মুছলমান হোৱাৰ পিছতো শিৱৰ পৰম ভক্ত এই ষ্টাৰ কিড, দৰ্শন কৰিছে কেইবাটাও জ্যোতিৰ্লিংগ
আজি সমগ্ৰ দেশত শিৱৰাত্ৰি উদযাপন কৰা হৈছে। সকলো ভক্তই মহাদিদেৱ শিৱৰ পূজা-অৰ্চনা কৰিব। বলীউডৰো বহু তাৰকা শিৱৰ ভক্ত। কিন্তু তাৰে মাজতে এগৰাকী ষ্টাৰ কিড, যি মুছলমান হোৱাৰ পাছতো শিৱৰ পৰম ভক্ত।
যি ষ্টাৰ কিড তথা বলীউড সুন্দৰীয়ে দৰ্শ কৰিছে কেইবাটাও জ্যোতিৰ্লিংগ। সৌন্দৰ্য্য, গ্লেমাৰ, জনপ্ৰিয়তা এই সকলোবোৰৰ লগতে শিৱৰ আৰাধনা কৰি গৈছে।
এয়া আন কোনো নহয় ছৈফ আলী খান আৰু অমৃতা সিঙৰ কন্যা ছাৰা আলী খান। অভিনেত্ৰীগৰাকীক প্ৰায়ে ভোলেনাথৰ দৰবাৰত পূজা কৰা দেখা যায়।
সাৰা আলী খানক প্ৰায়ে মহাদেৱৰ প্ৰতি ভক্তিত নিমগ্ন হোৱা দেখা যায়। তেওঁৰ প্ৰথমখন ছবি ‘কেদাৰনাথ’ত শিৱভক্ত হিচাপেও দেখা গৈছিল। যি ছবিৰে জনপ্ৰিয়তাও লাভ কৰিছিল দৰ্শকৰ মাজত।
ছবিখনৰ শ্বুটিঙৰ পাছতো কেদাৰনাথ ধামৰ প্ৰতি আকৰ্ষণ কমা নাই, কেইবাবাৰো কেদাৰনাথলৈ গৈছে ছাৰা। বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে বহুবাৰ কেদাৰনাথলৈ গৈছে অভিনেত্ৰীগৰাকীয়ে।
মহাদেৱৰ ভক্তিত নিমগ্ন ছাৰা আলী খানে উজ্জয়িন মহাকাল, ঘৃষ্ণেশ্বৰ জ্যোতিৰ্লিংগ আৰু শ্ৰীশৈলম জ্যোতিৰ্লিংগও দৰ্শন কৰিছে। এই ভ্ৰমণৰ ফটোও শ্বেয়াৰ কৰিছে ছাৰাই। অভিনেত্ৰীগৰাকীয়ে অমৰনাথ যাত্ৰাও কৰিছে।
ছাৰাই কয় যে তেওঁ ভগৱান শিৱৰ আশ্ৰয়ত শান্তি আৰু শক্তি পায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















