অসম লাইভ২৪ঃ সামাজিক মাধ্যমত ট্ৰেণ্ড, ‘বয়কট মালদ্বীপ’। অৰ্থাৎ মালদ্বীপলৈ নাযাব। বহুতেই মালদ্বীপ যোৱাৰ টিকট কাটিও ভ্ৰমণৰ সকলো পৰিকল্পনা চূড়ান্ত কৰিও বাতিল কৰিব লগা হৈছে। সম্প্ৰতি লাক্ষাদ্বীপৰ কেইখনমান ছবি পোষ্ট কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আহ্বান জনাইছে, প্ৰত্যেক ভাৰতীয়ই অন্তত এবাৰ লাক্ষাদ্বীপলৈ যাওক। ভাৰত বিৰোধী মন্তব্য কৰাৰ বাবেই এই সিদ্ধান্ত লৈছে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সংশ্লিষ্ট মহলৰ মতে, পৰ্যটকৰ বিপদ হ’ব পাৰে ভাৱিয়েই এই সিদ্ধান্ত লৈছে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
মোদীক কটাক্ষ কৰি বিদ্বেষমূলক পোষ্ট শ্বেয়াৰ কৰিছিল মালদ্বীপৰ নেতা মন্ত্ৰীয়ে। ভাৰতীয়সকলে এই বাৰ্তা দেখাৰ পাছতেই জাঙুৰ খাই উঠিছে। আনকি বহুসংখ্যক বলীউড অভিনেতা যেনে ছলমান খান, শ্বাহৰুখ খানেও সামাজিক মাধ্যমযোগে বয়কট মলদ্বীপ ট্ৰেণ্ডত অংশ লৈছে। ভাৰত-মলদ্বীপৰ সম্পৰ্কৰ অৱনতিত চীনৰেই হাত আছে বুলি একাংশই মন্তব্য কৰিছে।
সমস্যা প্ৰকৃততে ক’ত?
শপত গ্ৰহণৰ পাছতেই ভাৰতীয় সেনা প্ৰত্যাহাৰ কৰিবলৈ কৈছিল মহম্মদ মইজুয়ে। উল্লেখ্য যে ভাৰতীয় সেনাৰ খুব কম সংখ্যক সৈনিকহে মালদ্বীপত আছে। নজৰ দিবৰ বাবে তাত আছে ভাৰতীয় যুদ্ধজাহাজো। ইয়াৰোপৰি মেডিকেল ইমাৰ্জেন্সিত উদ্ধাৰৰ বাবেও আছে ভাৰতীয় সেনা। কিন্তু সকলো ভাৰতীয় সেনাক শেহতীয়াভাৱে মালদ্বীপৰ পৰা আঁতৰাবলৈ কোৱাক লৈয়েই আৰম্ভ হৈছে সকলো কাহিনী।
সেনা আঁতৰোৱাৰ বিষয়টোত লৈ দুই দেশৰ মাজত পোনতে আলোচনা হয়। ডিচেম্বৰ মাহত মালদ্বীপৰ প্ৰেছিডেণ্ট মহম্মদ মুইজুৱে দাবী কৰে যে ভাৰতে সেনা আঁতৰাই আনিবলৈ সন্মতি প্ৰকাশ কৰিছে। দেশৰ ভিতৰত বিদেশী সেনাৰ অৱস্থানক লৈ মালদ্বীপৰ নতুন ৰাষ্ট্ৰপতিতে প্ৰথমৰ পৰাই আপত্তি দৰ্শাই আছিল। ক্ষমতালৈ অহাৰ পূৰ্বৰে পৰাই দেশৰ মাটিত বিদেশী সেনাক উৎখাত কৰিব বুলি নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰতিশ্ৰুতি দিছিল। কিন্তু মুইজুৰ এই দাবী পোনতে সত্য নহয় বুলিয়েই দাবী কৰি আহিছিল দিল্লীয়ে।
প্ৰগ্ৰেছিভ পাৰ্টি অৱ মলদ্বীপ আৰু পিপলছ নেশ্ব্যনেল কংগ্ৰেছৰ জোঁট প্ৰগ্ৰেছিভ এলায়েন্সৰ নেতা মুইজুক চীনপন্থী বুলি বহুতেই পূৰ্বৰে পৰাই দাবী কৰি আছিল। ধাৰণা কৰা অনুসৰি মালদ্বীপৰ বৈদেশিক নীতিৰ দ্ৰুত পৰিবৰ্তনৰ আঁৰতো বহুতেই চীনৰ হাত থকা বুলিয়েই দাবী কৰিছে। কিন্তু মুইজুৱে এই কথা অস্বীকাৰ কৰি কয় যে মালদ্বীপত এতিয়াও চীনা সেনা মোতায়েন কৰাৰ কোনো অভিসন্ধি নাই।
উল্লেখ্য যে, ভাৰতৰ বাবে মালদ্বীপ ভাৰত মহাসাগৰৰ অন্যতম গুৰুত্বপূৰ্ণ সামুদ্ৰিক দ্বীপ। কিন্তু ভাৰত মহাসাগৰত মালদ্বীপত অৱস্থানৰ কাৰণেই চীনে তাত নিজৰ প্রভাৱ বিস্তাৰৰ বাবে বিভিন্ন সময়ত চেষ্টাও চলাই আহিছে। ভাৰত মহাসাগৰত চীনৰ আগ্ৰাসী মনোভাৱৰ অন্য এক উদাহৰণেই হৈছে আন্তৰ্জাতিক ছি লাইনছ অৱ কমিউনিকেশ্ব্যনছৰ উপস্থিতি। মালদ্বীপ চৰকাৰে শেহতীয়াভাৱে ঘোষণা কৰিছে যে, তেওঁলোকৰ মন্ত্ৰীসভাৰ মন্ত্ৰী মাৰিয়ম ছিউনা বা অন্যসকলে মোদীৰ বিৰুদ্ধে যি অৱমাননাসূচক মন্তব্য কৰিছে সেয়া তেওঁলোকৰ একান্তই ব্যক্তিগত মতামত। যিসকলে ইফালে মালদ্বীপ চৰকাৰৰ বিৰুদ্ধে যিসকলে কদৰ্যময় ভাষা প্ৰয়োগ কৰিছে তেওঁলোকৰ বিৰুদ্ধে কাঢ়া পদক্ষেপ লোৱা হ’ব বুলিও হুংকাৰ দাঙি ধৰিছে মালদ্বীপৰ নতুন প্ৰেছিডেণ্ট মুইজুৱে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ