অসম লাইভ২৪ঃ কৰ’না মহামাৰীৰ পিছতেই বলীউডত খহনীয়া। বিগত কিছু বছৰ ধৰি বিগ বাজেটৰ ছবি দৰ্শকে আদৰি লোৱা নাই। বক্স অফিছত কালেকচন বেয়া হোৱাৰ বাবেই বহুতেই এতিয়া অটিটি প্লেটফৰ্মতেই মুক্তি দিছে ছবিসমূহ। কিন্তু অক্ষয় কুমাৰে এইক্ষেত্ৰত আগবাঢ়ি অহা নাছিল। তেওঁ অটিটি প্লেটফৰ্মতকৈ প্ৰেক্ষাগৃহতহে মুক্তি দিয়াৰ পক্ষপাতী আছিল। ব্যৱসায়িক ছবিৰ সংখ্যা যেনেকৈ বাঢ়িছে পাৰিশ্ৰমিকৰ পৰিমানো বাঢ়িছে অভিনেতাসকলৰ।
মায়ানগৰীৰ ছবিৰ ব্যৱসায় বেয়া হোৱাৰ বাবে পাৰিশ্ৰমিক বেছি দিবলৈ আগ্ৰহী নহয় পৰিচালকো। সম্প্ৰতি দেশৰ আগশাৰীৰ এক সংবাদমাধ্যমত অক্ষয় কুমাৰে দিয়া এটা সাক্ষাৎকাৰ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। বলীউড খিলাড়ী অক্ষয়ে সাক্ষাৎকাৰত কৈছে, চিনেমাৰ চোৱাৰ ধৰণ সলনি হৈছে। দৰ্শকে নতুনত্ব বিচৰা হৈছে। প্ৰেক্ষাগৃহত আজিকালি দৰ্শক নাহে। তাৰ বাবে দায়ী আমি নিজেই। পুৰণা কথাবোৰ এৰি নতুনকৈ সকলো পৰিকল্পনা ল’ব লাগিব। প্ৰযোজকৰ পৰা অভিনেতালৈ সকলোৱে এই সালসলনিৰ বিষয়টোক পৰ্যালোচনা কৰাৰ সময় আহিছে। চিনেমা চাই পইছা খৰচ কৰিবলৈ সাধাৰণ জনতাৰ হাতত টকা বিশেষ নাই। প্ৰয়োজন হ’লে আমি আমাৰ পাৰিশ্ৰমিকৰ পৰা ৩০-৪০ শতাংশ পূৰ্বতকৈ কমকৈ ল’ব লাগিব। আমাৰ পাৰিশ্ৰমিকেই নহয়, ছবি নিৰ্মাণৰ খৰছো কমাব লাগিব। এই সকলোবোৰৰ আঁৰত মুল লক্ষ্য হ’ব লাগে দৰ্শকক আকৰ্ষণ কৰা।’
উল্লেখ্য যে, বলীউডত অক্ষয় কুমাৰৰ পাৰিশ্ৰমিক যথেষ্ট বেছি। দেশৰ ধনী অভিনেতাসকলৰ ভিতৰত এজন হৈছে অক্ষয়। চলিত বছৰতো অক্ষয় অভিনিত ৫খনকৈ ছবি মুক্তিলাভ কৰিছে। কিন্তু সূৰ্যবংশীৰ বাদে অন্যান্য ছবি কেইখনে বক্স অফিচত বেছি ব্যৱসায় কৰিব নোৱাৰিলে। এই বিষয়সমূহক লৈ নেট দুনীয়াত বহুতেই অক্ষয় কটাক্ষও কৰিছে। একাংশ নেটিজেনে আকৌ কৈছে, ছবিৰ গুণগত মানদণ্ডক গুৰুত্ব দিয়ক অক্ষয়ে। অৱশ্যে অক্ষয়ে চিনেমাৰ স্বাৰ্থত নিজৰ পাৰিশ্ৰমিক কমাবলৈ মান্তি হোৱা কথাটোক লৈ অক্ষয় অনুৰাগী সুখী হোৱাও পৰিলক্ষিত হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ