অসম লাইভ২৪ঃ মধ্যপ্ৰদেশৰ এগৰাকী তৰুণীক অমানৱীয়ভাৱে ৰাস্তাতে ধৰি চুচৰাই মাৰধৰ কৰা এটা ভিডিঅ’ সামাজিক মাধ্যমত দেওবাৰৰ পৰাই ভাইৰেল হৈ আছে। ভাইৰেল ভিডিঅ’ত যুৱতীগৰাকীক এজন যুৱকে ৰাস্তাতেই ধৰি চুচৰাই মাৰধৰ কৰিছে। চুলিত ধৰি চুচুৰাই ডিঙি-মুখত গুৰিয়াই মাৰধৰ কৰাৰ লগে লগেই থিতাতে হিতাহিত জ্ঞান হেৰুৱাই পেলাইছে তৰুণীগৰাকীয়ে। হিতাহিত জ্ঞান হেৰুৱাই সেই স্থানতেই পৰি থকা যুৱতীগৰাকীক এৰি গুচি গৈছিল যুৱকজন। অচেতন হৈ পৰি থকা যুৱতীগৰাকীক উদ্ধাৰ কৰে স্থানীয় লোকে। সামাজিক মাধ্যমত ভিডিঅ’টো ভাইৰেল হোৱা মাত্ৰকেই সচেতন মহলে যুৱকক গ্ৰেপ্তাৰৰ দাবী তুলিছিল টুইটাৰত।
অৱশেষত আৰক্ষীয়ে সেই ভিডিঅ’ৰ ভিত্তিতেই আটক কৰিছে যুৱকক। যুৱকক আটকৰ পাছতেই মধ্যপ্ৰদেশৰ আৰক্ষীয়ে জনোৱা অনুসৰি ঘটনাটো মধ্যপ্ৰদেশৰ মৌগঞ্জৰ। মূল অভিযুক্তৰ নাম পংকজ ত্ৰিপাঠী। নিৰ্যাতিতা ১৯ বছৰীয়া তৰুণীৰ পৰিচয় বৰ্তমানো আৰক্ষীয়ে প্ৰকাশ কৰা নাই। আৰক্ষীৰ মতে ঘটনাটো প্ৰেমজনিতই। তৰুণীগৰাকীয়ে বিবাহৰ বাবে মান্তি নোহোৱাৰ বাবেই এইদৰে অমানৱীয়ভাৱে ধৃত পংকজে মাৰধৰ কৰিছিল সেই তৰুণীক।
উল্লেখ্য যে ঘটনাটোক লৈ মধ্যপ্ৰদেশৰ ৰেওৱাৰৰ এছপি অনিল ছোনাকৰে প্ৰকাশ কৰা অনুসৰি অভিযুক্ত পংকজ মধ্যপ্ৰদেশৰ ধেৰা গাঁৱৰ বাসিন্দা আৰু তৰুণীগৰাকী সম্বৱত একেখন গাঁৱৰেই। বৰ্তমান হাস্পতালত সংকটজনক অৱস্থাত আছে তৰুণীগৰাকী। এই ঘটনাৰ তীব্ৰ গৰিহনা দিছে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ চৌহানেও। মূল অভিযুক্তৰ বাসভৱনৰ ওপৰত বুলডোজাৰ চলোৱা বুলি মুখ্যমন্ত্ৰী শিৱৰাজ চৌহানে নিজৰ টুইটাৰ হেণ্ডেলত দিয়াও পৰিলক্ষিত হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ