অসম লাইভ২৪ঃ নিৰ্বাচনী প্ৰচাৰত দেৱাল লিখনৰ ঢৌ এতিয়া নাই। কাগজৰ পোষ্টাৰো অতীত। সেই স্থান লৈছে এতিয়া ফ্লেক্স বেনাৰে। ৰাজনৈতিক দলসমূহৰ ভৰসা এতিয়া অনলাইন বিজ্ঞাপনেই। লোকসভা নিৰ্বাচনৰ পূৰ্বে সমস্ত ৰাজনৈতিক দলেই গুগল এড ৰ নামত কোটি কোটি ধন ব্য়য় কৰিছে।
লোকসভা নিৰ্বাচনৰ পূৰ্বে সমস্ত ৰাজনৈতিক দলেই গুগল এডত ধন ব্য়য় কৰিছে। দেখা গৈছে যে কেন্দ্ৰৰ শাসক দল বিজেপিয়ে ১ জানুৱাৰীৰ পৰা গুগলত ৮১, ৮৭৮ টা ৰাজনৈতিক বিজ্ঞাপনৰ বাবে ৩৯ কোটি টকাতকৈয়ো বেছি ধন ব্যয় কৰিছে। গুগলৰ এড ট্ৰান্সপাৰেন্সি চেণ্টাৰৰ ডাটাত এই তথ্য প্ৰকাশ পাইছে। সূত্ৰৰ খবৰ মতে চলিত বছৰত ভাৰতৰ ৰাজনৈতিক দলৰ পৰা গুগল বিজ্ঞাপনৰ নামত সৰ্বাধিক ধন খৰচ কৰিছে বিজেপি দলেই।
বিজেপিয়ে বিজ্ঞাপনৰ বাবে খৰচ কৰা মুঠ ধনৰ ৩২.৮ শতাংশই বিজেপিয়ে গুগলত খৰচ কৰিছে। দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছেও এই সময়ত গুগলত ৭৩৬টা বিজ্ঞাপনত ৯কোটি টকা খৰচ কৰিছে। পলুলাছ এমপাৱাৰমেণ্ট প্ৰাইভেট লিমিটেড, ডিএমকে খৰচ কৰিছে ১০.০২ কোটি। অৱশ্যে ফেব্ৰুৱাৰী আৰু মাৰ্চৰ মাজত গুগল এডছত বিজেপিয়ে সৰ্বাধিক ধন খৰচ কৰিছে। অন্যহাতে কংগ্ৰেছে এপ্ৰিলত বিজ্ঞাপনৰ নামত সৰ্বাধিক ব্যয় কৰিছে। বিজেপিয়ে সকলোতকৈ বেছি অৰ্থ ব্য়য় কৰিছে, উত্তৰপ্ৰদেশ, ওড়িশা, বিহাৰত। ইফালে কংগ্ৰেছে সৰ্বাধিক ব্যয় কৰিছে, মহাৰাষ্ট্ৰ, বিহাৰ আৰু মধ্যপ্ৰদেশত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ