস্থাৰ৷ নাম দিয়ে দ্যা কোকা কোলা কোম্পানী৷ সেয়ে এই কোম্পানীৰ সদৰ দপ্তৰ তেতিয়াৰে পৰাই আমেৰিকাৰ জৰ্জিয়াত আছে৷
পেম্বাৰটনে যাৰ নাম দিছিল কোলা ৱাইন এইবাৰ সেয়াই হৈ উঠিছে কোকা কোলা৷ নিজে ৰসায়নবিদ হোৱাত কোমল পানীয়বিধৰ স্বাদ সামান্য সালসলনি কৰে আছা গ্ৰিগছে৷ পৰবৰ্তী কালত ৰাজনীতিৰ ময়দানত ভৰি দিয়ে তেওঁ৷ নিৰ্বাচিত হয় আটলাণ্টাৰ মেয়ৰ হিচাপে৷ কোকা কোলাৰ জনপ্ৰিয়তাই তেওঁ ভোট যুদ্ধতো জিকাত সহায় কৰে বুলি যুক্তৰাষ্ট্ৰত এক প্ৰচলিত তত্ত্ব আছে৷
১৯২৯ চনত গ্ৰিগছ কেণ্ডলাৰে শেষ নিঃশ্বাৰ ত্যাগ কৰে৷ তেওঁৰ মৃত্যুৰ সময়ত যুক্তৰাষ্ট্ৰৰ নথিভুক্ত সংস্থাসমূহৰ মাজত নাছিল কোকা কোলা৷ ১৯৪৪ চনৰ ২৭ মাৰ্চৰ পৰা সেয়ে কিছু সমস্যাত পৰে নৰম পানীয়বিধ৷ কাৰণ জাপানী আক্ৰমণত মাৰ্কিন নৌঘাঁটি সেইসময়ত গুড়ি হৈ পৰিছিল৷ ফলত দ্বিতীয় বিশ্বযুদ্ধত সম্পূৰ্ণৰূপে ব্যস্ত হৈ পৰিছিল ৱাছিংটন৷
১৮৯৩ চনত কোকা কোলাৰ বিকল্প হিচাপে আৰু এবিধ ঠাণ্ডা পানীয় তৈয়াৰ কৰে কেলব ব্ৰেডহাম নামৰ মেডিচিনৰ এগৰাকী ছাত্ৰই৷ যুক্তৰাষ্ট্ৰৰ উত্তৰ কেৰোলিনাৰ নিউ বাৰ্নত এবিধ ঔষধৰ দোকানো তেতিয়া তেওঁ চলাইছিল৷ তাতেই বিক্ৰি হৈছিল ব্ৰেডছ ড্ৰিংক৷ যি খালে হজমৰ সমস্যা নহয় বুলি বিশেষ প্ৰচাৰো আছিল৷
১৮৯৮ চনত সেই নৰম পানীয়বিধৰ নাম সলনি কৰি পেপছি কোলা ৰখা হয়৷ ব্ৰেডছ ড্ৰিংকে প্ৰথমৰ পৰাই চেনী আৰু ভেনিলা মিক্স কৰিছিল৷ প্ৰথম বিশ্বযুদ্ধৰ পৰবৰ্তী সময়ত চেনীৰ দাম দৈনিক ওঠানমা হব ধৰে৷ ফলত মাৰাত্মক আৰ্থিক লোকচানৰ মুখত পৰে নৰম পানীয় নিৰ্মাণকাৰী সংস্থা৷
১৯২৩ চনত একেবাৰে দেউলীয়া হৈ পৰে পেপছি কোলা৷ ঠাণ্ডা পানীয়বিধৰ দপ্তৰত তেতিয়া প্ৰায় লালবাতি জ্বলিয়ে গৈছিল৷ ঠিক তেতিয়াই দেৱদূতৰ দৰে আবিৰ্ভাৱ ঘটে চাৰ্লছ গুথৰ৷ পানীৰ দৰত সেই সংস্থা ক্ৰয় কৰি লয়৷ ১৯৬১ চনত নৰম পানীয় বিধৰ নাম বদলি কৰি ৰখা হয় পেপছি৷
বৰ্তমান কোকা কোলা আৰু পেপছিৰ ভিতৰত আছে তীব্ৰ বাণিজ্যিক প্ৰতিযোগিতা৷ নৰম পানীয় দুটিৰ ভক্তসকলৰ মাজত পাৰ্থক্যও আছে৷ পেপছিৰ দাবী তেওঁলোক তাৰুণ্যৰ প্ৰতীক৷ আৰু সেয়ে বিজ্ঞাপনৰ অধিকাংশ ক্ষেত্ৰত জনপ্ৰিয় খেলুৱৈসকলক দেখা পোৱা গৈছে৷ কোলা বহু পৰিমাণে শান্ত৷ এই প্ৰতিযোগিতাৰ নামতেই সোমাই আছে যুদ্ধ৷ আৰু সেয়া হৈছে কোলা ৱাৰ৷
ৰাজহ সংগ্ৰহৰ নিৰিখত কোকা কোলাৰ পৰা কেইবা যোজন আগুৱাই আছে পেপছি৷ কিন্তু নিট মুনাফাত আকৌ কোলা অৰ্থাৎ জৰ্জিয়াৰ নৰম পানীয়ৰ সংস্থাৰ আছে বিশেষ নাম৷ বিগত শতাব্দীত দুই বহুজাতিকৰ যুদ্ধ বন্ধ হোৱাৰ সুযোগো আহিছিল৷ ১৯২২ৰ পৰা ১৯৩৩ ৰ ভিতৰত অন্তত তিনিবাৰ পেপছি সংস্থাক কিনাৰ প্ৰস্তাৱ পাইছিল কোকা কোলাই৷ কিন্তু কোনোবাৰেই তেওঁলোকে চিলমোহৰ নিদিলে এই নৰম পানীয়ৰ সংস্থাত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ