অসম লাইভ ২৪ঃ হেঙেৰাবাৰীত বাজপেয়ী ভৱনত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টীত যোগদান কাৰ্যসূচী। সভাপতি ৰঞ্জিত দাসৰ উপস্থিতিত অনুষ্ঠিত কৰা হয় যোগদান কাৰ্যসূচী। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেইবাগৰাকী পদত্যাগী নেতা-কৰ্মীয়ে যোগদান কৰে বিজেপিত। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদকৰ দায়িত্বত থকা লেখন হাজৰিকাই যোগদান কৰে বিজেপিত। ইপিনে, লখিমমপুৰ জিলাৰ কৃষক মুক্তিৰ সাংগঠনিক সম্পাদক ৰূপেশ্বৰ গগৈয়ো যোগ দিয়ে বিজেপিত। লখিমপুৰ জিলাৰ কৃষক মুক্তিৰ সভাপতি বাপধন মিলিৰো বিজেপিত যোগদান। বিজেপিত যোগদান কৰে কে এম এছ এছৰ সদস্য পংকজ গগৈ, ভূপেন মিলি, ভুৱনেশ্বৰ দেউৰী, ৰাজু সোনোৱাল, ডিম্বেশ্বৰ হাজৰিকা, নেত্ৰ লিম্বু, ঠগীৰাম দাস, কৃষক মুক্তিৰ প্ৰগতিশীলৰ বিত্ত সম্পাদক হিৰণ্য হাজৰিকাই। ইফালে কে এম এছ এছৰ সদস্য স্বপ্নজ্যোতি হাজৰিকা, পূৰৱী হাজৰিকা গগৈ, পপীয়া দত্ত, মীনা চৌধুৰী, ৰাতুল বৰুৱা, বিতোপন বৈশ্য, অমৰ কলিতা, বিবেক শইকীয়া, পংকজ কৈৱৰ্ত, বিকাশ শইকীয়া, প্ৰদীপ দাস, প্ৰাঞ্জল ৰাজবংশী, ৰিংকু কলিতা, মৃণাল কলিতা, ৰিদীপ বণিয়া, বিকী নায়ক, গগণ কলিতা, প্ৰণৱ দাস, সনটক পাঠক আৰু নেত্ৰ তামুলীয়ে বিজেপিত যোগ দিয়ে। মুঠ কে এম এছ এছৰ ২৬ গৰাকী সদস্য সোমবাৰে যোগদান কৰে ভাৰতীয় জনতা পাৰ্টীত। আনহাতে অসম চাহ জনগোষ্ঠীয় জাতীয় মহাসভাৰ সহঃ সাধাৰণ সম্পাদক তথা ভাৰতীয় মজদুৰ সংঘৰ প্ৰাক্তন উপ-সভাপতি বীৰেণ কৈৰী, ভাৰতীয় মজদুৰ সংঘৰ প্ৰাক্তন সদস্য মিন্ন ঘাটোৱাৰ, ন-সত্ৰ, কৃষ্ণগুৰু সেৱাশ্ৰমৰ ধনজিৎ ডেকাই যোগদান কৰে বিজেপিত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ