অসম লাইভ২৪ঃ জীৱনত উত্থান-পতন থাকেই। জীৱনলৈ কেতিয়াবা ভাল সময় আহে, কেতিয়াবা বেয়া সময় আহে। আমাৰ প্ৰত্য়েকৰে জীৱনত কেতিয়াবা কেতিয়াবা বেয়া সময় আহে। কিছুমান মানুহে অলপমান বেয়া সময় আহিলেই ভাঙি পৰে। বিপদৰ পৰা নিজৰে উদ্ধাৰ কৰিবৰ বাবে ৰাস্তা বিচাৰি হাবাথুৰি খাই ।
অন্ধকাৰ সময়ত পোহৰৰ পথৰ সন্ধান বিচৰা অসম্ভৱ হৈ পৰে বহুতৰে বাবে। কিন্তু এনে কিছু লোক আছে যিসকলে বিপদৰ সৈতে মোকাবিলা কৰিব পাৰে। কোন কোন ৰাশিৰ জাতক বিপদৰ সন্মুখীন হ’লে নিজকে সম্ভালি ল’ব পাৰে?
কর্কট ৰাশি
কৰ্কট ৰাশিৰ জাতক আত্মবিশ্বাসী। সৰুৰে পৰা চেলেঞ্জৰ মুখামুখি হ’বলৈ ভয় নকৰে এই ৰাশিৰ জাতকে। কৰ্কট ৰাশিৰ জাতকৰ মনত সাহস আৰু এনাৰ্জী অফুৰন্ত। এওঁলোকে সকলো কামৰ মুখামুখি হ’বলৈ সাহস কৰে। নিজৰ বেয়া সময়তো মন প্ৰাণ দি বেয়া সময়ৰ পৰা উদ্ধাৰ হোৱাৰ পথ বিচাৰে।
মকর ৰাশি
মকৰ ৰাশিৰ জাতক অত্যন্ত উচ্চাকাংক্ষী আৰু পৰিশ্ৰমী। সাফল্য়ৰ নিৰন্তৰ দৌৰত চামিল হৈ থাকে এইসকল ব্যক্তি। এওঁলোকৰ সন্মুখত লক্ষ্য স্থিৰ থাকে। যি কোনো উপায়েৰে লক্ষ্য অৰ্জন কৰে। মকৰ ৰাশিৰ জাতক বিপদৰ মুখত পৰিলেও সাহস নেহেৰুৱাই। মূৰ ঠাণ্ডা ৰখাত তেওঁলোক পাকৈত। যিয়েই বাধা বিপত্তি নাহক কিয় মোকাবিলা কৰিব পাৰে।
মেষ ৰাশি
মেষ ৰাশিৰ জাতক যেনেকৈ আত্মবিশ্বাসী তেনেকৈ এনাৰ্জীৰেও ভৰপুৰ। এওঁলোকে নিজৰ সিদ্ধান্তত অটল। লক্ষ্য পূৰণৰ পথত বাধা আহিলেও তেওঁলোকে মোকাবিলা কৰিব পাৰে। বিপদৰ সময়ত মূৰ শান্ত কৰি বাহিৰলৈ ওলোৱাৰ উপায় বিচাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ