অসম লাইভ ২৪ঃ অৱশেষত জীৱন যুঁজত হাৰ মানিলে স্বৰ্ণজয়ী বক্সাৰ নাংগাম ডিংকু সিঙে। ২০১৭ চনৰ পৰা যকৃতৰ কেন্সাৰ ৰোগত আক্ৰান্ত হৈ আছিল বক্সাৰগৰাকী। বিগত বৰ্ষত কোভিডত আক্ৰান্ত হৈছিল ডিংকু সিং। ১৯৯৮ চনত বেংককত অনুষ্ঠিত হোৱা এছিয়ান গেমচত স্বৰ্ণপদক অৰ্জন কৰিছিল প্ৰতিভাৱান খেলুৱৈগৰাকীয়ে। ১৯৯৮ চনত অৰ্জুন বঁটা লাভ কৰিছিল ডিংকু সিঙে। ইয়াৰ পাছত ২০১৩ চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত হৈছিল খেলুৱৈগৰাকী। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৪২ বছৰ। তেখেতৰ মৃত্যু ক্ৰীড়া জগতৰ বাবে এক অপূৰণীয় ক্ষতি। খেলুৱৈগৰাকীৰ মৃত্যুত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰিছে। উল্লেখ্য, পদ্মশ্ৰী নাংগাম ডিংকু সিঙৰ জীৱন কাহিনীৰ আধাৰত বলীউডত নিৰ্মাণ হৈ আছে এখন ছবি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ