এয়াৰটেল, জিঅ’, ভোডাফোন আই ডিয়াক টক্কৰ দিবলৈ এইবাৰ বিএছএনএল য়ে লৈছে বৃহৎ পদক্ষেপ৷ টেলিকম বজাৰত নতুন অফাৰৰ ঘোষণা কৰিছে এই সংস্থাই৷ সেই অফাৰৰ অধীনত বিনামূলীয়াকৈ ঘৰে ঘৰে ৱাইফাই বহুৱাব বিএছএনএলে৷ চৰকাৰৰ অধীনস্থ ভাৰত সঞ্চাৰ নিগম লিমিটেডৰ এই অফাৰে বহু মানুহকেই উপকৃত কৰিব৷
অফাৰৰ ম্যাদ কিমান দিন?
ব্ৰডবেণ্ড পৰিসেৱাৰ ভাল সুযোগ প্ৰদান কৰিবলৈ আগবাঢ়িছে বিএছএনএল৷ কাৰণ আপুনি ৱাইফাইৰ বাবে কোনো ইনষ্টলেছন চাৰ্জ দিব নালাগে৷ সম্পূৰ্ণ বিনামূলীয়াকৈ ঘৰত এই ছেটআপ বহুওৱাব বিএছএনএলে৷ এই অফাৰটো বিগত বৰ্ষতেই ঘোষণা কৰিছিল সংস্থাটোৱে৷ এই অফাৰৰ ম্যাদ ৩১ মাৰ্চত শেষ হৈছে যদিও পুনৰ এবছৰৰ বাবে এই ম্যাদ বঢ়াই দিছে বিএছএনএলে৷ এই পৰিসেৱা নতুন গ্ৰাহকে লাভ কৰিব৷
বৰ্তমান ইণ্টাৰনেটৰ সকলোৰে দৰকাৰ৷ স্মাৰ্টফোন, লেপটপসহ একাধিক ডিভাইছ চলিব এই ইণ্টাৰনেটৰ জৰিয়তে৷ ছেলুলাৰ নেটৱৰ্কৰ ওপৰিও ব্ৰডবেণ্ড পৰিসেৱাও দিব বিএছএনএলে৷ যাৰ ঘৰত নতুনকৈ ৱাইফাই বহুওৱাব তেওঁলোকে বিএছএনএলৰ সৈতে যোগাযোগ কৰি এই সুবিধা গ্ৰহণ কৰিব পাৰে৷
BSNLৰ ব্ৰডবেণ্ডৰ বাবে কেনেকৈ আৱেদন কৰিব?
বৰ্তমান ভাৰত ফাইবাৰ আৰু এয়াৰ ফাইবাৰ ব্ৰডবেণ্ড পৰিসেৱা দি আছে বিএছএনএলে৷ এই দুটা প্লেনতেই ফ্ৰি ইনষ্টলেছন সেৱা লাভ কৰিব৷ আপুনি যদি অনলাইনত আৱেদন কৰিব বিচাৰে তেন্তে বিএছএনএল কোম্পানীৰ অফিছিয়েল ৱেবচাইটত ভিজিট কৰিব লাগিব৷ তাত গৈ নতুন সংযোগৰ বাবে আপুনি আৱেদন কৰিব লাগিব৷ ঠিকনা আৰু অন্যান্য তথ্য দি আৱেদন কৰিব লাগিব৷ বিএছএনএলৰ ভাৰত ফাইবাৰ আৰু এয়াৰ ফাইবাৰৰ অধীনত একাধিক প্লেন আছে৷ প্ৰয়োজন অনুসৰি নিৰ্দিষ্ট প্লেন বাচনি কৰি আৱেদন কৰিব পাৰে৷ বিএছএনএলৰ এই সিদ্ধান্তই প্ৰভাৱিত কৰিছে এইবাৰ জিঅ’ আৰু এয়াৰটেলকো৷
বেকফুটত জিঅ’ আৰু এয়াৰটেল
দেশৰ দুই বৃহত্তম সংস্থা জিঅ’ আৰু এয়াৰটেলেও ব্ৰডবেণ্ড পৰিসেৱা যোগান ধৰি আহিছে৷ ৱাইফাই বহুওৱাবৰ বাবে এক নিৰ্দিষ্ট টকা ইনষ্টলেছন চাৰ্জ হিচাপে দিব লাগে দুই সংস্থাক৷ কিন্তু বিএছএনএলে এই প্লেন বিনামূলীয়াকৈ প্ৰদান কৰিব৷ ফলত নতুনকৈ ৱাইফাই ব্যৱহাৰকাৰীসকলে জিঅ’ আৰু এয়াৰটেলৰ সলনি বিএছএনএল ল’বলৈকে আগবাঢ়িছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ