প্ৰেম মানি নোলোৱাৰ বাবেই বেলতলাত যুৱকে ছুৰীৰে আক্ৰমণ কৰিলে যুৱতীক, হাস্পতালত ভৰ্তি
কালি নিশাৰ মহানগৰীত সংঘটিত হয় এক চাঞ্চল্যৰ ঘটনা। এগৰাকী যুৱকৰ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবেই ক্ৰোধান্বিত হৈ যুৱকে ছুৰীৰে আক্ৰমণ কৰি দিয়ে যুৱতীক। যাৰ ফলত বৰ্তমানে হাস্পতালত ভৰ্তি হৈ আছে যুৱতীগৰাকী।
এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে গুৱাহাটী মহনগৰীৰৰ বেলতলাস্থিত আস্থা এপাৰ্টমেণ্টত। প্ৰেম প্ৰত্যাখ্যানৰ বাবে যুৱতীক ছুৰীৰে হানি-খুঁচি হত্যাৰ চেষ্টা অমিত ভৌমিক নামৰ যুৱকৰ।
অভিযোগ অনুসৰি, প্ৰেমৰ প্ৰস্তাৱ আৰু একেলগে নিশা কটোৱাৰ প্ৰস্তাৱ আগবঢ়াইছিল অতিত ভৌমিকে। সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবেই যুৱতীগৰাকীক হত্যাৰ চেষ্টা চলায় অমিত ভৌমিকে। যুৱতীগৰাকীৰ মাতৃয়ে লগতে ইয়াকো অভিযোগ তোলে যে, যুৱতীগৰাকীৰ ভগ্নীকো ভাবুকি প্ৰদান কৰিছিল অমিত ভৌমিকে।
যুৱতীগৰাকী মহানগৰীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত কৰ্মৰত। একে প্ৰতিষ্ঠানৰে সহকৰ্মী অমিত ভৌমিকে বিভিন্ন সময়ত প্ৰেমৰ প্ৰস্তাৱ দি আহিছিল যুৱতীগৰাকীক। কিন্তু যুৱতীগৰাকীয়ে অমিতৰ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখান কৰিছিল। যাৰ বাবে বিভিন্ন সময়ত অমিতে যুৱতীগৰাকীৰ লগতে যুৱতীগৰাকীৰ মাতৃ আৰু ভগ্নীকো ভাবুকি প্ৰদান কৰিছিল।
এই সমগ্ৰ ঘটনাক লৈ যুৱতীগৰাকীয়ে দুদিন পূৰ্বে দিছপুৰ থানাত এখন এজাহাৰ দাখিল কৰিছিল। কিন্তু আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে। যাৰ ফলত আস্থা এপাৰ্টমেণ্টত থকা তৃতীয় মহলা যুৱতীগৰাকীক হত্যাৰ চেষ্টা চলালে অমিতে। এপাৰ্টমেণ্টটোৰ ছিৰিত যুৱতীগৰাকীক আক্ৰমণ কৰে অমিত ভৌমিকে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ