অসম লাইভ ২৪ঃ নীতি উলংঘন কৰাৰ বাবে পুনৰ জৰিমনা ভৰিব লগা হ’ল এখন দেশৰ ৰাষ্ট্ৰপতিয়ে। ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জেইৰ বলছোনাৰোকে কোভিড বিধি উলংঘন কৰাৰ বাবে ভৰিলে ৭,৩২৩ টকা। ব্ৰাজিলৰ চাওপালো ৰাজ্যত শনিবাৰে কোভিড বিধি উলংঘা কৰি মটৰ চাইকেল ৰেলী উলিয়াইছিল ৰাষ্ট্ৰপতিগৰাকীয়ে। ‘এক্সিলাৰেট ফৰ খ্ৰাইচ’ শীৰ্ষক এই মটৰ চাইকেল ৰেলীত ৰাষ্ট্ৰপতিগৰাকীয়ে মাস্ক পৰিধান কৰা নাছিল। আনকি ৰেলীত ভাগ লোৱা অন্যান্য লোককো মাস্ক পৰিধান কৰাত বাধা আৰোপ কৰিছিল। ৰেলী উলিওৱাৰ পূৰ্বেই ক’ৰোনাৰ নীতি ভংগ কৰা সকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি বাৰে বাৰে সকীয়াই দিয়াৰ পাছতো ৰাষ্ট্ৰপতিগৰাকীয়ে কৰিলে এই নীতি উলংঘন। যাৰ বাবে ৰাষ্ট্ৰপতিগৰাকীৰ লগতে সমৰ্থকসকলেও ভৰিব লগা হ’ল জৰিমনা। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে যোৱা মে’ মাহতো জৰিমনা ভৰিছিল ৰাষ্ট্ৰপতিগৰাকীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ