অসম লাইভ ২৪ঃ ক’ভিড-১৯ মহামাৰীৰূপে চিনাক্ত হোৱাৰ পাছৰে পৰা ইয়াৰ সংক্ৰমণ সন্দর্ভত বিভিন্ন গৱেষণাই বিভিন্ন দিশ পোহৰলৈ আনিছে৷ কোন বয়সৰ লোক অধিক আক্ৰান্ত হয়, গৰমত নে জাৰত ইয়াৰ প্ৰকোপ বৃদ্ধি পায় ইত্যাদি বিষয়ক লৈ গৱেষণা হৈছে৷ শেহতীয়া গৱেষণা অনুসৰি তেজৰ গ্ৰুপৰ ওপৰতো ক’ৰোনাৰ প্ৰভাৱ নির্ভৰ কৰে৷ জার্মানী আৰু নৰৱেত চলা অধ্যয়নে পোহৰলৈ আনিছে তেজৰ গ্ৰুপ আৰু ক’ৰোনা সংক্ৰমণৰ নতুন তথ্য৷গৱেষকসকলে ইটালী আৰু স্পেইনৰ ১,৬১০ গৰাকী ক’ৰোনা আক্ৰান্তক লৈ চলোৱা অধ্যয়নত স্পষ্ট হৈছে তেজৰ কি Groupৰ লোক ক’ৰোনাত অধিক আক্ৰান্ত হয় সেই কথা৷গৱেষকসকলে দাবী কৰিছে যে ‘A’ Blood Groupৰ লোক ক’ৰোনাত অধিক আক্ৰান্ত হয়৷ এই Blood Groupৰ লোক ক’ৰোনাত আক্ৰান্ত হ’লে অক্সিজেন প্ৰদান বা ভেণ্টিলটৰতো ৰাখিব লগা হ’ব পাৰে৷ এই গৱেষণাতে পোহৰলৈ আহে যে ‘O’ Blood Groupৰ লোক ক’ৰোনাত আক্ৰান্ত হোৱাৰ শংকা আটাইতকৈ কম৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ