অসম লাইভ২৪ঃ ভাৰতৰ টেলিকম বজাৰত চীনৰ প্ৰৱেশ নিষিদ্ধ বুলি কেন্দ্ৰই বাৰে বাৰে প্ৰকাশ কৰি আহিছে। ভাৰতৰ টেলিকম বজাৰত চীনে প্ৰৱেশ কৰাটো নিবিচাৰে বাবেই ৫জি সেৱা আৰম্ভ কৰাৰ ক্ষেত্ৰত ভাৰতে চীনা সংস্থাৰ সহায়ো গ্ৰহণ কৰা নাই।
কিন্তু কেন্দ্ৰই ভাষ্য যিয়েই নিদিয়ক কিয় 4G বাস্তৱায়নৰ বাবে চীনা সংস্থাৰ সৈতে হাত মিলাইছে এইবাৰ ৰাষ্ট্ৰীয় টেলিকম সংস্থা ভাৰত সঞ্চাৰ নিগম লিমিটেডে। ইকনমিক টাইমছৰ ৰিপৰ্ট অনুসৰি চীনৰ দুটা সংস্থাৰ সৈতে হাত মিলাইছে বিএছএনএলে।
BSNL, 4G নেটৱৰ্ক
এই দুটা সংস্থাৰ ভিতৰত এটা হৈছে জনপ্ৰিয় স্মাৰ্টফোন প্ৰস্তুতকাৰী ফিনলেণ্ডৰ নকিয়া আৰু আনটো চীনৰ সংস্থা ZTE। দুই মোবাইল ব্ৰেণ্ডৰ সহায়ত 4G নেটবৰ্ক বহুওৱাৰ কাম আৰম্ভ কৰিব বুলিও জনাইছে BSNLয়ে। সংস্থাৰ খবৰ অনুসৰি প্ৰথমে 2G আৰু 3G নেটৱৰ্ক আৰম্ভ কৰা হ’ব। এই অংশীদাৰিত্ব আগুৱাই নিব বুলি আশাবাদী BSNL। 4G ৰোল আউটৰ ক্ষেত্ৰত দুই সংস্থাৰ সহায় ল’ব ৰাষ্ট্ৰায়ত্ত টেলিকম অপাৰেটৰে।
নেটৱৰ্ক ট্ৰেফিক বঢ়োৱাৰ বাবে আই পি মাল্টিমিডিয়া ছাব-চিষ্টেম কেপাচিটিও সম্প্ৰসাৰণ কৰিবলৈ আৰম্ভ কৰিছে BSNLয়ে। ভাৰতৰ উত্তৰ আৰু পশ্চিম জ’নসমূহত নিৰ্দিষ্ট কেইটামান নেটৱৰ্কৰ পৰীক্ষণো আৰম্ভ কৰিছে BSNLয়ে।
5G নেটৱর্ক
ভাৰতজুৰি বহুদিন পূৰ্বেই 5G যুগ আৰম্ভ হৈছে। কিন্তু এই পৰিকল্পনাত কোনো চীনা সংস্থাৰ সৈতে অংশীদাৰিত্ব কৰা নাই চৰকাৰে। ইতিমধ্য়েই দেশৰ একাধিক ৰাজ্যত সফলভাৱে 5G নেটৱৰ্ক বহুৱাইছে জিঅ’ আৰু এয়াৰটেলে। আমেৰিকান আৰু ব্ৰিটিছ সংস্থাৰ সহায়ত এই প্ৰকল্পক বাস্তৱ ৰূপ দিছে চৰকাৰে। কিন্তু এই দৌৰত বিএছএনএল কেতিয়া নামিব সেই কথা এতিয়াও স্পষ্ট নহয়।
ট্ৰায়েল সফল হৈছে
বিএছএনএলৰ যি মূল 4G নেটৱৰ্ক সেয়া যোগানত জড়িত হৈ আছে ভাৰতীয় সংস্থাই। এই ডেভেলপমেণ্টত আছে চেণ্টাৰ ফৰ ডেভেলপমেণ্ট এণ্ড টেলিমেটিক্স। ৰেডিঅ’ ইকুইপমেণ্ট সৰবৰাহ কৰিছে টাটা গ্ৰুপৰ মালিকাধীন তেজাছ গ্ৰুপে। সহায় কৰিছে টাটা কনছাল্টেন্সি ছাৰ্ভিছেছে।
ইতিমধ্য়ে দেশীয় 4Gৰ সফল ট্ৰায়েলো কৰিছে টেলিকম সংস্থাটোৱে। চণ্ডীগড় আৰু আম্বালাত বিএছএনএলৰ নেটৱৰ্ক পৰীক্ষা কৰা হৈছে। আগন্তুক মেৰ পৰা জুন ২০২৪ৰ মাজত ৪জি নেটৱৰ্ক যোগান ধৰাত সফল হ’ব বিএছএনএল বুলিও জনাইছে সংস্থাটোৱে।
উল্লেখ্য যে বিএছএনএলৰ 4G আৰু 5Gৰ অপেক্ষাত আছে বহু মানুহ। এই দৌৰত ইতিমধ্য়েই সফল এয়াৰটেল আৰু জিঅ’। কিন্তু বিএছএনএলে এতিয়ালৈকে গ্ৰাহকক এই পৰিসেৱা যোগান ধৰিব পৰা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ