• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰত-মালদ্বীপৰ সম্পৰ্ক শেষ! সমস্যাৰ আৰম্ভণি ক’ত? সামাজিক মাধ্যমত কিয় চলিছে ‘বয়কট মালদ্বীপ ট্ৰেণ্ড?

ভাৰত-মালদ্বীপৰ সম্পৰ্ক শেষ! সমস্যাৰ আৰম্ভণি ক’ত? সামাজিক মাধ্যমত কিয় চলিছে ‘বয়কট মালদ্বীপ ট্ৰেণ্ড?

3 years ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

5 hours ago
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

5 hours ago
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

6 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

6 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

7 hours ago
জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

8 hours ago

কেতিয়াও ফোনৰ বাবে ব্যৱহাৰ নকৰিব নকল চাৰ্জাৰ, এটা ভুলে মাতিব বিপদ!

9 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ৰাজ্যত HIT and RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

9 hours ago
৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

10 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

11 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

12 hours ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভাৰত-মালদ্বীপৰ সম্পৰ্ক শেষ! সমস্যাৰ আৰম্ভণি ক’ত? সামাজিক মাধ্যমত কিয় চলিছে ‘বয়কট মালদ্বীপ ট্ৰেণ্ড?

editor by editor
January 7, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
ভাৰত-মালদ্বীপৰ সম্পৰ্ক শেষ! সমস্যাৰ আৰম্ভণি ক’ত? সামাজিক মাধ্যমত কিয় চলিছে ‘বয়কট মালদ্বীপ ট্ৰেণ্ড?
0
SHARES
2.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সামাজিক মাধ্যমত ট্ৰেণ্ড, ‘বয়কট মালদ্বীপ’। অৰ্থাৎ মালদ্বীপলৈ নাযাব। বহুতেই মালদ্বীপ যোৱাৰ টিকট কাটিও ভ্ৰমণৰ সকলো পৰিকল্পনা চূড়ান্ত কৰিও বাতিল কৰিব লগা হৈছে। সম্প্ৰতি লাক্ষাদ্বীপৰ কেইখনমান ছবি পোষ্ট কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আহ্বান জনাইছে, প্ৰত্যেক ভাৰতীয়ই অন্তত এবাৰ লাক্ষাদ্বীপলৈ যাওক। ভাৰত বিৰোধী মন্তব্য কৰাৰ বাবেই এই সিদ্ধান্ত লৈছে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সংশ্লিষ্ট মহলৰ মতে, পৰ্যটকৰ বিপদ হ’ব পাৰে ভাৱিয়েই এই সিদ্ধান্ত লৈছে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

মোদীক কটাক্ষ কৰি বিদ্বেষমূলক পোষ্ট শ্বেয়াৰ কৰিছিল মালদ্বীপৰ নেতা মন্ত্ৰীয়ে। ভাৰতীয়সকলে এই বাৰ্তা দেখাৰ পাছতেই জাঙুৰ খাই উঠিছে। আনকি বহুসংখ্যক বলীউড অভিনেতা যেনে ছলমান খান, শ্বাহৰুখ খানেও সামাজিক মাধ্যমযোগে বয়কট মলদ্বীপ ট্ৰেণ্ডত অংশ লৈছে। ভাৰত-মলদ্বীপৰ সম্পৰ্কৰ অৱনতিত চীনৰেই হাত আছে বুলি একাংশই মন্তব্য কৰিছে।

সমস্যা প্ৰকৃততে ক’ত?
শপত গ্ৰহণৰ পাছতেই ভাৰতীয় সেনা প্ৰত্যাহাৰ কৰিবলৈ কৈছিল মহম্মদ মইজুয়ে। উল্লেখ্য যে ভাৰতীয় সেনাৰ খুব কম সংখ্যক সৈনিকহে মালদ্বীপত আছে। নজৰ দিবৰ বাবে তাত আছে ভাৰতীয় যুদ্ধজাহাজো। ইয়াৰোপৰি মেডিকেল ইমাৰ্জেন্সিত উদ্ধাৰৰ বাবেও আছে ভাৰতীয় সেনা। কিন্তু সকলো ভাৰতীয় সেনাক শেহতীয়াভাৱে মালদ্বীপৰ পৰা আঁতৰাবলৈ কোৱাক লৈয়েই আৰম্ভ হৈছে সকলো কাহিনী।

সেনা আঁতৰোৱাৰ বিষয়টোত লৈ দুই দেশৰ মাজত পোনতে আলোচনা হয়। ডিচেম্বৰ মাহত মালদ্বীপৰ প্ৰেছিডেণ্ট মহম্মদ মুইজুৱে দাবী কৰে যে ভাৰতে সেনা আঁতৰাই আনিবলৈ সন্মতি প্ৰকাশ কৰিছে। দেশৰ ভিতৰত বিদেশী সেনাৰ অৱস্থানক লৈ মালদ্বীপৰ নতুন ৰাষ্ট্ৰপতিতে প্ৰথমৰ পৰাই আপত্তি দৰ্শাই আছিল। ক্ষমতালৈ অহাৰ পূৰ্বৰে পৰাই দেশৰ মাটিত বিদেশী সেনাক উৎখাত কৰিব বুলি নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰতিশ্ৰুতি দিছিল। কিন্তু মুইজুৰ এই দাবী পোনতে সত্য নহয় বুলিয়েই দাবী কৰি আহিছিল দিল্লীয়ে।

প্ৰগ্ৰেছিভ পাৰ্টি অৱ মলদ্বীপ আৰু পিপলছ নেশ্ব্যনেল কংগ্ৰেছৰ জোঁট প্ৰগ্ৰেছিভ এলায়েন্সৰ নেতা মুইজুক চীনপন্থী বুলি বহুতেই পূৰ্বৰে পৰাই দাবী কৰি আছিল। ধাৰণা কৰা অনুসৰি মালদ্বীপৰ বৈদেশিক নীতিৰ দ্ৰুত পৰিবৰ্তনৰ আঁৰতো বহুতেই চীনৰ হাত থকা বুলিয়েই দাবী কৰিছে। কিন্তু মুইজুৱে এই কথা অস্বীকাৰ কৰি কয় যে মালদ্বীপত এতিয়াও চীনা সেনা মোতায়েন কৰাৰ কোনো অভিসন্ধি নাই।

উল্লেখ্য যে, ভাৰতৰ বাবে মালদ্বীপ ভাৰত মহাসাগৰৰ অন্যতম গুৰুত্বপূৰ্ণ সামুদ্ৰিক দ্বীপ। কিন্তু ভাৰত মহাসাগৰত মালদ্বীপত অৱস্থানৰ কাৰণেই চীনে তাত নিজৰ প্রভাৱ বিস্তাৰৰ বাবে বিভিন্ন সময়ত চেষ্টাও চলাই আহিছে। ভাৰত মহাসাগৰত চীনৰ আগ্ৰাসী মনোভাৱৰ অন্য এক উদাহৰণেই হৈছে আন্তৰ্জাতিক ছি লাইনছ অৱ কমিউনিকেশ্ব্যনছৰ উপস্থিতি। মালদ্বীপ চৰকাৰে শেহতীয়াভাৱে ঘোষণা কৰিছে যে, তেওঁলোকৰ মন্ত্ৰীসভাৰ মন্ত্ৰী মাৰিয়ম ছিউনা বা অন্যসকলে মোদীৰ বিৰুদ্ধে যি অৱমাননাসূচক মন্তব্য কৰিছে সেয়া তেওঁলোকৰ একান্তই ব্যক্তিগত মতামত। যিসকলে ইফালে মালদ্বীপ চৰকাৰৰ বিৰুদ্ধে যিসকলে কদৰ্যময় ভাষা প্ৰয়োগ কৰিছে তেওঁলোকৰ বিৰুদ্ধে কাঢ়া পদক্ষেপ লোৱা হ’ব বুলিও হুংকাৰ দাঙি ধৰিছে মালদ্বীপৰ নতুন প্ৰেছিডেণ্ট মুইজুৱে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24best news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!
জীৱনশৈলী

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

October 7, 2026
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ
অসম

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

October 7, 2026
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ
অসম

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

October 7, 2026
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ
জীৱনশৈলী

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

October 7, 2026
Next Post
প্রধানমন্ত্ৰী মোদীক অপমানজনক মন্তব্য কৰা মালদ্বীপৰ এই তিনি নেতাৰ হিষ্ট্ৰী জানেনে?

প্রধানমন্ত্ৰী মোদীক অপমানজনক মন্তব্য কৰা মালদ্বীপৰ এই তিনি নেতাৰ হিষ্ট্ৰী জানেনে?

টাটা আহিছে যেতিয়া বাকীবোৰ আউট! গুগল পে, ফোনপেক টক্কৰ দিবলৈ আহিছে Tata Pay

টাটা আহিছে যেতিয়া বাকীবোৰ আউট! গুগল পে, ফোনপেক টক্কৰ দিবলৈ আহিছে Tata Pay

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.