বড়োলেণ্ড নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে বিপিএফে৷
নিৰ্বাচনী প্ৰচাৰত হাগ্ৰামা মহিলাৰীয়ে প্ৰতিশ্ৰুতি দিছিল,
‘বিটিচিত কোনোধৰণৰ বিচ্ছেদ নচলিব৷’
‘চৰকাৰী মাটিত থকাসকলকো দিয়া হ’ব মাটিৰ পট্টা৷’
বিটিচিৰ বাহিৰত হোৱাধৰণৰ উচ্ছেদ বিটিচিত হ’বলৈ নিদিয়ে বুলি স্পষ্ট কৰি দিলে হাগ্ৰামা মহিলাৰীয়ে৷
বিটিচি চুক্তিত উল্লেখ আছে যে ২০০৩ চনৰ আগত বা ২০০৩ চনলৈকে যিসকলে বিটিচিলৈ আহিছে তেওঁলোকক দিয়া হ’ব ভূমিপট্টা৷
বিটিচিত বড়োৱেই নহয় সকলো জনগোষ্ঠীয় লোকেই পাব ভূমিপট্টা৷
মুছলমান লোকসকলেও পাব ভূমিপট্টা৷
উচ্ছেদৰ বিৰোধীতাৰে নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়তে এই মন্তব্য কৰিছিল হাগ্ৰামা মহিলাৰীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















