নিঃশব্দে বিপদ মাতি আনে উচ্চ ৰক্তচাপে৷ দেখাত সুস্থ যেন লগা মানুহো হঠাৎ ৰক্তচাপত আক্ৰান্ত হৈ জীৱন শেষ হৈ পৰে৷ সুস্থ মানুহৰ হঠাৎ ৰক্তচাপ বাঢ়ি যোৱাৰ কাৰণে চেৰিব্ৰেইল ষ্ট্ৰোকত আক্ৰান্ত হব পাৰে৷ বহু সময়ত হাৰ্ট এটেকৰ নেপথ্যত থাকে হঠাৎ বাঢ়ি যোৱা ৰক্তচাপ৷ সেয়ে সময় থাকোতেই ৰক্তচাপ নিয়ন্ত্ৰণত ৰখা দৰকাৰ৷ কাৰণ হঠাৎ ৰক্তচাপ বাঢ়ি গলে বিপদ হবলৈ বেছি সময় নালাগে৷
প্ৰকৃততে ষ্ট্ৰোক এক হঠাৎ ঘটি যোৱা মাৰাত্মক শাৰীৰিক অৱস্থা৷ যত মস্তিষ্কত ৰক্তপ্ৰবাহ বন্ধ হৈ যায় বা ৰক্তক্ষৰণ ঘটে৷ সাধাৰণতে আমি ষ্ট্ৰোকৰ লক্ষণ হিচাপে মুখ বেকা হোৱা, হাত ভৰি অৱশ হোৱা বা কথা লাগি ধৰাৰ দৰে বিষয় জানো৷ কিন্তু চিকিৎসকে কৈছে যে বহু সময়ৰ পূৰ্বেই শৰীৰে কিছু অস্বাভাৱিক সতৰ্কবাৰ্তা পঠিয়াই৷ যি অধিকাংশ মানুহে উপেক্ষা কৰি থাকে৷ এই সতৰ্কবাৰ্তা যদি সময়মতে চিনাক্ত কৰা হয় তেতিয়া পূৰ্বেই ষ্ট্ৰোকৰ আশংকা কমাব পাৰি৷
হঠাৎ অস্বাভাৱিক মূৰৰ বিষ
যদি হঠাৎ এনে ধৰণৰ মূৰৰ বিষ আৰম্ভ হয় আৰু পূৰ্বে কাহানিও এনে মূৰৰ বিষ আপুনি অনুভৱ কৰা নাই তেন্তে ইয়াক উপেক্ষা নকৰিব৷ মস্তিষ্কত তেজ জমা বা ৰক্তক্ষৰণ আৰম্ভ হলে এনে ধৰণৰ মূৰৰ বিষ হব পাৰে৷ বহু সময়ত ইয়াৰ সৈতে বমি ভাৱ, মূৰ ঘুৰোৱা বা দৃষ্টিৰ সমস্যাই দেখা দিয়ে৷ এইসমূহ লক্ষণ দেখিলে অবিলম্বে চিকিৎসা কৰা জৰুৰী৷
অকাৰণতে দীৰ্ঘস্থায়ী হাঁচি অহা
হাঁচি সাধাৰণতে বহুতৰে আহে৷ এয়া স্বাভাৱিক বুলিয়েই বহুতে গুৰুত্ব নিদিয়ে৷ বিশেষকৈ মহিলাসকলৰ ক্ষেত্ৰত দীৰ্ঘস্থায়ী আৰু অকাৰণ হাঁচি অহাটো ষ্ট্ৰোকৰ পূৰ্ব লক্ষণ হব পাৰে৷ মস্তিষ্কৰ মেডুলা অংশ যিয়ে শ্বাসপ্ৰশ্বাস আৰু গিলন নিয়ন্ত্ৰণ কৰে তাত কোনো সমস্যাই দেখা দিলে হাঁচি বাৰে বাৰে আহে৷
অস্বাভাৱিক বুকুৰ বিষ
বহু সময়ত ধাৰণা কৰা হয় যে বুকুৰ বিষ মানেই হাৰ্ট এটেক৷ কিন্তু সকলো সময়তে এনে নহয়৷ ষ্ট্ৰোকৰ পূৰ্বে মস্তিষ্কত ৰক্তপ্ৰবাহ কমি গলে এনজাইনাৰ দৰে বুকুত চাপ বা বিষ অনুভূত হয়৷ এই ধৰণৰ বিষক অৱহেলা কৰিলে বিপদ আৰু বাঢ়ি যাব পাৰে৷
মানসিক চাপ বা বমি বমি ভাৱ
অতিৰিক্ত ষ্ট্ৰেছৰ সময়ত শৰীৰত হৰমনৰ পৰিবৰ্তন ঘটে যিয়ে ৰক্তনলী সংকুচিত কৰে আৰু তেজ গোট মাৰিবলৈ আৰম্ভ কৰে৷ ইয়াৰ ফলত হঠাৎ বমি বা বমি বমি ভাৱ আহে৷ যদি ইয়াৰ সৈতে মূৰ ঘূৰোৱা বা অজ্ঞান হোৱাৰ দৰে লক্ষণ থাকে তেন্তে এয়া ষ্ট্ৰোকৰ সংকেত হব পাৰে৷
এই ধৰণৰ অস্বাভাৱিক লক্ষণে দেখা দিলে অৱহেলা নকৰি অবিলম্বে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত৷ দ্ৰুত সঠিক চিকিৎসা আৰম্ভ হলেই ষ্ট্ৰোকৰ দৰে জীৱনঘাতী অৱস্থা প্ৰতিৰোধ কৰা সম্ভৱ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















