এসময়ত ডেলিভাৰী বয়, পাছলৈ বলীউডৰ জনপ্ৰিয় অভিনেতা
চলচ্চিত্ৰ জগতত প্ৰৱেশৰ সপোন প্ৰায় সকলো অভিনেতা-অভিনেত্ৰীয়েই দেখে। অভিনয় কৰি ভালপোৱা বা অভিনয় কৰিব জনা সকলোৱে জীৱনত একো একোগৰাকী সফল অভিনেতা-অভিনেত্ৰী হব বিচাৰে। বহুতে বহু কষ্ট কৰি সেই সফলতা লাভ কৰে। কোনো বিফল হৈ ঘৰলৈ উভতে।
তাৰে মাজৰ এগৰাকী সফল অভিনেতা, যি জীৱনত বহু কষ্ট কৰি আজি এগৰাকী সফল তথা জনপ্ৰিয় অভিনেতা হিচাপে নাম কৰিছে। এই অভিনেতাই কেৰিয়াৰ আৰম্ভ কৰাৰ পূৰ্বে সৰু সুৰা কাম কৰি পেট প্ৰৱৰ্তাইছিল।
এবাৰ এছটিডি বুথত অপাৰেটৰ হিচাপে কাম কৰিছিল। এবাৰ ডেলিভাৰী বয় হিচাপেও কাম কৰিছিল । কিন্তু ভাগ্য সকলোৰে একে নাযায়। এই অবিনেতাগৰাকীৰো ভাগ্য ইমানেই জিলিকি উঠে যে তেওঁ পাছলৈ অভিনেতা হৈ পৰে। আজি তেওঁৰ ভিডিঅ’ আৰু ফটোবোৰে ছ’চিয়েল মিডিয়াত মানুহৰ হৃদয় জয় কৰি আছে।
তেখেতৰ চিনেমাই আজি দৰ্শকৰ হৃদয় জয় কৰিছে। সেই অভিনেতাগৰাকী হৈছে- বৰ্তমানে দ্বিতীয়বাৰৰ বাবে ছবিগৃগত মুক্তি পোৱা ‘সনম তেৰী কচম’ চিনেমাৰ অভিনেতা হৰ্ষবৰ্ধন ৰাণে।
‘সনম তেৰী কছম’ ছবিখনত হৰ্ষবৰ্ধনৰ শক্তিশালী চৰিত্ৰই দৰ্শকৰ পুনৰ এবাৰ হৃদয় জয় কৰিছে। ৯ বছৰৰ পূৰ্বে মুক্তি পাই ফ্লপ হোৱা ছবি পুনৰ এবাৰ মুক্তি পোৱা ছবিখনে বক্স অফিচত ব্লকবাষ্টাৰ হৈ ৪৫ কোটি টকা উপাৰ্জন কৰি ফ্লপ হোৱাৰ কলংক আঁতৰাই পেলাইছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ