অসম লাইভ২৪ঃ সন্মুখত লোকসভা নিৰ্বাচন৷ গেৰুৱা শিবিৰৰ বাবে নিঃসন্দেহে অগ্নিপৰীক্ষা ২০২৪ ৰ লোকসভা নিৰ্বাচন৷ লোকসভা নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে বিজেপি দল৷ দেশৰ ৰাজ্যসমূহত ন কৌশলেৰে আগবাঢ়িবলৈ সাঁজু হৈছে বিজেপি দল৷ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়েই কেইবাখনো ৰাজ্যৰ ৰাজ্যিক সভাপতি সলনি কৰিছে বিজেপি দলে৷
বিজেপিৰ ভিতৰচৰাৰ খবৰ অনুসৰি ৪খন ৰাজ্যৰ সভাপতি সলনি কৰিছে দলে৷ তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, ঝাৰখণ্ড আৰু পঞ্জাৱৰ ৰাজ্যিক সভাপতি সলনি হ’ল৷ তেলেংগানা ৰাজ্যিক বিজেপিৰ নতুন সভাপতি হ’ল জি কিষাণ ৰেড্ডী৷ অন্ধ্ৰপ্ৰদেশৰ নতুন সভাপতি হ’ল ডি পুৰন্দেশ্বৰী, ঝাৰখণ্ডৰ ৰাজ্যিক বিজেপিৰ নতুন সভাপতি বাবুলাল মাৰাণ্ডি আৰু পঞ্জাৱত বিজেপিৰ নতুন ৰাজ্যিক সভাপতি হিচাপে সুনীল জাখৰক নিযুক্তি৷
ৰাজনৈতিক পৰ্যবেক্ষকসকলৰ মতে, এইবাৰ কোনো কাৰণতে বিজেপিয়ে কম্প্ৰমাইজ নকৰে৷ কাৰণ একোখন ৰাজ্যৰ সভাপতিৰ ওপৰত সংগঠনটোৰ কামকাজ নিৰ্ভৰ কৰে৷ সেয়ে একাধিক ৰাজ্যৰ সভাপতি সলনি কৰাৰ সিদ্ধান্ত লৈছে বিজেপি দলে৷ পঞ্জাৱৰ ক্ষেত্ৰত যদি চোৱা যায় তেন্তে বিগত সময়চোৱাত পঞ্জাৱত খুবেই দুৰ্বল হৈ পৰিছে বিজেপি দল৷ সেয়ে বিজেপি দলে সভাপতি সুনীল জাখৰক নতুন সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰিছে৷ সুনীল জাখৰ পূৰ্বে কংগ্ৰেছ দলত আছিল৷ কংগ্ৰেছ দলত থাকোতেও সুনীল জাখৰে ৰাজ্যিক সভাপতিৰ দায়িত্বতেই আছিল৷ আনহাতে তেলেংগানাতো নজৰ দিছে বিজেপি দলে৷ নিৰ্বাচনৰ প্ৰাকক্ষণত ইলেকছন মেনেজমেণ্ট কমিটিৰ চেয়াৰমেনো সলনি কৰিছে বিজেপি দলে৷
উল্লেখ্য যে সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীত মন্ত্ৰীসকলৰ সৈতে বিশেষ বৈঠক অনুষ্ঠিত কৰিছিল৷ সভাৰ পাছতেই ৰাজ্যৰ সভাপতি সলনিৰ সিদ্ধান্ত লৈছে বিজেপিৰ শীৰ্ষমহলে৷ আনহাতে বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জে পি নাড্ডা, সাধাৰণ সম্পাদক বি এল সন্তোষ আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ বৈঠকত মিলিত হৈছিল৷ বৈঠকৰ পাছতেই ৰাজ্যসমূহৰ সভাপতিয়েই সলনি হোৱা নাই বিজেপিৰ জাতীয় কৰ্মকৰ্তা সমিতিতো পৰিবৰ্তন আহিছে৷ বিজেপিৰ কেন্দ্ৰীয় কৰ্মকৰ্তা সমিতিত স্থান লাভ কৰিছে অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কিৰণ কুমাৰ ৰেড্ডীয়ে৷
এই সালসলনিক লৈ ৰাজনৈতিক পৰ্যবেক্ষকসকলৰ মতে বিজেপিয়ে সময় থাকোতেই খেল খেলিব বিচাৰিছে৷ ইফালে বিৰোধীও ঐক্যবদ্ধ হোৱাৰ দিশে আগবাঢ়িছে, সেই বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখিয়েই বিজেপিয়ে ৰাজ্যসমূহত ভেটি সুদৃঢ় কৰাৰ চেষ্টা চলাইছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ