অসম লাইভ২৪ঃ সামাজিক মাধ্যমেই তেওঁক তাৰকা বনাইছে। সামাজিক মাধ্যম অতিৰিক্ত ব্যৱহাৰ কৰিয়েই তাৰকাগৰাকী এতিয়া শাৰীৰিক আৰু মানসিকভাৱে অসুস্থ হৈ পৰিছে। ফেনেলা ফক্স নামৰ ব্ৰিটিছ মডেলগৰাকীৰ ইনষ্টাগ্ৰাম আৰু ফেছবুকত আছে প্ৰাপ্তবয়স্কৰ বাবে বিশেষ কন্টেন্ট। সেই ছাইটটোৰ পৰাই মডেল ফেনেলাই মাহিলী আয় কৰে প্ৰায় ১০ লাখ পাউণ্ড। ভাৰতীয় মুদ্ৰাত সেয়া ৯ কোটি টকাৰো অধিক ধন। ধন ঘটিবৰ বাবে ঘণ্টাৰ পাছত ঘম্টা ধৰি সামাজিক মাধ্যম ব্যৱহাৰ কৰে মডেলগৰাকীয়ে। এইদৰে সামাজিক মাধ্যম ব্যৱহাৰ কৰিয়েই বিড়ম্বনাৰ সন্মুখীন হৈছে মডেল ফেনেলা।
ফেনেলাই প্ৰকাশ কৰা অনুযায়ী এদিনত প্ৰায় ১৪ ঘণ্টা ধৰি ফোন ব্যৱহাৰ কৰে ফেনেলাই। যাৰ বাবে শাৰীৰিক অসুস্থতাই দেখা দিছে। কৰ্মৰ বাবেই কিছুদিন পূৰ্বে পৰ্তুগাললৈ গৈছিল ফেনেলা। তাতেই হঠাতে অসুস্থ হৈ পৰা ফেনেলাক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। চিকিৎসকে ফেনেলাৰ স্নায়ুৰ সমস্যা হোৱা বুলি প্ৰকাশ কৰিছে। ফেনেলাই এতিয়া থিয় হ’বও নোৱাৰে কিয়নো শোৱাৰ পৰা উঠিলেই মূৰ ঘূৰাই ফেনেলাৰ। ভৰিৰ কঁপনিৰ বাবে খোজো কাঢ়িব নোৱাৰে মডেলগৰাকীয়ে। হুইলচেয়াৰত বহুৱাই ব্ৰিটেইনলৈ লৈ অহা হৈছে অভিনেত্ৰীগৰাকীক।
ইপিনে ফেনেলাই সামাজিক মাধ্যমযোগে এটা পষ্ট শ্বেয়াৰ কৰিছে। ফেনেলাই পষ্টত লিখিছে যে তেওঁৰ পূৰ্বৰে পৰাই হৃদৰোগ আছে। শৰীৰৰ এইসমূহ সমস্যাক লৈ উদ্বিগ্নতা বাঢ়ি যোৱাৰ বাবে এতিয়া এই সমস্যাও বাঢ়ি গৈছে। মৃত্যুভয়েও কোঙা কৰি আনিছে মনটোক। আনহাতে চিকিৎসকেও এই ৰোগটোৰ নাম দিছে, ‘ছাইবাৰ মোছন ছিকনেছ’। এই কঠিন সময়ত ফেনেলাৰ কাষত তেওঁৰ পৰিয়ালবৰ্গ আছে। গা-ধোৱাৰ পৰা খোৱাই দিয়ালৈকে কোনো কামেই নিজে কৰিব নোৱাৰে ফেনেলাই। বৰ্তমান ফোনৰ ব্যৱাৰ কমাই আনিছে ফেনেলাই। দহ ঘণ্টাতকৈ অধিক সময় ফোন ব্যৱহাৰত বাধা দিছে চিকিৎসকেও। নিজে এই ৰোগত আক্ৰান্ত হোৱাৰ পাছতেই সকলোকে সচেতন কৰাবৰ বাবে এই ৰোগৰ কথা প্ৰচাৰত গুৰুত্ব দিছে মডেল ফেলেনাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















