বৰপেটাৰ আলোপতিত চাঞ্চল্যকৰ ঘটনা, শৌচালয়ৰ টেংকিত উদ্ধাৰ…
আজি ১৬ মাৰ্চ তাৰিখে বৰপেটাৰ আলোপতিত চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। শৌচালয়ৰ টেংকিত উদ্ধাৰ হৈছে এটি ৭ বছৰীয়া কনমানি শিশুৰ মৃতদেহ।
বিগত ১৩ মাৰ্চ বুধবাৰৰ পৰা সন্ধানহীন হৈ আছিল শিশুটি। বহু বিচাৰ খোচাৰ কৰিয়ো শিশুটিৰ সন্দৰ্ভত কতো কোনো ধৰণৰ সম্ভেদ লাভ কৰা নাছিল পৰিয়ালে। আজি অৱশেষত শৌচালয়ৰ টেংকিৰ পৰা উদ্ধাৰ হয় শিশুটিৰ মৃতদেহ।
১৩ মাৰ্চৰ আবেলিৰ পৰা নিৰুদ্দেশ হৈ আছিল শিশুটি। আলোপতি গাঁৱৰ মানিক আলীৰ পুত্ৰ আছিল ৭ বছৰীয়া শিশুটি। আজি পুৱা ঘৰৰ সমীপৰে এঘৰৰ শৌচালয়ত মৃত অৱস্থাত উদ্ধাৰ হয়। যি ঘটনাই বৰ্তমানে চাঞ্চল্যৰ সৃষ্টি কৰিছে।
পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি, শিশুটিক কোনো লোকে হত্যা কৰি তেনেদৰে শৌচালয়ৰ টেংকিত ভৰাই থয়। ঘটনাৰ বিষয়ে খবৰ লাভৰ লগে লগে ঘটনাস্থলীত আলোপতিৰ আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ