তীব্ৰ আৰ্থিক সংকটত পৰিছে হিমাচল প্ৰদেশৰ চৰকাৰ৷ এই অৱস্থাত সম্প্ৰতি হিমাচল চৰকাৰৰ পক্ষৰ পৰা এক বিশেষ বিজ্ঞাপ্তি জাৰি কৰা হৈছে৷ কমো়ড আৰু পানীৰ বিল সম্পৰ্কিত এই বিজ্ঞাপ্তিত কোৱা হৈছে যে চহৰ এলেকাত থকা ঘৰসমূহৰ পৰা কমোডে প্ৰতি ২৫ টকাকৈ ফি দিব লাগিব৷
কমোডৰ এই অতিৰিক্ত ফি, জলশক্তি দপ্তৰৰ একাউণ্টত স্থানান্তৰ কৰা হ’ব৷ এই বিজ্ঞাপ্তিৰ প্ৰেক্ষিতত, ক্ষমতাহীন সুখবিন্দৰ সিং সুখু চৰকাৰক কঠোৰ সমালোচনা কৰিছে ৰাজ্যৰ বিজেপি নেতাসকলে৷ চৰকাৰী বিজ্ঞাপ্তিত কোৱা হৈছে যে পানীৰ বিলৰ ৩০শতাংশ লোৱা হ’ব মলঃনিষ্কাশন বিল হিচাপে৷ অক্টোবৰৰ পৰা আৰম্ভ কৰা হৈছে এই বিলৰ প্ৰথা৷
প্ৰতি মাহে হিমাচলৰ চহৰ এলেকাত থকা বাসিন্দাই পানীৰ সংযোগৰ নামত ১০০টকাকৈ বিল দিব লাগিব৷ ইয়াৰ পূৰ্বে হিমাচলত পানী সংযোগৰ বাবে কোনোধৰণৰ ধন লোৱা হোৱা নাছিল৷ এই সন্দৰ্ভত এএনআইৰ সন্মুখত বিজেপি নেতা শেহজাদ পুনুৱালাই কয়, ‘কংগ্ৰেছ দল আৰু ৰাহুল গান্ধীৰ মডেলৰ এয়া সৰ্বোচ্চ উদাহৰণ৷ আনকি টয়লেটো নেৰিলে৷ পেট্ৰল, ডিজেল, পানী, বাছৰ ভাড়া, ষ্টাম্প ডিউটি সকলোৰে ওপৰত কৰ লগাইছে কংগ্ৰেছে৷ একেই অৱস্থা কৰ্ণাটকতো৷ ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি দিছিল সেইসমূহ পূৰণৰ পৰিবৰ্তে এতিয়া জনগণক শোষণ কৰিবলৈহে আৰম্ভ কৰিছে৷ কৰ্মচাৰীসকলৰ বেতন আৰু পেঞ্চন সকলো বন্ধ এতিয়া৷’
এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণেও৷ সামাজিক মাধ্যমত তেওঁ লিখিছে, ‘এয়া যদি সঁচা হয় তেন্তে অবিশ্বাস্য৷ যেতিয়া প্ৰধানমন্ত্ৰীয়ে স্বচ্ছতাক জনগণৰ আন্দোলন হিচাপে গঢ়ি তুলিছে তেতিয়া কংগ্ৰেছে শৌচাগাৰৰ বাবে মানুহৰ ওপৰত কৰ লাঘু কৰিছে৷ তেওঁলোকে জনগণ অৰ্থনৈতিকভাৱে ভাল অৱস্থাত থকাটো বিচৰা নাই৷ এয়া লজ্জাজনক কথা৷ এই পদক্ষেপৰ বাবে সমগ্ৰ দেশেই লজ্জিত৷’
হিমাচল প্ৰদেশ চৰকাৰৰ জনশক্তি বিভাগে অৱশ্যে কৈছে, ‘বিল্ডিঙৰ মালিকে নতুনকৈ বহুওৱা কমোডৰ ভিত্তিতহে এই ফি লোৱা হ’ব৷ পূৰ্বৰে পৰা থকা কমোডৰ ওপৰত কোনো ধৰণৰ চাৰ্জ লোৱা নহয়৷ কেৱল পানীৰ বিলহে লোৱা হ’ব৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















