দেশৰ বিভিন্ন ৰাজ্যত অনুষ্ঠিত এখন লোকসভা আৰু চাৰিখন বিধানসভাৰ নিৰ্বাচনৰ ফলাফলত চূড়ান্তভাৱে মুখ থেকেচা খাইছে ভাৰতীয় জনতা পাৰ্টিয়ে৷
শনিবাৰে ঘোষিত পশ্চিমবংগৰ আছনচল লোকসভা আসনত প্ৰাক্তন বিজেপি নেতা তথা বৰ্তমানৰ তৃণমূল কংগ্ৰেছৰ নেতা শত্ৰুঘ্ন সিনহাই বিজেপিৰ প্ৰাৰ্থীক বৃহৎ পৰিমাণৰ ভোটত পৰাস্ত কৰিছে৷ প্ৰাক্তন বিজেপি নেতা তথা অটল বিহাৰী বাজপেয়ী মন্ত্ৰীসভাৰ মন্ত্ৰী শত্ৰুঘ্ন সিহনাই বিজেপিৰ প্ৰাৰ্থী অগ্নিমিত্ৰা পালক প্ৰায় ২ লাখ ১৮ হাজাৰ ভোটৰ ব্যৱধানত পৰাস্ত কৰিছে৷ অৱশ্যে ভোট গণনা সমাপ্ত হ’লে এই মুহূৰ্তলৈক ফলাফলৰ আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই৷
ইফালে পশ্চিমবংগৰ বিধানসভাৰ এখন আসনৰ উপ নিৰ্বাচনতো তৃণমূল কংগ্ৰেছ জয়ী হৈছে৷ বালিগঞ্জ বিধানসভাৰ উপনিৰ্বাচনত প্ৰাক্তন বিজেপি মন্ত্ৰী তথা বৰ্তমানৰ তৃণমূল কংগ্ৰেছৰ নেতা বাবুল সুপ্ৰিয়ই চিপিএমৰ প্ৰাৰ্থী চাইৰা শ্বাহ হালিমক পৰাজিত কৰিছে৷ বাবুল চুপ্ৰিয়ই বাওঁপন্থী দলৰ প্ৰাৰ্থীগৰাকীক প্ৰায় ১৯ হাজাৰো অধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰে৷ ইফালে বিজেপিয়ে এই সমষ্টিটোত তৃতীয় স্থানতে সন্তুষ্ট থাকিবলৈ বাধ্য হয়৷
লগতে পঢ়ক খাদ্যত নিমখ বেছি! স্বামীয়ে পত্নীক, শহুৰেকে বোৱাৰীয়েক হত্যা
বিহাৰত অনুষ্ঠিত এখন বিধানসভা উপনিৰ্বাচনতো ৰাজ্যখনৰ শাসকীয় এনডিএৰ প্ৰাৰ্থী পৰাস্ত হৈছে৷ তেজস্বী যাদৱৰ নেতৃত্বাধীন ৰাষ্ট্ৰীয় জনতা দলৰ প্ৰাৰ্থী অমৰ পাছোৱানে এনডিএৰ প্ৰাৰ্থীক প্ৰায় ৩৫ হাজাৰ ভোটৰ ব্যৱধানত পৰাস্ত কৰে৷
মহাৰাষ্ট্ৰৰ এখন বিধানসভা আসনৰ উপ নিৰ্বাচনতো বিজেপিৰ প্ৰাৰ্থী পৰাস্ত হৈছে৷ মহাৰাষ্ট্ৰৰ উত্তৰ কুলহাপুৰ বিধানসভাৰ উপনিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী যাদৱ জয়শ্ৰী চন্দ্ৰকান্তে বিজেপিৰ প্ৰাৰ্থী সত্যজিৎ কদমক প্ৰায় ১৫ হাজাৰ ভোটত পৰাস্ত কৰিছে৷
লগতে পঢ়ক কংগ্ৰেছত যোগ দিব প্ৰশান্ত কিশোৰে! জল্পনা কল্পনাই কি কয়?
ছত্তিশগড়ৰ খাইৰাগড় বিধানসভা আসনৰ উপনিৰ্বাচনতো বিজেপিৰ প্ৰাৰ্থী পৰাজিত হৈছে৷ সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থী যশোদা নীলাম্বৰ ভাৰ্মাই বিজেপিৰ প্ৰাৰ্থী কমল জাংঘেলক ১০ হাজাৰো অধিক ভোটত পৰাস্ত কৰিছে৷
মুঠতে দেখা গ’ল যে ২০২২ চনত দেশত অনুষ্ঠিত প্ৰথম উপনিৰ্বাচনৰ আটাইকেইটা সমষ্টিতে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীয়ে পৰাজয়বৰণ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ